ৰৌচন আৰা বেগমৰ কবিতাৰ মূল নিহিত হৈ আছে অনুভূতিৰ গাঢ়তাৰ মাজত। এই অনুভূতি জাগিছে কবিৰ ব্যক্তিগত আৰু সমাজ-জীৱনৰ অভিজ্ঞতাৰপৰা। সেয়ে কবিয়ে কেইবাটাও কবিতাত এই অনুভূতিৰ কথা প্রকাশ কৰিবলৈ যাওঁতে নষ্টালজিক হৈ পৰিছে। উদাহৰণ স্বৰূপে ‘শৈশৱ’ কবিতাটিৰ কথাকে ক’ব পাৰি। কবিতাটিত কবিয়ে এৰি অহা শৈশৱ বিচাৰি যাওঁতে অনুভূতিৰ যি অনুৰণন তুলিছে সি শলাগীবলগীয়া। প্রতীকী অর্থত লিখা কবিতাটিৰ ব্যঞ্জনাৰেও সমৃদ্ধ। যেনে:
“আজিও হাকুটি লগাই বিচাৰি ফুৰোঁ তাক, বগৰীজোপাৰ গাত;
বকুল তলত কিজানিবা পাওঁ সুবাস ভৰা তাৰ মাত।“
শৈশৱক বিচাৰি ফুৰোঁতে কবিয়ে জীৱনৰ বাটত লগ পোৱা যৌৱনলৈকো উভতি চাইছে। ‘যৌৱন’ নামৰ কবিতাটিৰ মাজেৰে তেওঁ খেপিয়াই ফুৰিছে, যৌৱনৰ বিভিন্ন ৰূপ আৰু তাৰ পেক্ষাপট। ক্যাবিক সুষমাৰে সমৃদ্ধ এই ‘যৌৱন’ নামৰ কবিতাটিৰ আৰম্ভনীতে কবিয়ে কৈছে:
“ প্রত্যেকৰে জীৱনৰ এবাৰলৈ ভূমুকি মৰা তেওঁ এজন অতিথি,
এজন মহান শিল্পী; নিভাঁজ তেওঁৰ ৰচনাশৈলী।
তেওঁ আহিলেই তুমি হৈ পৰিবা সূর্যৰ দৰে তেজাল,
নক্ষত্রৰ দৰে জ্যোতিষ্মান।
তেওঁৰ সান্নিধ্যত বিয়পি পৰিব তোমাৰ সুবাস;
তুমি হৈ পৰিবা যশস্যা আৰু প্রাপ্তিৰ দাস।“
কবিতাটিত কবিয়ে যৌৱনৰ গুণ-গৰিমাৰ আৰু বল-বীর্যৰ কথা কৈছে যদিও বার্ধ্যক্যই আনি দিয়া জৰাকো তেওঁ টানি আনিছে। কবিয়ে বার্ধক্যৰ মাজত বিষাদৰ এক কৰুণ ছবিৰ সন্ধান দিছে। তেনেদৰে ‘জীৱন’ কবিতাটিত নষ্টালজিয়া অর্থাৎ অতীতলৈ উভতি চোৱাৰ গৃহমুখী দৃষ্টিভংগী প্রকাশ পোৱাৰ উপৰিও হালধীয়া, নীলা, কমলা, সেউজীয়া, ৰূআ আদি শন্দবোৰ ব্যৱহাৰ কৰি কবিয়ে কবিতাটিৰ মাজেৰে জীৱনৰ ভিন্ ভিন্ উপলদ্ধি আৰু অর্থ সূচিত কৰিছে।
শৈশৱ, যৌৱন আৰৰূ ঝীৱনৰ কথা কোৱাৰ পিছত কবিগৰাকীয়ে ‘মৃত্যু’ কবিতাটিৰ মাজেৰে এই আটাইবোৰৰ যৱনিকাৰ চিত্র আঁকিছে। এই চাৰিওটা কবিতাত প্রতীক আৰু চিত্রকল্পৰ সমাহাৰ ঘটাৰ দৰে ‘ফাগুন ফাগুন সলজ চাৱনি’, ‘হলধীয়া সপোন এটা’, নীলা নৈ’ আদি কবিতাও ৰূপকলাৰে চহকী হৈছে। যথা:
“পিৰীতিৰ ফাকুগুৰি বতাহত ছটিয়াই
দেখিছানে দুপৰীয়াটোৱে
কেনেকৈ খেদি ফুৰিছে লাহি পাখিৰ পখিলাটি।’’
(ফাগুন ফাগুন সলজ চাৱনি)
“হালধীয়া সপোন এটাই অহৰহ আমনি কৰি খেদি ফুৰে,
প্রতিটো পুৱাত নষ্ট চন্দ্র হৈ শিপাই
মেৰিয়াই ধৰি বগাই যায় মোক।’’
(হালধীয়া সপোন এটা)
“নীলা নৈখনে আকাশৰ তৰা বোৰ খহাই
বিজুলী চমকাই যেতিয়া বৈ যায়,
হিম-চেঁচা মোৰ হাতখনে বৰফৰ দৰে গোটমৰা বুকুখন
খামুচি ধৰে সংগোপনে।’’
(নীলা নৈ)
এনেদৰে চিত্রকল্পৰ সমাহাৰ ঘটা সত্বেও কবিতাই ক’ৰবাত ক’ৰবাত উজুটি খাইছে অসতর্কতাৰ ফলত। যাৰ বাবে ‘সাপ’ কবিতাটিক ‘নীলা নৈ’ বা ‘গোপনে’ কবিতাৰ দৰে কলাসন্মত ৰূপ দিয়াৰ সম্ভাৱনা থকা সত্বেও কবিতাটি পৰিপক্ক নহ’ল। বিপৰীতে ‘ৰামধেনু বৰণীয়া সুধা’ শীর্ষক কবিতাটিত পৰিপক্কতাৰ প্রকাশ বিদ্যমান যদিও কবিতাটিৰ মাজেৰে ক্লাইমেক্স সৃষ্টিৰ সম্ভাৱনা ৰৈ গ’ল। সর্বদিশত সমৃদ্ধ নহ’লেও প্রথম কাব্যগ্রন্থ হিচাপে ৰৌচন আৰা বেগমৰ ‘ৰামধেনু বৰণীয়া সুধা’ গ্রন্থখনে কবিগৰাকীৰ স্বচ্ছ দৃষ্টিভংগী, উপলদ্ধি আৰু সৃষ্টি ক্ষমতা আৰু সচেতন মননৰ পৰিচয় দাঙি ধৰিছে। সাধনা আৰু চর্চাৰ ধাৰাটোক অধিক গভীৰ ভাবে ল’লে কবিগৰাকীৰ উত্তৰণৰ বাট অধিক মসৃণ হ’ব।
ইছমাইল হোছেইন
প্রবক্তা, চিলচৰ পলিটেকনিক, মেহেৰপুৰ, চিলচৰ।
২৭ আগষ্ট, ২০০৫