এজন কবিয়ে কৈছিল, ‘অন্তৰৰ সৌম্যভাবহে কবিতা’। এই সত্যক স্বীকাৰ কৰিও এষাৰ কথা ক’ব লাগিব যে পৃথিৱীৰ বিভিন্ন ঘটনাৱলীৰ লগে লগে কবিতায়ো তাৰ চৰিত্র সলাইছে। এনে এক পৰিৱর্তিত পৰিস্থিতিত কবিতাই সকলো সময়তে কোনো সংজ্ঞা মানি নচলে। চলিব নোৱাৰে। পৰিস্থিতি, পৰিবেশ বে ঘটনাই কবিৰ সামাজিক স্থিতিত যরন প্রভাৱ পেলায়। কবিতা একোটায়ো ৰূপ লয় তেনেদৰেই। আজিৰ দিত বিশেষকৈ অসমত কবিতা লিখাটো যেনেদৰে আটাইতকৈ সহজ কাম বুলি ভবা হৈছে, দৰাচলতে কথাটো তেনে নহয়। বোধকৰোঁ নিভিন্ন সুকুমাৰ কলাৰ ভিতৰত কবিতাই আটাইতকৈ ্টিল আৰু সূক্ষ্মতম শিল্পকর্ম। এনেয়ে কবিতাক মানৱতাৰ কন্ঠস্বৰ বুলি কোৱা হোৱা নাই। কবি এজনৰ তাৎক্ষণিক প্রতিক্রিয়াৰ লগতে কবিৰ মনন আৰু গভীৰ সংবেদনশীলতাও জড়িত হৈ আছে, এই কথা পাহৰি পেলালে নচলিব। কাৰণ, শিল্পকলা বুলিলে তাৰ ব্যঞ্জনাৰ লথাও লগতে আহি পৰে।
ৰৌচন আৰাৰ আটাইবোৰ কবিতা নহ’লেও কিছুসংখ্যক কবিতাত সেই আভাস পাই আমি আশ্বস্ত হৈছোঁ। বিশেষকৈ অতিকথনে দীঘল কবিতাবোৰক ভাৰাক্রান্ত কৰি তোলাৰ ফলত কবিতাই সৌন্দর্য্য হেৰুৱাইছে। আনকি তৎসম শব্দৰ সঘন ব্যৱহাৰেও কবিতাৰ ৰসগ্রহনত বাধা হে পৰিছে। যিহেতু ব্যঞ্জনাই কবিতাৰ মূল উপাদান, সেইবাবে কবিগৰাকীয়ে ভৱিষ্যতে এই দিশত অধিক সতর্ক হ’ব বুলি আমাৰ বিশ্বাস।
ৰৌচন আৰাৰ চুটি কবিতাবোৰ সংকলনখনৰ আটাইতকৈ চিত্তাকর্ষক আৰু প্রাণসঞ্চাৰী সম্পদ। তেওঁৰ ভাব আৰু ভাষা প্রাঞ্জল। বিষয়বস্তুৰো অভাৱ নাই তেওঁৰ। কবিয়ে জন্মসূত্রে লাভ কৰিছে এই মাটিৰ ৰস, বর্ণ, গোন্ধ আৰু সুষমা, যি মাটিত আছে আমাৰ সাহিত্য-সংস্কৃতি আৰু আধ্যাত্মুক প্রমূল্যৰ আত্মা। ৰৌচন আৰা এই সাধনাৰ পথিক বুলি জানি আমি আনন্দিত। অৱশ্যে ভৱিষ্যতে তেওঁৰ ভাব আৰু ভাষাৰ ঐক্য, বাক্যাংশৰ অলংকাৰ, অর্থঘন প্রকাশ আৰু কবিতাৰ সম্পূর্ণতাক এক অনির্বচনীয় সৌন্দয্য দান কৰি হেজাৰ-বিজাৰ পাঙকৰ হৃদয়ৰ গৰাকিণী হ’ব পাৰিব বুলি আমি আশাৰে বাট চাই ৰ’লোঁ। এই দীঘল আৰু দুর্গম যাত্রাত তেওঁ সফল হওক আৰু কাব্যচর্চাৰ মাজেৰে তেওঁ সময়ক সকীয়াই থৈ যাওক যে পৃথিৱীৰ সকলো বিনাশ হ’লেও কবিতাৰ বিনাশ নাই। কাৰণ, ‘it will always be reborn, even in the must hideous shape.’
তেওঁলৈ প্রীতি আৰু শুভকামনাৰে,
সমীৰতাঁতী
কন্বাচল, গুৱাহাটী
২৯ ডিচেম্বৰ ২০১১