কবিতাৰ এটা নির্দিষ্ট সংঞ্জা আছে বুলি ক’ব নোৱাৰি। তাহানি ইংৰাজ কবি ৱর্ডৱর্থে কৈছে, কবিতা জীৱনৰ সমালোচক, ইয়াৰ পৰিবর্তন সময়ে সময়ে হৈ থাকে। কবিৰ মনলৈ আহে নতুন স্মৃতি, আহে নতুন অভিজ্ঞতা;সেইদৰেই অনুভূতিৰ গাঢ়তাৰে শন্দৰ চয়ন-বয়নৰ মাজত ধ্বনি-স্পন্দেনেৰে ব্যঞ্জনাময় হৈ উঠে।ক’ব পাৰি কবিতা এক প্রকাৰৰ নির্মান। আমাৰ আলংকাৰিকসকলে তাহানি ব্রক্রতাৰ কথা কৈছিল, কৈছিল কবিতা পোনপেটীয়া প্রকাশ নহয়।অর্থবহতা আৰু ব্যঞ্জনাৰে সমৃদ্ধ গাঁথনিকে আমি কবিতা বুলিব পাৰোঁ।
প্রকৃতিক আমাৰ ভাল লাগে সঁচা, কিন্তু কুলিয়ে গান গায়, সি তাৰ বেচি একো দিব নোৱাৰে। তাৰ কন্ঠত গান স্বাভাৱিক, সি সেইটোহে আমাক দিয়ে। কিন্তু মানুহৰ গান নাই, আছে স্বৰ। সেই বাবে নানুহে নিজৰ স্বৰক বিশেষ মানৱীয় প্রচেষ্টাৰে সুন্দৰ শিলজপ কলালৈ ৰুপান্তৰিত কৰে। এই কথা ৰবীন্দ্র নাথে কৈ গৈছে।কবিতা এক প্রকাৰৰ নির্মান, সি শিল্পকলাৰে সৌন্দর্যময়। এই কথা আমি পাহৰিব নালাগে।
ৰৌচন আৰাৰ ভাব ভাষা ভালেই, কিন্তু শব্দৰ চয়ন, অর্থঘনতা প্রতি লক্ষ্য দিব লাগে।অৱশ্যে কোনো কোনো স্তৱকত মানৱীয় কন্ঠ স্পন্দিত হৈ উঠিছে।
“কিছু জুই, কিছু ছাই আৰু বাৰুদৰ শব্দেৰে সৈতে
পোৰা মাংসৰ ঘন কুঁৱলীত
যোৱা বেলি ৩০ আক্টোবৰত হেৰাল বুঢ়াৰ পুতেকটি;…”
বৰ কৰুণ এই দৃশ্য।
কবিয়ে কৈছে, কেনভাছৰ নীলাত আঁকিছোঁ….’দিন দুপৰতে কালৰাত্রিৰ সংহাৰ ঘূৰি নহাৰ বিচাৰি আশ্বাস এটি’…. বৰ কূণ এই বর্ণনা, আনহাতে অর্থবহ। এনেধৰণৰ স্তৱক আছে ভীমাজুলি বালিচাং কবিতাত। তাত নিহত হোৱাসকলৰ কৰুণ স্মৃতিত কবিৰ অন্তৰে কান্দিছে;
আশাহত মানুহবোৰৰ কোনেও কাৰো মুখলৈ চাবলৈ সাহস কৰা নাই !
… বুকুৱে একোখন চিতাৰ জুই’।
সেইদৰে তেওঁৰ কবিতাত প্রেম আৰু প্রকৃতিৰো ভাল কবিতা আছে, তলৰ স্তবক দুটিত তাৰ ইঙ্গিত আছে।
“মই পোহৰৰে প্রতিধ্বনি
তোমাৰ আন্ধাৰ মুখ পোহৰ কৰিবলৈকেই মোৰ জন্ম”।
“বিয়লিৰ শৰীৰত হেৰালেও বসন্ত
বিজুলী লুকুৱাই ৰখা মনত জীৱনটোলৈ ফুলে,
জ্ঞানদীপৰ প্রজাপতি উৰে”।
“ ৰিণিকি ৰিণিকি তোৰ মাতৰ কুৰুলি
শীতৰ ৰাতি উত্তাপ হৈ বয়”
একোঠাইত সমাজৰ কথাও তেওঁ ভাবিছে;
“হিংসা কপটতাত নিমগ্ন আমি, বঙহৰ মঙহ আজুৰি চিঙি”।
সেইদৰে প্রথম স্তবক দুটাতো সমাজৰ দুখ-দুর্দশাৰ ইংগিত দিছে। ক’ৰবাত তেওঁ সেউজীয়া কটাৰ কথাও কৈছে। সেউজৰ ধ্বংস অমানৱীয়।
এই ধৰণেৰে চালে ৰৌচন আৰা বেগমৰ কবিতাৰ এটা সুন্দৰ ভবিষ্যত আছে, তেওঁ আৰু যত্ন কৰিব লাগিব। অর্থ বাহুল্য নকৰি অর্থ গনত্বত বেছি চকু দিব লাগিব। পার্যমানে তৎসম শব্দ এৰি বাস্তৱ আৰু ঘৰুৱে শব্দৰ চয়ন বয়ন হ’লে তেওঁৰ কবিতা অধিক আদৰণীয় হ’ব।
নলিনীধৰ ভট্টাচার্য
গুৱাহাটী।