ৰৌচন আৰা নতুন কবি নহয়। তেওঁৰ তিনিখন সংকলন ইতিমধ্যে প্রকাশ হৈছে। ব্যক্তি হিচাপে তেওঁ বিনয়ী। নিজক লৈ অহংকাৰ তেওঁৰ সামান্যো নাই। সাধনাৰ ক্ষেত্রতো তেওঁ প্রচাৰ বিমুখ। কিন্তু তেওঁ সংবেদনশীল কবি। সামসাময়িক না না ঘটনাই তেওঁৰ এই সংবেদনশীল মনত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে আৰু তাৰ বিভিন্ন ধৰণৰ সঁহাৰি তেওঁৰ সাম্রতিক কবিতাসমুহত দেখিবলৈ পাওঁ। তেওঁৰ কবিতাৰ প্রকাশভংগী আকর্ষণীয়। অৱশ্যে তাত কিছু বৈচিত্রৰ অভাৱ আছে। অর্থাত বিভিন্ন ক্রিয়া-প্রতিক্রিয়অৰ প্রতি সঁহাৰি জনাওঁতে তেওঁৰ অভিব্যক্রি একে ধৰণৰ হৈ পৰে। কিন্তু তেওঁৰ শন্দ-সম্ভাৰ আছে আৰু চিত্রধর্মিতা আৰু আলাপধর্মিতাৰ সংযোগ, উপযুক্ত শন্দৰ প্রয়োগত তাৎপর্যপুষ্ট হৈ প্রকাশ পায়। সামাজিক ঘটনাবোৰৰ প্রতি তেওঁৰসঁহাৰিত সজাগবোধ বাঙ্ময় হৈ উঠে। কিন্তু, ক্ষুদ্ধ, নেতিবাচক দৃষ্টি তেওঁৰ নহয়। তেওঁৰ কবিতাত শুভবুদ্ধিৰ প্রতি আবেদন দেখা পাওঁ। এটা কবিতাত দেখা পাওঁ সমাজৰ নেতিবাচক দিশ। ইয়াক কবিয়ে দেখুৱাইছে পথভ্রষ্ট এক বিষয়ীৰ দৃষ্টিভংগীৰে। এই পথভ্রষ্টতাই যেন নিজকেই উপলুঙা কৰিছে,
হাতখন হেৰুৱাৰ দুখত নে আনন্দত
কিৰিলি পাৰিছোঁ আজি মই !
ফুল কুমলীয়া শিশুকেইটিৰে বুলেট বুলেট খেলি
সিহঁতৰ মাখনৰ দৰে শৰীৰত
মই আয়ত্ব কৰা যাদুৰে
ৰক্তজৱা ফুল ফুলাই দেখুৱাইছো!
নেতিবাচক এক মানসিকতাৰ বিবেক জাগ্রত কৰিবলৈকে এই বিষয়ীৰ উপলদ্ধিতেই এনে আত্ম-সমালোচনামূলক উক্তি দি কবিয়ে পৰিসাহৰ মাজেদি নিজৰ সংবেদনৰ প্রয়াস ঘটাইছে।
‘জুই’ নামৰ কবিতাটোত জুইৰ অ্থাভাসক কবিয়ে অতি তাৎপর্যপূর্ণ ভাৱে প্রকাশ কৰিছে না না দূষ্টান্তৰে। তাৰ ধ্বংসকামী আৰু সৃষ্টিময় দুটা দিশ যুগপৎ দাঙি ধৰিছে,
জীৱিতজনৰ এঙাৰ ক’লা ৰূপ দেখি
পেটতে হাত-ভৰি লুকুৱাইছিলোঁ।
তেতিয়া ভবাই নাছিলোঁ, এই জুইকুৰাই যে
ইমান মোহনীয়াকৈ পুৰিব পাৰে!
জ্বলাই জ্বলাই যে এনেকৈ উজ্জ্বল কৰিব পাৰে!
মোহনীয় আৰু অগ্নিদগ্ধ হোৱা বিপৰীতমুখী দুটা দিশৰ সহবাসত, অর্থৰ ঘনত্ব বাঢ়ি গৈছে আৰু জুইৰ সৃষ্টিৰ মূল দিশবোৰৰ প্রতি সচেতন সঁহাৰিৰ বাবে পঢ়ুৱৈলৈ ইংগিত দিয়া হৈছে। কবিতাটোত আমি পাওঁ__
যৌৱন জ্বলে বাবেই মোহনীয় এই জীৱন
পৌঢ়ত্ব জ্বলে বাবেই উপচি পৰে অভিজ্ঞতাৰ সোপান
বৃদ্ধত্ব জ্বলে বাবেই
মেলখাই থকা এখন কিতাপৰ শেষ পৃষ্টাত
এদিন উপনীত হ’বাগৈ তুমি।
আৰু,
হে সৃষ্টিকর্তা !
মোকো এই জুইৰ অংশীদাৰ হ’বলৈ দিয়া
জ্বলি জ্বলি ছাই হৈ মিলি যাবলৈ দিয়া
যাতে, এই পৰিমণ্ডলত মই হেৰাই নাযাওঁ !
ইয়াত ‘জ্বলি জ্বলি ছাই’ হোৱাৰ কথাষাৰে অভ্যস্ত অর্থৰ বিপৰীতে তাৎপর্যৰ সৃষ্টি কৰিছে। যেন এই ছাই হোৱাৰ মাজত অর্থাত বিনাশৰ মাজত জীৱনৰ বীজ প্রোথিত হৈ আছে।
‘সঁচাৰ কাঠী’, কবিতাটোত সাম্রতিক সময়ত সমাজত ঘটি থকা আৰু অবাস্তৱ স্তৰলৈ লৈ যোৱা কিছুমান প্রৱনতাৰ প্রতি ইংগিতপূর্ণ কটাক্ষ আছে। কবিতাটোত গা ৰেপি যোৱা ব্যংগ নাই। কিন্তু, ইংগিতপূর্ণ ভাষাৰ হক আৰু স্বার্থৰ মাজত থকা ব্যৱধান ৰূপকৰ অর্থপূর্ণ ব্যৱহাৰেৰে কবিয়ে স্পষ্ট কৰি তুলিছে।
প্রকৃতপক্ষত তেওঁলোকহে একোজন দাবীদাৰ যিসকল
পুৱাৰ সূর্য আৰু গধূলিৰ জোনৰ দৰে স্বচ্ছ।
শেষৰ এই শাৰীকেইটাতে কবিৰ বক্তব্যৰ সাৰমর্ম পুঞ্জীভূত হৈছে। কিছুমান কবিতাত থকা বিস্তাৰতকৈ বিস্তাৰ মুক্ত এই কবিতাৰ নম্র ভাষাৰ শ্লেষ বেছি তাৎপর্যপূর্ণ।
‘চহৰখন মৃত’ কবিতাত হিংসাৰ নৃশংসতাৰ নেতিবচক তাৎপর্য আহিছে নীৰৱে সাক্ষী হৈ থকা প্রকৃতিৰ অর্থপূর্ণ সক্রিয়তাৰ মাজেদি।
উফাল খাই বৈ যাবলৈ বিচৰা নৈখনে
শিলত মূৰ আছাৰি ফুৰিছে
তেজৰ চেকুৰাবোৰ ধুবলৈ বতাহজাক
নৈখনলৈ নামি যাব পৰা নাই
নাগৰিক জীৱনৰ হিংসা জর্জৰিত নেতিবাচক ছবি কবিয়া আঁকি দিয়া নাই, কিন্তু শিৰোনামটোৱেই কয় এইখন নাগৰিক জীৱনৰ সংঘাতময় জীৱনৰ ছবি__”চহৰখন মৃত”। কিন্তু, ইয়াৰ পৰিনামত সৃষ্টি হোৱা মানৱীয় শোক বেদনা স্থানান্তৰিত হৈছে প্রাকৃতিক কিছু উপাদানলৈ__ যিবোৰ উপাদান ঘটনাৰ নীৰৱ সাক্ষী। ইয়াত নীৰৱতাও বাঙ্ময়।
এটা কবিতাত দেখা পাওঁ, ভ্রূণ হত্যাৰ বিৰূদ্ধে কবি মনৰ শোক আৰু ক্ষোভৰ যুগপৎ উচ্ছাৰণ। কবিতাটিৰ ‘অসাংগীতিক’ নামটো পৰিহাসময়। শব্দটোৱে সংগীতৰ গীতিময় লহৰলৈ মনত পেলাই তাৰ ওলোটা অর্থটোক পটভূমিলৈ ঠলি দিয়ে।
কি নির্লজভাৱে সত্য ঢাকিব বিচাৰে পৃথিৱীবাসীয়ে
নাকত ৰুমাল লৈ দুর্গন্ধ নাশে
কবিতাটোৰ শাৰীবোৰত ক্ষোভ, শ্লেষ, পৰিহাস আৰু কবি মনৰ কৰুণা একেলগ হৈ প্রকাশ পাইছে।
নির্মূল হওঁক ! নির্মূল হওঁক !
উচ্ছৃংখল ভ্রষ্ট পথিকৰ কুন্ধচ কল্পনাপুষ্ট
লজ্জানত ভয়ার্ত প্রতিগৰাকী
দীর্ঘকেশীৰ পদদলিত ছায়া-প্রচ্ছায়া স্পষ্ট।
শেষৰ শাৰীকেইটাত পদদলিত নাৰীৰ হতভাগা জীৱনৰ কৰুণ অৱস্থা তীব্র শ্লেষ পৰিহাসেৰে প্রকাশ পাইছে। ফ্রীডাকাল্ হো অংকিত ছবিবোৰৰ প্রতি কবিৰ অনুৰাগ লক্ষণীয়। ফ্রীডা অংকিত তিনিখন বিখ্যাত ছবিৰ ওপৰত কবিয়ে কবিতা লিখিছে। ফ্রীডাৰ আত্মসচেতনতা, আত্মিক শক্তি, অন্তযন্ত্রণা অতি বলিষ্ঠভাৱে তেওঁৰ ছবিত প্রকাশ পায়। ফ্রীডাৰ ছবিত যন্ত্রণাময় অন্তর্জীৱনৰ ছবি অঁকা হব য’ত ফ্রীডা নিজেই বিষয়বস্তু। তেওঁৰ মনস্তাত্ত্বিক চিত্র প্রকাশত এক বলিষ্ঠ প্রতিবাদ আছে। অৱচেতনক বহির্মুখী কৰিছিল তেওঁ। ৰৌচন আৰাৰ কবিতাই বহুদিশ সামৰি লৈছে। এক সংবেদনশীল মনে সাম্রতিক সমাজৰ অস্থিৰ জীৱনৰ প্রতি দিয়া সঁহাৰিৰ ডায়েৰী। ৰৌচন আৰা মানৱদৰদী কবি, তেওঁৰ কবিতাত, সমাজৰ উত্তৰণৰ বাট বিচাৰিহে ভিন ভিন সঁহাৰি দিছে। তেওঁৰ কাব্যসাধনা সফল হওক।
হৰেকৃষ্ণ ডেকা
কস্তুৰবা নগৰ, গুৱাহাটী।