জুই, এটা প্রাচীন শব্দ
এটা প্রয়োজন,
শিলত শিল ঘঁহোঁতে হোৱা
এটা পুৰাতন বিশ্বাস।
জুই, এটা অহৈতুকী ভয়
এটা সাৱধানতা,
নৈষ্ঠিকতাৰে আঁকোৱালি লোৱা
এটা পৰম্পৰা।
মনত নপৰে, ঠিক কেতিয়াৰেপৰা
চিনিবলৈ লৈছিলোঁ জুইক !
আইতাৰ চোতালত জমি উঠা
শীতৰ জাৰ পোৰা মেলত
নে চাকিৰ শিখাত আকৃষ্ট হৈ
অবুজ বয়সত পুৰোঁতে মোৰ হাত
আজিও পাহৰিব পৰা নাই
আখলৰ ফুটছাইৰ পোৰা আলু
আৰু পোৰা বেতগাজৰ
লোভনীয় পিতিকাকেইখন!
সৰুতে এবাৰ এটা ঘৰ
পোৰা দেখিছিলোঁ!
উৰি অহা ছাইবোৰ, কাষৰ ঘৰকেইটাৰ
চোতাললৈকে সিচঁৰতি হৈ পৰিছিল।
মানুহৰ মৃত্যুত কান্দিবলৈ নিশিকা
এজনী ছোৱালীৰ মাকে
গা ধন আনিব নোৱৰাৰ ৰোষত
আত্মহত্যা কৰিছিল।
জীৱিতজনৰ এঙাৰ ক’লা ৰূপ দেখি
পেটতে হাত-ভৰি লুকোৱাইছিলোঁ
তেতিয়া ভবাই নাছিলো, এই জুইকুৰাই যে
ইমান মোহনীয়াকৈ পুৰিব পাৰে !
জ্বলাই জ্বলাই যে এনেকৈ উজ্জ্বল কৰিব পাৰে !
মাথোঁ জানিছিলোঁ সুৰুয জ্বলে বাবেই
পৃথিৱীয়ে প্রাণ পায়;
গছ-লতিকাই আহাৰ পায়।
শুনাই নাছিলো, ৰাতি জ্বলি
জ্বলি যে দিন হয়!
দিন জ্বলি জ্বলি যে ৰাতি হয় !
সময় জ্বলে বাবেই আমি গঢ় লওঁ,
আমি লয় পাওঁ
পোহৰ জ্বলে বাবেই আমি কর্মমুখী
এন্ধাৰ জ্বলে বাবেই
পাহৰণিত হেৰায় আমাৰ দুখ-ভাগৰ।
যৌৱন জ্বলে বাবেই উদ্ভাসিত হৈ পৰে
এই জীৱন
পৌঢ়ত্ব জ্বলে বাবেই উপচি পৰে
অভিজ্ঞতাৰ সোপান
বৃদ্ধত্ব জ্বলে বাবেই মেলখাই থকা
এখন কিতাপৰ শেষ পৃষ্ঠাত
এদিন উপনীত হ’বাগৈ তুমি
হে সৃষ্টিকর্তা ! মোকো এই জুইৰ
অংশীদাৰ হ’বলৈ দিয়া
জ্বলি জ্বলি ছাই হৈ মিলি যাবলৈ দিয়া
যাতে, এই পৰিমণ্ডলত মই হেৰাই নেযাওঁ !
এই পৃথিৱী থকালৈকে
বতাহৰ পাহে পাহে থাকি যাওঁ
ন’ পুৰুষৰ বাবে
সোঁৱৰণ সোণালী সময়ৰ সুৱাস হৈ