তুমি আহিবা!
তেনে কোনো গভীৰ বিশ্বাস নাছিল মোৰ
কোনো দিনে,
কিন্তু, তুমি আহিলা অৱশেষত।
হেৰাই যাবই লাগিব সকলোৱে এদিন!
সৌৰভ যেনেকৈ হেৰাই যায়
বতাহৰ কোনো এক অজান মুলুকত
যিমানেই চেষ্টা নকৰক, নোৱাৰে ভালপোৱাই
আৱৰি ৰাখিব কাকো চিৰদিন চিৰকাল।
আমি প্রত্যেকেই যেন ক্রমাৎ
নিশ্ছিন্ন হৈ যোৱাৰ বাবে অপেক্ষাৰত
একো একোটি বিন্দু মাত্র!
জাগতিক মধ্যাকর্ষণৰ সীমা পাৰ হৈ
ভাহি যাবই লাগিব পলকতে
কেতিয়া, কোনদিশে কোনে জানে!
জানিত বা অজানিতভাবে কিয়েই বা আছিল
হীৰা-মুকুতাৰ দৰে সেই প্রত্যাক্ষা!
অম্লান আদৰুৱা অন্তহীন মমতা।
যিয়ে হেঁপাহ বঢ়াই তুলিছিল!
মই চুই দিলেই মুখৰিত কৰি তুলিছিল আকাশ-বতাহ।
সেয়ে হয়তো বিচাৰি পালোঁ
শেষ সীমনাত হেৰাই যোৱাৰ আগয়েই
সৰগীয় সুৱাসৰ এটি কণা।
প্রতীক্ষা, এটা অনুচ্চাৰিত প্রার্থনা!
হালধীয়াৰ মাজেদি বৈ থকা জলফাই ৰঙৰ এটি নিজৰা।