২০১৫ বর্ষৰ ফেব্রুৱাৰি মাহৰ ১২ তাৰিখে ‘Foundation of SAARC Writes and Literature’, চমুকৈ FOSWAL ৰ তৰফৰপৰা আয়োজন কৰা সাহিত্য সন্মিলনীখনত যোগ দিবলৈ আৰু দুজন প্রতিনিধি ক্রমে লুৎফা হানুম চেলিমা বেগম আৰু নিবেদন দাস পাটোৱাৰীৰ সৈতে আগ্রালৈ গৈছিলো। পাছদিনা অর্থাত ১৩ তাৰিখৰপৰা ১৬ তাৰিখলৈকে চাৰিদিনীয়াকৈ পতা এই সন্মিলনীত যোগ দিবলৈ যোৱাটো কেৱল আনন্দৰ কথায়ে নাছিল; ই মোৰ বাবে এক বিশেষ গৌৰৱৰো বিষয় আছিল আৰু মই গৌৰৱান্বিত অনুভৱ কৰিছিলোঁ।
“ফাউণ্ডেছন অফ চার্ক ৰাইটার্ছ এণ্ড লিটাৰেছাৰ”ৰ আৰম্ভনী হৈছিল ২০০১ চনৰ জুন মাহৰ আঠ তাৰিখে (Registration No. S-39661, June 8, 2001)। ‘South Asian Association for Regional Corporation’ অর্থাত SAARC ফলকৰ আধাৰত আজি ১৪ বছৰে অনুস্থিত হৈ অহা এটি অনুস্থান, য’ত সাহিত্যৰ বিভিন্ন দিশৰ পর্যালোচনাৰ ওপৰিও কাব্য চর্চাৰ এটি সুস্থ-সৱল বাতাৱৰণে গঢ় লৈ উঠিছে। দক্ষিণ এচীয় আঠখন দেশ যেনে ভাৰতবর্ষ, পাকিস্থান, শ্রী লংকা, বাংলাদেশ, ভূটান, নেপাল, মালদ্বীপ আৰু আফগানিস্থানক সাঙুৰি ই সাহিত্য আৰু সংস্কৃতিৰ বিনিময়ৰ এখন তীর্থ হিচাপে বর্তমান গঢ় লৈ উঠিছে। চার্কৰ অন্তর্ভূক্ত দেশকেইখনৰ মাজৰ বৈষম্য আতৰাই ঐক্য, শান্তি-সম্প্রীতি অক্ষুন্ন ৰাখিবলৈ কৰা ই এক মহান প্রচেষ্টা। এই ক্ষেত্রত লিখক আৰু কবিসকলে পাৰস্পৰিক বুজা-বুজি, বিশ্বাস আৰু এজনে আনজনৰ প্রতি সন্মানপূর্বক ব্যৱহাৰেৰে সাৱলীল ভাবে গুৰুত্বপূর্ণ প্রেৰণা যোগাই আহিছে।
কটন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা লুৎফা হানুম চেলিমা বেগম অসমৰ এগৰাকী প্রতিষ্ঠিত কবি। তেখেতে এই সন্মিলনীলৈ প্রায় প্রতিবছৰেই অহা-যোৱা কৰি অনুস্থানটোৰ সৈতে জড়িত হৈ পৰিছিল। বর্তমান আহমেদাবাদত গৱেষনা সম্পর্কীয় কামত ব্যস্ত হৈ থকা লুৎফাই দিল্লী এয়াৰপর্টত আমাক লগ ধৰিছিল আৰু আমি তিনিওজনে এখন ভাড়াতীয়া টেক্সীৰে সন্ধিয়া ৬ টা মান বজাত দিল্লীৰ পৰা সুদুৰ আগ্রাত উপস্থিত হৈছিলোগৈ। তাত আমাৰ বাবে “গ্রেণ্ড হোটেল” নামৰ এখন আটকধুনীয়া হোটেল ঠিক কৰি থোৱা আছিল।
এইবাৰৰ সমাৰোহত এই আঠখন দেশৰ সর্বমুঠ ১২৯ জন প্রতিনিধিয়ে অংশগ্রহন কৰিছিল। ইয়াৰে ভিতৰত ভাৰতৰ ৬০ জন, পাকিস্থানৰ ২৩ জন, শ্রীলংকাৰ ৯ জন, বাংলাদেশৰ ৯ জন, ভূটানৰ ৪ জন, নেপালৰ ১১ জন, আফগানিস্থানৰ ১২ জন আৰু মালদ্বীপৰ ১ জন আছিল। সমগ্র অনুস্থানটোৰ পৰিচালনাৰ ভাৰ আছিল পদ্মশ্রী বটা প্রাপ্ত বিখ্যাত পাঞ্জাৱী সাহিত্যিক অজীত কৌৰ বাইদেউৰ, যি গৰাকী মানুহে ২০০১ চনৰেপৰা আজিলৈকে প্রশংসনীয় প্রচেষ্টাৰে উক্ত অনুস্থানটো গঢ় লৈ উঠিবলৈ প্রেৰণা যোগাই আহিছে। অজীত কৌৰৰ জন্ম পাকিস্থানৰ লাহোৰত, ১৯৩৪ চনৰ ১৬ নভেম্বৰত। তেওঁ ১৯৭৯ চনত সাহিত্যকাৰ শিৰোমণি, ১৯৮৪ চনত ইন্টাৰনেচনেল আই এ টি এ এৱার্ড (IATA Award), ১৯৮৫ চনত সাহিত্য অকাডেমী বটা, ১৯৮৯ চনত ভাৰতীয় ভাষা পৰিষদ বটা পাইছিল।
অনান্য সন্মিলনীবোৰৰ দৰেই ইয়াতো প্রথমদিনা ৰাতিপুৱাৰ আহাৰ ৮ টা বজাত খোৱাৰ পাছত উপস্থিত সকলো দেশী-বিদেশী প্রতিনিধিৰ পঞ্জীকৰণ প্রক্রিয়া আৰম্ভ কৰা হৈছিল। ইয়াৰ পাছতেই অজীত কৌৰ বাইদেউৰ সভাপতিত্বত আৰম্ভনী অনুস্থানত বিভিন্ন ঠাইত বিভিন্ন সময়ত সন্ত্রাসত নিহত সকলৰ উদ্দেশ্য পুস্পাঞ্জলী অর্পণ কৰা হয়। কবি আৰু লেখকসকল স্পর্শকাতৰ অনু্ভূতিৰে সিক্ত। তেওঁলোকৰ সৃজনশীল লেখনি আৰু মননশীল উপস্থাপনাৰে সমাজৰ হিতৰ বিপৰীতে মূৰ ডাঙি উঠা সন্ত্রাসবাদ আৰু হত্যাৰ প্রতিবাদ জনাই আহিছে আৰু ভবিষ্যতলৈকো প্রতিবাদ কৰি যাব। পুস্পাঞ্জলী তর্পণৰ পাছত, নিমন্ত্রিত অতিথিসকল যেনে কাঠমাণ্ডুৰ পৰা অহা ম: ইব্রাহীম গফুৰী, ভাৰতৰ সীতাকান্ত মহাপাত্র, প্রফেচৰ আশিছ নন্দী, ঠাকুৰ ৰাম প্রতাপ সিং, ওম থনভী, জিয়া উজ ছালাম, বাংলাদেশৰ চেলিনা হোছেইন, শ্রীলংকাৰ দয়া দিচছান্যয়কে, নেপালৰ অভী সুবেদী, পাকিস্থানৰ ছাহজাদ কোৱেইজাৰ, আফগানিষ্ঠানৰ ড: আব্দুল গফুৰ লিৱাল, ভূটানৰ মিছেছ কুনজাং ছৌডেন আৰু মালদ্বীপৰ ইব্রাহীম ৱাহিদক সম্ভাষণ জনোৱা হয়। ম: ইব্রাহীম গফুৰীৰ উদ্বোধনী ভাষণত ফছৱালৰ উদ্দেশ্য বাখ্যা কৰি কয় কেনেকৈ সাহিত্য, কর্মশালা, অধিৱেশন আৰু অনান্য সংস্কৃতিৰ বিনিময়ৰে ঐক্য আৰু সম্প্রীতি বজাই ৰাখিবলৈ চেষ্টা কৰা হৈছে। ইয়াৰ পাছতেই অজীত কৌৰ বাইদেউৱে ড: সীতাকান্ত মহাপাত্রদেৱক চার্ক লাইফ টাইম এৱার্ড দিয়াৰ কথা ঘোষণা কৰে। তেখেতৰ বাহিৰেও, বাংলাদেশৰ চেলিনা হোছেইন, নেপালৰ সুমন পোখৰেল, আফগানিস্থানৰ অৰিয়ন অৰুণ আৰু পাকিস্থানৰ নিছাৰ আহমেদ চৌধুৰীয়ে চার্ক সাহিত্য বটা পায়। তাৰোপৰি বাংলাদেশৰ ঝর্ণা ৰহমান, মালদীপৰ ইব্রাহীম ৱাহিদ, ভূটানৰ টানি বোস, ভাৰতৰ ক্রমে ৰমাকান্ত দাস, ড: ইন্দ্রিৰা বাবলাপতি, ৰমা চন্দ্রামৌলী আৰু পেৰেগু ৰামকৃষ্ণাৰ প্রকাশিত পুথিবোৰৰ উন্মোচন কৰা হয়।
অকাদেমীক ছেছনবোৰ আছিল দেৰঘন্টাৰ আৰু পর্যালোচনাৰ কাৰণে দহ মিনিটকৈ সময় দিয়া হৈছিল। আগবেলা দুটা আৰু দুপৰীয়াৰ আহাৰৰ পাছত পাছবেলা দুটা দেৰঘন্টাকৈ অকাদেমীক ছেছন আছিল। ইয়াৰে চাৰিটা ছেছনত মুঠতে ৫২ গৰাকী কবিয়ে অংশ গ্রহন কৰিছিল। পাছদিনা অর্থাত ১৪ তাৰিখে দিনৰ ২ টা বজাৰ ছেছনটোত নিবেদন দাসে কবিতা পাঠ কৰিছিল। ১৫ তাৰিখে আগবেলা ১১ বজাত লুৎফা হানুম চেলিমা বেগমৰ আৰু পাছবেলা ২ টা বজাত মোৰ কবিতা পাঠ অনুস্থান আছিল। প্রতিদিনেই সন্ধিয়া ৬ টা বজাত দুখন বাছেৰে নিমন্ত্রিত অতিথি আৰু প্রতিনিধিসকলক আগ্রাৰ বিখ্যাত ‘সুৰ সদন’লৈ অডিটৰিয়ামটোলৈ সাংস্কৃতিক সন্ধ্যা উপভোগ কৰিবলৈ লৈ যোৱা হৈছিল।
এই অনুস্থানটোলৈ জানুৱাৰি মাহতে আমি আমন্ত্রিত হৈছিলো। তেওঁলোকে আমাক ইংৰাজীলৈ অনুবাদ কৰা দহোটা কবিতা, এখন ফটো আৰু আমাৰ সম্পূর্ণ বায়ডাটা বিচাৰিছিল। আমাক অহা-যোৱাৰ সুবিধা হিচাপে ৰে’ল ভাড়া আৰু খোৱা-থকাৰ বাবে আগ্রাৰ “গ্রেণ্ড হোটেল” ঠিক কৰি থৈছিল। হোটেলখনতে যিহেতু অনুস্থানটোও পতা হৈছিল, আমাৰ বৰ সুবিধা হৈছিল আৰু আমি অহা-যোৱাৰ নামত কষ্ট খাবলগীয়া হোৱা নাছিল। আমাক থাকিবলৈ দিয়া হোটেলখন থ্রি ষ্টাৰ হ’লেও আমি ফাইভ ষ্টাৰ হোটেলৰ দৰে সুবিধা লাভ কৰিছিলো। ভাগ্য ক্রমে তিনিওজন ওচৰা-ওচৰি তিনিটা কোঠালীত থাকিবলৈ পাইছিলো। তেওঁলোকৰ আতিথ্যত আমি সকলোবোৰ অতিশয় আনন্দিত হৈছিলো। ভাৰতৰ বাহিৰৰ মানুহখিনিক তেওঁলোকে দিল্লীৰপৰা আগ্রালৈকে অনা-নিয়াৰ ব্যৱস্থাও কৰিছিল। আমাকো তেওঁলোকে সেই সুবিধা দিছিল আৰু আমাৰ সুবিধা মতে আহি ১৭ তাৰিখে ১১:১৫ দিল্লীৰপৰা গুৱাহাটীলৈ অহা ফ্লাইট ধৰিব পাৰিছিলো। উপৰিউক্ত অনুস্থানত থকাকেইদিন আমি অতি প্রয়োজনীয় কথা এটাৰ প্রতি সচেতন হৈ আছিলো। সেইটো হ’ল, দেশীয় সাজ পৰিধান কৰাটো আৰু একোখন ফুলাম গামোচাৰে নতুন চিনাকীজনক সন্মান যাঁচাটো। প্রতিটো চেছনত আমি তিনিওজন উপস্থিত থাকিছিলো। কোনোপধ্যেই যাতে অজিত কৌৰ বাইদেউৱে অসমৰ প্রতিনিধিক বেয়া পাব নোৱাৰে তাৰ বাবে তিনিওজন সষ্টম আছিলো। ইয়াৰ আগৰ ২০১৩ চনৰ সন্মিলনীত অসমৰপৰা ড: নিলীমা ঠাকুৰীয়া হক আৰু বিজয় শংকৰ বর্মন কবি হিচাপে উক্ত অনুস্থানটোলৈ গৈছিল। অজীত কৌৰ বাইদেউৱে নতুনকৈ যোৱা সকলোক মৰমৰে এনেদৰে আকোৱালি ধৰিছিল যেন বহুদিনৰ চিনাকীহে আমি। তেওঁ মোক এটা বেগ উপহাৰ দিছিল, তেনেকৈয়ে নতুনকৈ অহাসকলৰ সকলোকে একোটি উপহাৰৰে উৎসাহিত কৰিছিল। উপৰিউক্ত সন্মিলনীৰ বাতৰি আগ্রাৰপৰা প্রকাশিত বাতৰিকাকতসমূহত প্রকাশ হওঁতে সৌভাগ্যক্রমে আটাইকেইখন হিন্দী বাতৰিকাকততে সন্মুখতে বহা মই, লুৎফা আৰু নিবেদনৰ স্পষ্ট ছবি বাতৰিকাকতত দেখি আমি প্রফুল্লিত হৈ উঠিছিলো। দুর্ভাগ্য যে বাতৰিকাকতসমূহ আমি গোটাব পৰা নাছিলো, কাৰণ, আমি বাহিৰৰ বজাৰলৈ বা দোকানলৈ ওলাই যাবপৰা নাছিলো আৰু তেওঁলোকে বা হোটেল কতৃপক্ষই আমাক যোগান ধৰাৰ ব্যৱস্থা কৰিবপৰা নাছিল। গতিকে আমি ফটো তুলি লৈ আহিছিলো নিউজবোৰ।
ব্রক্ষ্মপুত্রৰ উত্তৰপাৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা হিচাপে মোৰ মৰমৰ কলেজখনক, অসমক কেতিয়াবা যে এনেদৰে প্রতিনিধিত্ব কৰিবলৈ সময়-সুযোগ আৰু সুবিধা পাম মই ভাবিবপৰা নাছিলো। কিন্তু ভগৱানৰ কৃপাত সেইটো আচম্বিতে সম্ভৱ হৈ পৰিল। এই সুযোগ পোৱাৰ বাবে লুৎফালৈ আন্তৰিকতাৰে মই ধন্যবাদ জনাইছো। লগতে লুৎফাৰ দৰে এগৰাকী বু্দ্ধিমতী সহজ-সৰল ব্যক্তিত্বৰ মহিলা সৈতে আত্মীয়তা গঢ়ি তোলাৰ যি পৰিবেশ পালো তাৰ বাবে অতিশয় আনন্দিত হৈছো।
(দেশী-বিদেশী সাহিত্যিকসকলৰ সৈতে লেখিকা)