১
লঠঙা বিৰিখত কুঁহিপাতে ঠুঁটিয়াইছে, কুলি-কেতেকীয়ে ৰৈ ৰৈ বিনাইছে; উৎসৱমুখৰ পৰিৱেশৰ এই নিমজ ঘাঁহনিত আগবাঢ়িছে আমাৰ খোজ। তৰুণ হ’বলৈ দেহৰ নৰাণি, পুৱা-গধূলি এই খোজৰ বেহানি!
দুগজ আগুৱাই যাওঁতেই চিনাকি মাতত উভতি তভক মাৰিলোঁ, কলপ সানিছে বোধহয়! কালিৰ কেইডালতো তেনেই বগা আছিল।
এনেকৈয়ে আহে শীত যায়গৈ বসন্ত; খৰাং দেহত পছোৱাজাকৰ তাণ্ডব যেনে আছিল তাহানি, আজিও একেই, কাঠী-কামীৰ সৈতে যোৱাজনৰ কায়িক প্রভেদ নমনি। নজহে নপমে নমৰে যুগলৈ, যাউতিযুগীয়া প্রাণৰে প্রীতি।
২
কুঁহিপাতে কয়, মই বসন্তৰ সেউজ হিয়া। বন-বিৰিখত আঁকিবলৈ ঢৌ খেলা নূপুৰৰ সাতোৰঙী অঞ্জন, বৰষুণৰ নির্মালিৰে সময়ে কৰে প্রকৃতি পূজন।
৩
পুৰণি এৰি সলালেই সাজ, বিৰিখৰ ন ৰূপ চুই চুই বতাহৰ হেঁপাহ নপলায়। ধূলি-মাকতি নজমিবলৈ বৰষুণে নোৱায়, ৰ’দে ওমলায়, নিশালৈ এন্ধাৰে জোনাকৰ মুকুতা পিন্ধায়। মমতাৰ দোলনাত ভৰুণ গছপাত এদিন মাটিৰ মোহত মগন হয়। পূৰঠ হ’লেই প্রেম সৰি পৰে মাটিলৈ কুঁহিবোৰ উপজাবলৈ!