জুই, ছাই, গলিত লাভাৰে অহা ভুইঁকপ দেখি নিমিষতে হাবি-বননি ভাঙি পলাইছিল মানুহজাক! গাজনি, ঢেৰেকণিবোৰ চৌকাষে আহি পৰা দেখি উপচি, তৎ হেৰুৱাই যিয়ে যেনেকৈ পাৰে নৈত জঁপিয়াইছিল। প্রতিটো জোকাৰণিত অস্থিৰ হৈ উঠা নৈখনৰ বুকুৰে ঠেৰুছিগা জীৱনৰ পমখেদি গৈ আছিল কোন অজানলৈ বা পলাই আতৰি। ক’তেই বা আছিল কাৰ কোন সহোদৰ, আহিব লৱৰি, নিবহি হাঁহি মুখে আদৰি!…
Month: August 2023
বতাহে কৈ যোৱা এটি সাধু
১দোপালপিটাকৈ অহা জাকে হানি-খুচি থৈ যোৱা দোকমোকালিটো দাউদাউকৈ জ্বলি আছিল! ধাৰাসাৰ বর্ষণত থকা-সৰকা হৈ ঢলিপৰা নিৰীহ মানুহখিনিলৈ চাই হায়ৈ-বিয়ৈকৈ গগনফলা কেইজনো ফৰিং ছিটিকা দি নৈখনত জঁপিয়াই পৰিছিল! ধোঁৱা-ছাইৰ মাজত তিনিমুৰীয়া এটাই মূৰ আফালি ফুৰিছিল। শিয়াল-কুকুৰৰ দৰে মঙহ চুহি খোৱাৰ উদ্দেশ্যৰে বৰটোপৰ ভয় দেখুৱাই, পাটগাভৰু এজনীক ডাংকোলাকৈ হাবিৰ ফাললৈ নিওতে চোপ লৈ থকা আন চাৰিটা ৰাংকুকুৰেও…
আহত আৰু নিহতসকলৰ সাধু
এই পৃথিৱীৰ আহত আৰু নিহতসকলে মর্মাহত হৈমেল এখনৰ আয়োজন কৰিছিল,আলাই-আথানি দূৰ কৰিবলৈ বুলিদান পাত্রসমূহ, ইষ্ট দেৱতাৰকৰকমলত তুলি দিবলৈ ঠিক কৰিছিলআৰু কৰণি উপচিপৰা বৰঙনিৰেবোজা পাতলাব ভাবি শান্তি লভিছিল। যাৰ উঞ্চ পৰশত ব্যাপ্তি-পৰিসমাপ্তি,যি সময়ৰ নির্নিমেষ নির্নায়ক,সেই দিন আৰু ৰাতিক কৰুণা প্রাপ্তিৰ উদ্দেশ্যেযুগ নিদ্রাৰপৰা জগাইতুলিবলৈকো সুৰুঙা বিচাৰি ফুৰিছিল। এদিন নির্বিকাৰ দিন-ৰাতিক আক্ষেপ নিৱেদন কৰি কৈছিল__ হে’ দিন, হে’…
চীন চাই আহিলোঁ
দেশ-বিদেশ ফুৰিবলৈ স্বাভাৱিকতেই ভাল পাওঁ। সেয়ে, যোৱা ২০০৭ চনৰ ২০ মে’ৰ পৰা ২৩ মে’লৈকে চীনদেশৰ চাংহাই চহৰত ইউনিভাৰছিটি অৱ ছায়েন্স এণ্ড টেকন’ল’জীয়ে আয়োজন কৰা ‘ফিফটিন ইন্টাৰনেছনেল কনফাৰেন্স অন ইন্টাৰডিছিপ্লিনাৰী মেথেমেটিকেল এণ্ড ষ্টেটিচটিকেল টেকনিকছ’ত ভাগ ল’বলৈ আমন্ত্রণ পাই মই উৎফুল্লিত হৈ পৰিছিলোঁ। ‘ইউনিভাৰছিটি অৱ ছাউথ এলাবামাই আয়োজন কৰা এই সন্মিলনত যোগ দিবলৈ আৰু চীনদেশখন নিজৰ চকুৰে…