১
লেৰেলা-চেপেটা শুকান পথাৰখনত,
টিকা-টিঙনাৰ দপদপনি!
ৰহাৰ ৰহদৈ, টিপামৰ ভাদৈ মিতিৰ খাবলৈ যায়, আহে;
মেখেলাৰ পাতলি চিঙি আনে।
২
ফুৰফুৰীয়াকৈ উৰি অহা গোন্ধ এটা গছে-বনে, ঘাটে-হাটে
বাহৰ পাতি নিগাজিকৈ বহিবলৈ লৈছে;
পুলি-পোখাৰে এপাল গিজগিজাই
ৰৌজাল-বৌজালকৈ গোটেইখন ঘূর্মুটিয়াই ফুৰিছে!
বুকুৰ কুটুম বুলি চকুৱে-নাকে-মুখে সোমাই
কৌটিকলীয়া ধূলি ধূলি সোৱাদ দিছেহি ঢালি।
৩
এই মৰতৰ সৌন্দর্য বিলাসৰ একমাত্র সাৰথি মেঘবোৰ
সৌ আকাশৰ নিগাজি বাসিন্দা।
বহাগৰ আগতেই আহিবগৈ বুলি উভতি
তাৱৈয়েকৰ তালৈ গৈছে হেনো ঘৰ ফুৰিবলৈ।
সেয়েহে তেনেই উৰুঙা, মহঙা দিন, ৰাতি!
কাষলৈ চাপি আহ মোৰ সোণাই……!
দেখা নাই, শুনা নাই চৌদিশে খৰাং খোঁজৰ দপদপনি ?
অজান্তিমুলুকত এতিয়া মৰাই মাৰিছে, মৰা মৰিছে!
তাতে আকৌ কোনোবাজনৰ চাংমাইশালত হেনো
মহাপ্রয়োভৰৰে ৰন্ধা হৈছে
বঙহৰ মঙহৰে সুস্বাদু ব্যঞ্জন।
পাভলুটি মাৰিবলৈ ভালপোৱা সকলক
উভতগোৰে নচা দেখিয়েই
অজলা মেঘবোৰ পলাইছে বুলি নচচা শূলে বিন্ধা কথাষাৰি
পো-নাতিহঁতে শুনাকৈ কেনেকৈনো কওঁ
নকৈয়েবা কেনেকৈ থাকোঁ, ভাবি চাবি!
জিভাৰ আগতে থকা অথচ ফুটি নোলোৱা কথাবোৰ
খামোচ মাৰি ধৰি লৈ
তোলৈকে ৰৈ আছিলোঁ অ’ বোপাই!
কালে মৰিয়ালে নিশ্চয়কৈ জানিবি
ঔষধি প্রলেপ কালেই সানিব,
আই বসুমতীৰ শপত কৈ থৈছোঁ তোক_
তহঁতেই বিশ্বাস ৰাখিবি।
নিজেও নাযাবি, আনকো জাহ যাবলৈ নিদিবি এই জুইকুৰাত।