উৰি ফুৰিছিল অকলশৰে, লাহী পাখিৰ পখিলাটোৱে নির্ভয়ে;
ফুল দেখিলেই থমকি ৰৈছিল এপলক।
পাখি দুখন কঁটালি যেতিয়া ঢৌ তুলিছিল বতাহত
ৰেণুবোৰ সিচঁৰতি হৈ পৰিছিল পলকত
আৰু এই ৰোৱাতলীৰ প্রতিটোপাল জলকণাৰে
জীপ লৈছিলোঁ মই নিৰৱে।
মাৰি-মৰকৰ এই উতপ্ত ভূখণ্ডত নেদেখিলে মৰিচীকা
আহে জানো কাষ চাপি পলৰীয়া জীৱন!
সেই যে কুঁৱলীয়ে ঢাকি পেলাইছিল চৌকাষ,
এপদ-দুপদকৈ হেৰুৱাই হেৰুৱাই
দেখা নাছিলানে উৰুঙা দুপৰ, ধূলি মাথোঁ ধূলি ?
মুগা বৰণীয়াটো হৈ
শুকাই আহিছিলা যে লেৰেলি!
কতজনৰ বা যায় উটি
উলাহৰ দিন-ৰাতি বৰষুণত তিতি!
সেয়েহে কওঁ, নহ’লেও উছৱৰ ৰাতি
গীতে-মাতে উজলি থাকিবা,
সুবাসে পুলকিত নকৰিলেও উৰিবলৈ দিবা
সাতোবৰণীয়া পখিলা।
ক’ৰপৰা যে কেনেকৈ, কোনে যে কালৈ টোপ গাঁঠি
নিজ নিজ বৰশীৰ চিপ্ থাকে টানি,
ধূলিৰ ধুমুহাজাকত একোকেই নমনি!
বালিচাঁহী যেন কণ কণ শোকবোৰ উথলি
বৰষিবলৈ লওঁতেই মৰসাহ কৰি
নিজকে থ’বা ঠাইতে গুঁজি, জোৰ-টাপলি মাৰি!
বাৰী-ঘৰ, পদূলি শুৱাই
গছ-বন-লতিকাৰে ভৰি উঠেই কিজানিবা
এপাহি-দুপাহিকৈ ফুল ফুলি।