নি:সঙ্গ দুপৰীয়াটো উজলি উঠিছিল চকুৰ দাপোনত
সুদীর্ঘ দুপৰৰ নিজম ছাঁ চাই চাই
কিমান দিনলৈ কঢ়িয়াই ফুৰিবা মেঘমেদুৰ আকাশৰ সোঁৱৰণ ?
আবেলিৰ অস্তিত্বক জানো নুই কৰিব পাৰি!
ইও জানো বিলাই দিয়া নাই নির্মেঘ হেঙুল-হালধীয়া আবিৰ।
আকৌ ভাবো, সূৰুযৰ হেঁপাহক জানো বাধা দিব পাৰি ?
যি লুকা-ভাকু খেলিবলৈকে নিতৌ পানীত বুৰি চৌদিশ উজলায়!
কুঁৱলী যিমানেই ঘন নহওঁক,
উদয় হ’লেই নামি আহিব এচেৰেঙা ৰ’দৰ ৰেঙনি।
কি এই কাতৰতা, এইয়া বাৰু পাই হেৰুওৱাৰ যাতনা
নে হেৰুৱাই পোৱাৰ সাধনা !