Flying or Falling is a painting by Hannah Bailey which was uploaded on November 1st, 2012.
সেই দিনবোৰত নিজাকৈ মন এটা থকাৰ কথা,
দেখিলে ধৰিব নোৱৰা পলিথিনৰ পেকেট এটা, হঠাতে গ’ল উৰি;
দৌৰি আছিল কাষতে পখিলা খেদি ফুৰা অকণমানি এজনী।
চিলাৰ দৰে আকাশত উৰি ফুৰিবলৈ বিচৰাটো,
পেকেটটোৰ বাবে হ’ব পাৰে এটা নফলিওৱা সপোন।
পিছে, ওপজোঁতে পাখি গজাৰ দিহা লগতলৈ নহা সকলৰ
উৰিবলৈ বিচৰাটো অপৰাধ নহয়।
বেছিখিনিয়ে যদিও সৰি পৰে আৰু কাঁইটত বিন্ধা খাই ৰৈ যায়।
দেহা-মন জুৰপৰাকৈ সজাবলৈ দি মনৰ চুবুৰি
আই-পিতাই গ’লগৈ জনমটোলৈ আঁতৰি,
নহ’লেনো ক’ত আছিল মোৰ আটকধুনীয়া দুখন পাখি
ঢৌ তুলি উৰি উৰি সজাবলৈ এই ধৰণী!
পিছে, বিয়লিৰ আকাশত সেইজাকক দেখি শংকাত ভূগিবলৈ লৈছোঁ মই!
পৰি অহা দেহা সাৱটি, ছাঁটোকে বাঘ দেখা হৈছোঁ।
শিলগুটিৰ দৰে ফর্মুটিয়াই সিহঁতে খেলিবলৈ লৈছে মানৱতাক লৈ ল’ৰা-ধেমালি!
বঙহৰ মঙহখোৱা এই বা-মাৰলীজাকক জানো আওকাণ কৰিব পাৰি!
দিনে পখালি নিকা কৰা এই অথর্ব দেহা,
পলিথিন পেকেটৰ দৰে ক’ত বা ৰয়গৈ পৰি, উৰি গৈ মোৰ প্রাণপখী।
তাৰ পাছত আৰু কোন থাকিব আপোন বুলি ল’বলৈ সাৱটি,
টিপ্ চাকিটোৰ দৰে তিৰবিৰাই ৰ’লেও আকাশত নিশাটোলৈ জ্বলি!
কতবাৰ কৰিছোঁ কাকূতি_
“বনভোজৰ আনন্দ নালাগে, একাকিত্বৰ সৈতে পৰি থাকিবলৈ দিয়া”।
কতবাৰ উঠিছোঁ সপোনতে আটাহ পাৰি_
‘‘কোন ক’ত আছা! মোক মুকলি কৰি দিয়া’’।
কাক কেনেকৈ কি বুজাও!
এই নৰকাসুৰ পাহাৰৰ পৰা জঁপিয়াই হ’লেও আঁতৰি যাব খুজিছোঁ মই।
পিছে, এই যান্ত্রিকতাৰ যুগত কাৰ ইমান গৰজ,
কাৰ কথাত কোনে গুৰুত্ব দিয়ে!
পৰুৱাই পোৱা মানুহজাক গৈয়ে আছে আগুৱাই অনাই-বনাই!
ময়ো থিৰাং কৰিছোঁ, এইবেলি আৰু মই ৰৈ নাথাকোঁ;
উৰাৰ আৰু উৰুৱাৰ হেঁপাহ জানো অনন্তকালৰে পৰা বৈ থকা নাই!
আলৈ-আহুকাল সোপাকে নৈখন লৈ দলিয়াই,
বুধিয়ক পলিথিনৰ পেকেটৰ দৰে এদিন ছেগতে ভুৰুংকৈ দিম উৰি অজানলৈ বুলি;
হকা-বাধা একোকেই নামানি!