গভীৰ হৈ আহিলেই প্রহৰ, নিচুক সপোন এটিয়ে
হেচুকি ধৰেহি ভাৱনাৰ হেন্দোলনি!
ছাঁ-পোহৰৰ ফাঁকে ফাঁকে, তুষাৰ ৰাগীৰে
কাষ চাপি আহে নৈখন,
চকুৱে-মুখে পানী ছটিয়াই হাঁহে।
মায়াৰে আৱৰা এই ছায়াছবি চাই চাই
আপোন পাহৰা হৈ ৰওঁ,
তাল-ফাল লগোৱা সমস্ত সিন্ধুৰ
কালসন্ধ্যাৰ নৃত্য পাহৰি
মত্ত হৈ উঠো অলীক জোনাকত!
মোহৰ জাল ফালি দিঠকলৈ উভতি
আঁজৰি হওঁ বুলিলেও জানো মোকলাব পাৰি নিজকে ?
কি যে মোহনীয় এই যাদু খেলা!
এনে লাগে যেন ছায়াবৃত্তৰ বাহিৰতো
এজাক ৰং-বিৰঙৰ মাছ,
নিয়ৰৰ পানীত খলকণি তুলি তুলি
শামুকৰ খোলাবোৰ বুটলি বুটলি,
ক’ৰপৰা আহি ক’লৈ যে সিহঁত পুনৰ যায়গৈ উভতি!
নিকা নিকা এই সপোনৰ যাতনা নে আৱাহনত
পলে পলে কাতৰ হওঁ,
কাৰ কি চলনা ভাবি ওৰকে নেপাওঁ!
টোমত সঞ্চিত বিশ্বাসৰ সমস্ত মোৰ ৰাহি ধন
এজেবা বানে আহি ক’লৈ যে ঢৌৱাই লৈ যায়!
এনেকৈয়ে প্রতিদিনে মৰো, এনেকৈয়ে জী উঠো;
আকুলতাৰ এন্ধাৰে পোহৰে
চাতক পখী এটি হৈ হে উৰি ফুৰোঁ।