ফ্লোৰেন্স নাইটিংগেল এগৰাকী মানৱ দৰদী নার্চ। সমগ্র বিশ্বই “লেডী উইথ দ্য লেম্প” হিচাপে জানিছিল। অদম্য মনোবল আৰু দৃঢ় ইচ্ছাশক্তিৰ অধিকাৰী আছিল ফ্লোৰেঞ্চ নাইটিংগেল। আজীৱন অক্লান্ত সাধনা, অবিশ্রান্ত পৰিশ্রম আৰু আন্তৰিক প্রচেষ্টাৰে যি মুমূর্ষ ৰোগীসকলৰ উদ্দেশ্যে নিজৰ জীৱন উচর্গা কৰিছিল। একমাত্র তেওঁৰ বাবেই সমাজে নার্চিং সেৱাক এক সন্মানজনক বৃত্তি হিচাপে গ্রহন কৰিছে। এই মহীয়সী শুশ্রূষাকাৰী নাৰীগৰাকী ধৈর্য, সহ্য, একাগ্রতা, সততা, কর্মনিষ্ঠা আদি গুণসমূহৰ জীৱন্ত প্রতীক আছিল। ৰোগীসকলৰ আৰোগ্যৰ বাবে তেওঁ সদায় সাৰথি হৈ ঠিয় হৈছিল।
ইটালীৰ ফ্লোৰেন্স চহৰত ১৮২০ চনৰ মে’ মাহৰ ১২ তাৰিখে ফ্লোৰেন্স নাইটিংগেলৰ জন্ম হৈছিল। ফ্লোৰেঞ্চত জন্ম হোৱাৰ বাবে দেউতাকে ঠাইখনৰ নাম অনুসৰি মৰমতে নাম ৰাখিছিল ফ্লোৰেন্স নাইটিংগেল। তেওঁৰ দেউতাক ‘উইলিয়াম এডৱার্ড নাইটিংগেল’, আৰু মাক ‘ফ্রান্সিচ নাইটিগেল’। ফ্লোৰেন্স নাইটিংগেল আছিল তেওঁলোকৰ দ্বিতীয় সন্তান। উইলিয়াম এডৱার্ড নাইটিংগেল এজন সম্ভ্রান্ত, ধনী, অভিজাত পৰিয়ালৰ ব্রিটিছ আছিল। ১৮২১ চনত তেওঁলোক ইংলেণ্ডলৈ আহে আৰু তাতে বসবাস কৰিবলৈ লয়। উদাৰ প্রকৃতিৰ ফ্লোৰেন্সৰ দেউতাক সন্তানৰ শিক্ষাৰ প্রতি এজন সচেতন ব্যক্তি আছিল। গণিতৰ প্রতি নাইটিংগেলৰ ধাউতি আছিল অধিক। ফ্লোৰেন্সৰ মাকে ছোৱালীৰ গণিত শিক্ষাৰ প্রয়োজন নাই বুলিয়ে সৰুৰেপৰা ফ্লোৰেঞ্চক বিভিন্ন ভাষা অধ্যয়ন কৰিবলৈ সুবিধা দিছিল যেনে_ গ্রীক, জার্মান, ফৰাচী, ইটালি আদি ভাষা। তাৰোপৰি ইতিহাস, দর্শন আৰু শাষ্ট্রীয় সাহিত্যৰ জ্ঞান আহৰণ কৰিবলৈকো দিছিল। পিছে, নাইটিংগেলৰ অৱদমিত ইচ্ছাৰ বাবেই, অৱশেষত গৃহ শিক্ষক ছিলভেষ্টাৰৰ অধীনত গণিতৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল।
এবাৰ দেউতাকৰ সৈতে নাইটিংগেলে ১৮৩৮ চনত ইউৰোপ ভ্রমণলৈ গৈছিল। তাত তেওঁতকৈ ২৭ বছৰে ডাঙৰ মেৰী ক্লার্ক নামৰ এগৰাকী ফৰাচী মহিলাৰ স’তে নাইটিংগেল পৰিচিত হৈছিল। মহিলাগৰাকীৰ ব্যক্তিত্বই তৰুণী নাইটিংগেলৰ চিন্তাধাৰাৰ পৰিবর্তন ঘটাইছিল। ফলত, ফ্লোৰেন্সে উপলদ্ধি কৰিবলৈ লৈছিল যে ল’ৰাৰ দৰেই ছোৱালীও এদিন উপযুক্ত হ’বগৈ পাৰে। সেইসময়ত ইউৰোপত নাৰী পুৰুষৰ সম অধিকাৰ সমন্ধে এক জাগৰণৰ সৃষ্টি হৈছিল। নাইটিংগেলে কৈছিল, “মহিলাসকলে সহানুভূতি আশা কৰে, কিন্তু তেওঁলোকে নিজক একোজন পুৰুষৰ দৰে যোগ্য কৰি নোতোলে”। এই কথাষাৰৰ পৰাই তেওঁৰ মানসিক দৃঢ়তাৰ কথা ভালদৰে বুজা যায়। ফ্লোৰেন্স নাইটিংগেলে মাত্র ১৭ বছৰ বয়সত ‘কিংছ কলেজ অব লণ্ডন’ৰপৰা শিক্ষা সম্পূর্ণ কৰিছিল। মানৱসেৱাৰ প্রতি থকা তেওঁৰ ধাউতিৰ বাবে ইয়াৰ পাছতেই এগৰাকী সেৱিকা হিচাপে আত্মনিয়োগ কৰাটোকে জীৱনৰ লক্ষ্য হিচাপে লৈ আগবাঢ়ি গৈছিল।
আজিৰপৰা দুশ বছৰৰ আগতে ইউৰোপত ‘ৰোগীৰ সেৱা’ক সন্মানজনক কর্ম হিচাপে বিবেচনা কৰা হোৱা নাছিল। নিম্ন মধ্যবিত্ত পৰিয়ালৰ, অসহায় আৰু বিশেষকৈ বিধবা মহিলাসকলেহে নার্চ হিচাপে হাস্পতালত যোগদান কৰিছিল। নাইটিংগেলৰ মাক আৰু বাই-ভনীসকলৰ এই ক্ষেত্রত প্রবল আপত্তি আছিল। পিছে, স্বাধীনচিতীয়া মনৰ অধিকাৰী নাইটিংগেলে এগৰাকী সাধাৰণ মহিলাৰ দৰে পত্নী আৰু সন্তানৰ মাতৃ হিচাপে বন্দী হৈ থাকিব বিচৰা নাছিল। ব্যক্তিগত জীৱনত ফ্লোৰেন্সে অবিবাহিত আছিল। তেওঁ ভাবিছিল, বিয়া হ’লে জীৱনৰ লক্ষ্যত উপনীত হ’বগৈ নোৱাৰিব। সেয়ে বিয়াৰ প্রস্তাবসমূহ তেওঁ নাকচ কৰিছিল। এই ক্ষেত্রত দেউতাকৰ পৰা যথেষ্ট মনোবল পাইছিল। এনেদৰে সমাজিক প্রতিবন্ধকতা, পৰিয়ালৰ তীব্র অনিচ্ছা অতিক্রম কৰি, নিজৰ ব্যক্তিগত জীৱনকো তুচ্ছ কৰি ৰোগীসকলৰ পক্ষত ঠিয় হোৱা ব্যক্তি সততে দেখিবলৈ পোৱা নাযায়। প্রবল ইচ্ছাশক্তিৰ অধিকাৰী স্বাধীনচিতীয়া নাৰী হিচাপে ফ্লোৰেন্স নাইটিংগেল এক অপূর্ব উদাহৰণ।
১৮৫৩ চনৰ ২২ আগষ্টত লণ্ডনৰ ‘কেয়াৰ অব চিক জেন্টলমেন ইনষ্টিটিউট’ত নিয়ন্ত্রকৰ দায়িত্ব গ্রহন কৰিছিল। ইফালে সেই বছৰৰে অক্টোবৰ মাহত, তুৰস্কৰ খৃষ্টানসকলক ৰক্ষাৰ অজুহাতত ৰাচিয়া আৰু টুর্কীৰ মাজত হোৱা ক্রিমিয়াৰ যুদ্ধ আৰম্ভ হৈছিল। এই যুদ্ধত ব্রিটেইন আৰু ফ্রান্স, তুৰস্কৰ পক্ষত ঠিয় দিছিল আৰু যুদ্ধ ১৮৫৬ চন পর্য্যন্ত চলিছিল। নাইটিংগেল, ক্রিমিয়াৰ যুদ্ধৰ বিপযস্ত সৈনিক সকলৰ সেৱাত আত্মনিয়োগ কৰাত অধিক সফল হৈছিল। এই যুদ্ধত ১৮ হাজাৰতকৈ বেচি সৈন্য এবছৰতে আহত হৈ মিলিটাৰী হাস্পতালত ভর্তি হৈছিল। আহত সৈন্যৰ তুলনাত হাস্পতালত প্রয়োজনীয় ঔষধ, সুষম খাদ্য, পানী আৰু ডাক্তৰ-নার্চৰ কোনো ব্যৱস্থা নাছিল। আঘাতপ্রাপ্ত সৈন্যৰ বেচিখিনিয়ে ডায়েৰিয়া, টাইফয়েদ আৰু আনান্য সংক্রমণত আক্রান্ত হৈ মৃত্যু মুখত পৰিছিল। অভিজাত বংশৰ ফ্লোৰেন্স নাইটিংগেল বয়স তেতিয়া মাত্র ৩৪ বছৰ। একান্ত কর্মনিষ্ঠা আৰু আত্মত্যাগৰে মহীয়ান হৈ তেওঁ নিজেই দল এটা গঠন কৰি লৈছিল আৰু সৈন্যসকলৰ কাষত ঠিয় দিছিল। আনকি ৰোগীসকলৰ বাবে পৰিস্কাৰ কাপোৰৰ যোগান ধৰাৰ উদ্দেশ্যে নিজেই লন্ড্রি খুলি লৈছিল। তেওঁৰ আপ্রাণ চেষ্টাৰ ফলত সৈনিকৰ মৃত্যুৰ হাৰ ২% লৈ নামি আহিছিল। এই কথা জনা যায় যে দিনটোৰ পৰিশ্রমৰ অন্তত ডাক্তৰ-নার্চ টোপনিত ঢলি পৰিছিল, হাতত চাকি এটা লৈ ফ্লোৰেন্স নাইটিংগেলে প্রতিজন ৰোগীৰ কাষলৈ গৈ দুখ-যন্ত্রণাৰ খবৰ লৈ ফুৰিছিল। সেয়ে মানুহে তেওঁক “লেডী উইথ দ্য লেম্প” বুলিয়ে জানিছিল আৰু ক্রিমিয়ান যুদ্ধৰ বিপর্যস্ত সৈন্যসকলে তেওঁক ‘ক্রিমিয়াৰ দেৱদূত’ হিচাপে মানিছিল। তেওঁৰ কর্মৰ বাবে ১৮৮৩ চনত ৰাণী ভিক্টোৰিয়াই ‘ৰয়েল ৰেডক্রছ’ পদক প্রদান কৰিছিল।
এইগৰাকী দয়ালু, কর্মঠ, উদাৰ আৰু নিজৰ লক্ষ্য ও উদ্দেশ্য সম্পর্কে অত্যন্ত সচেতন নেত্রীৰ আপ্রাণ চেষ্টাত ১৮৬০ চনত প্রথম নার্চিং স্কুল- ‘নাইটিংগেল ট্রেনিং স্কুল ফৰ নার্চেচ’ প্রতিষ্টিত হয়। আমেৰিকাৰ গৃহযুদ্ধৰ সময়ত প্রশিক্ষণ প্রাপ্ত সেৱিকাৰ সাহায্যেৰে আমেৰিকাতো নার্চিং প্রথাৰ প্রচলন হয়। তেওঁৰ তথ্যবহুল লেখনিসমূহ যেনে ‘Notes On Nursing’, ‘Notes On Hospital’ আদিয়ে আধুনিক নার্চিং শিক্ষাৰ বাবে ভেটি স্থাপন কৰিছিল। ১৯০৭ চনত তেওঁ প্রথমবাৰৰ বাবে ‘ফ্রিডম অব দ্যা ছিটি অব লণ্ডন’ সম্মানজনক পুৰস্কাৰৰ অধিকাৰী হয়। সর্বসাধাৰণ মানুহৰ প্রতি থকা তেওঁৰ এই টান যিয়ে নেকি তেওঁক ৰোগীৰ সুশ্রুষাকাৰী হিচাপে প্রতিষ্ঠিত কৰিছিল; এই সেৱাক তেওঁ “ঈশ্বৰৰ দান” বুলি অভিহিত কৰি জন জাগৰণৰ সৃষ্টি কৰিছিল।
১৯১০ চনৰ ১৩ আগষ্টত ৯০ বছৰ বয়সত টোপনিত থকা অৱস্থাতে ৰাতি এই পৃথিৱীৰপৰা বিদায় লয়। তেওঁৰ শেষ ইচ্ছা অনুযায়ী ৰাষ্ট্রীয় শেষকৃত অনুস্থান প্রত্যাখান কৰি খুবেই সাধাৰণ ভাবে সমাধিস্ত কৰা হৈছিল। এই গৰাকী কিম্বদন্তিৰ মহীয়সী নাৰীৰ প্রতি সন্মান প্রদর্শনৰ উদ্দেশ্যেই মে’ মাহৰ ১২ তাৰিখে অর্থাৎ নাইটিংগেলৰ জন্মৰ দিনটোক সমগ্র বিশ্বই আন্তর্জাতিক নার্চ দিৱস হিচাপে পালন কৰি আহিছে।