“তুমি নজনাকৈয়েই” ৰৌচন আৰা বেগমৰ চতুর্থ কাব্যগ্রন্থ। সর্বমুঠ বাৱন্নটা (৫২) কবিতাৰে সমৃদ্ধ কাব্যগ্রন্থখনৰ কবিতাবোৰৰ ভিন্নসুৰী স্বাদ আছে। ‘সহমর্মিতা’ শীর্ষক কবিতাটোৰে কাব্যগ্রন্থখনৰ আৰম্ভ হৈছে যদিও তেনে সহমর্মিতাবোধৰ আৰু কেইটামান কবিতা ‘বৈধব্য’, ‘সোৱঁৰণীৰ বকুল’, ‘আইয়ে মাতিছে’ শীর্ষক কবিতাবোৰো কবিৰ তেনে ভাৱনাৰে ফচল। সমাজত গা কৰি উঠা কেতবোৰ অশুভ শক্তিকলৈ তেওঁৰ কবিমনে কেতিয়াবা বিদ্রোহ কৰি উঠিছে। কিন্তু সেই বিদ্রোহ মৌন আৰু বিনয়ী। অকল কলমৰ ভাষাৰে নিগৰে তেওঁৰ সেই বিদ্রোহ_ “ময়ূৰৰ পেখম ধৰাসকল/ অতি সোনকালেই/ কাউৰীত পৰিণত হ’বগৈ পাৰে (সঁচাৰ-কাঠি)”। সেই বিদ্রোহ অধিক তীব্রতৰ কৰি তুলিবলৈ কেতিয়াবা তেওঁ নিজেই তাৰ একক হৈ পৰিছে। কিছুমান কবিতাৰ মাজেৰে কবিয়ে সাম্প্রতিক সময়ৰ ভ্রুকুটি প্রকাশ কৰিছে এনেদৰে—“এনে কি নিচা সেৱন কৰি পছোৱাৰ দৰে আজি মই উৰি ফুৰিছোঁ/ ছোঁ মাৰি চিলনীজনীৰ দৰে চিকাৰ থাপ মাৰি ধৰিছোঁ! (মানৱীয় সত্তাৰপৰা মই হেনো বিছিন্ন)”।
কবিতাবোৰৰ মাজে মাজে থকা বিখ্যাত চিত্রকৰ ভিনচেন্ট ভেনগগকে ধৰি আন আন চিত্রকৰৰ চিত্রসমূহো সন্নিবিষ্ট “তুমি নজনাকৈয়েই” কবিৰ ভাবজগতৰ এক অনন্য প্রকাশ। তাৰ মাজৰ ফ্রীডা কালহোৰ চিত্রৰ ওপৰত লিখা কবিতা তিনিটাই পাঠকৰ আগত চিত্রকেইখনক অধিক বাংময় কৰি তুলিছে। কবিয়ে যেন নিজেই ফ্রীডাৰ চিত্রৰ বিষয়বস্তু হৈ তেওঁৰ অন্তর্জগতৰ দুখ-যন্ত্রণা, আবেগৰ লগত একাকাৰ হৈ পৰিছে_ ‘ওলমি থকা ৰঙা-সেউজীয়া মোৰ চোলাটো (My dress hangs there)’, ‘বোলাইছিলা কেনেকৈ যুগজয়ী এই সজীৱতা (A wounded deer)’, ‘কুন্দত কটা পংগুত্ব (The Heart, 1937)’। একত্রিশটা সৰু সৰু স্তৱকেৰে “ৰূপান্তৰৰ বর্ণমালা” এটা দীঘল কবিতা। ইয়াত বিভিন্ন ভাবৰ সমাহাৰ ঘটি এডাল বৈজন্তীমালাৰ দৰে নানাৰঙী হৈ পৰিছে।
“মোৰ এই শব্দবোৰ” শীর্ষক পাঁচটা কবিতাত আছে পাঁচ প্রকাৰৰ ভিন্ন শব্দমালা। যিবোৰ কবিৰ নিজস্ব মনোজগতৰ একান্ত আপোন শব্দ। সুখৰ টোপনি কঢ়া বানৰ বিপৰীতে যেন কবিৰ শব্দ বাঁহী বা দোতৰাৰ এক সুমধুৰ তান। “কথোপকথন”ও এটা তেনে জাতীয় কবিতা। কিছুমান কবিতাৰ চিত্রকল্পই কবিতাৰ প্রকৃত ৰূপ আমাৰ চকুত ডাঙি ধৰিছে। কাব্যগ্রন্থখনৰ শেষৰটো কবিতা ‘অসাংগিতীক’ত কবিয়ে কেতবোৰ জীৱন্তে মৃত মানুহৰ কথা কৈছে, যিসকল সংগীতৰ দৰে সুললিত নহয়__ “নাভিমূলৰপৰা জন্ম হোৱা পুলিটোৱে আনকি/সময়ত শিপাক ছাঁ দিবলৈ নাজানে”…।
চন্দ্রপ্রকাশে প্রকাশ কৰি উলিওৱা এশ চল্লিশ (১৪০.০০) টকা মূল্যৰ ৰৌচন আৰা বেগমৰ “তুমি নজনাকৈয়েই” এখন মনোগ্রাহী কাব্যগ্রন্থ। কবিৰ কাব্যসাধনাক সফল কৰি তুলিবলৈ পাঠকসকলে গ্রন্থখন আদৰি ল’বই লাগিব। কবিতাৰ স্বার্থত আমি এই ক্ষেত্রত সম্পূর্ণ আশাবাদী।
বর্ণালী ভৰালী, গুৱাহাটী।