আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা:
পুনৰীক্ষণ (৪৮) : মে’, ২০১৭
ৰৌচন আৰা বেগমৰ কবিতাৰ কথন ভংগী সম্পৰ্কে প্ৰথম অনুভৱটোৱেই হ’ল – আটোম টোকাৰী নিটোল কথন। এই কাব্যভাষা এদিনৰ সৃষ্টি নহয়। ইয়াৰ এটা ইতিহাস আছে। এই ইতিহাস কবিৰ ব্যক্তিজীৱনৰ ইতিহাসেই নহয়, অসমীয়া আধুনিক কবিতাৰ কাব্যভাষা নিৰ্মাণৰো ইতিহাস। “ৰূপান্তৰৰ বৰ্ণমালা”ৰ স্তৱক দুটা পঢ়াৰ আগেয়েই পাঠকৰ মনত যেন সুৰ এটাই দোলা দি যায়। [কোনে জানো এইষাৰ কথাই কৈছিল হীৰেণ ভট্টাচাৰ্যৰ কবিতা সম্পৰ্কে]। নিৰ্মলপ্ৰভা আৰু হীৰুদাৰ কবিতাৰ লীৰিকেল গুণটো সংৰক্ষিত হৈ আছে এই কবিৰ কবিতাত। তাৰ লগে লগে আছে প্ৰাণৰ আকুতি – যাৰ বাবে “শব্দৰ উম” ৰৌচন আৰাৰ কবিতাৰ বাবে এক উপযুক্ত ব্যাখ্যা সূচক হ’ব যেন লাগে। এই সময়তে “আখৰুৱা”ৰ মজিয়াৰ প্ৰকাশ কৰা “জুই” কবিৰ আন এটা অসাধাৰণ কবিতা। গোটেই কবিতাটোৱেই এটা প্ৰাৰ্থনাৰ দৰে।
আখৰুৱাৰ মজিয়াত এইজন কবিৰ উপস্থিতি এক আশীৰ্বাদ স্বৰূপ আৰু ন-শিকাৰু কবি সকলে তেখেতৰ কবিতাক এক আৰ্হি পাঠ হিচাপেও গ্ৰহণ কৰিব পাৰে। এই কথাষাৰৰ ভিত্তি হ’ল – ১) ভাষাৰ প্ৰয়োগ, ২) সু-সংহত চিন্তন প্ৰক্ৰিয়া অথবা কেন্দ্ৰীয় ভাবটিক লৈ কবিৰ নিজৰ মনত থকা স্পষ্টতা, ৩) যি বাক-ৰীতি প্ৰয়োগ কৰা হৈছে আৰু যি শাৰীৰিক অবয়বে গঢ় লৈ উঠিছে তাৰ মাজত নিহিত আটিল বিন্যাস।
“ৰূপান্তৰৰ বৰ্ণমালা”ৰ প্ৰথম স্তৱকৰ প্ৰথম দুটা চৰণ-
“তই মোক ফুলিবলৈ শিকালি
লোতকৰ ধাৰ মচি দুচকুত অঞ্জন সানি দিলি”
প্ৰাথমিক বৰ্ণনাৰে পাঠকক ই সুমুৱাই লৈ যায় কবিতাৰ নিজৰ বিচৰণ ক্ষেত্ৰখনলৈ। কাৰোবাৰ প্ৰতি সম্বোধন, য’ত আছে এটা কৃতজ্ঞতাৰ সুৰ।
“ইমান দিনে শিপাবলৈ
মাটি অকনকে বিচাৰি পোৱা নাছিলোঁ”
এইখিনি কবিতাটোৰ মাজভাগ, য’ত আছে সামান্য অভিযোগৰ সুৰ। এটা সংঘাতৰ ইংগিত।
“তই পাতি দিলি তোৰ বুকু”
এইখিনিতে আকৌ উভতি আহে প্ৰথমচোৱাৰ সেই কৃতজ্ঞতাৰ সুৰ, আৰু বেছি তীক্ষ্ণতৰ হৈ। আৰু বেছি গভীৰ এটা উপলব্ধি হৈ। মাত্ৰ পাঁচটা চৰণৰ এই কবিতাটোক যদি উপৰিউক্ত ধৰণেৰে তিনিটা ভাগত ভাগ কৰি চোৱা যায় এটা তিনি বিন্দুৰ সমষ্টি পোৱা যাব, যাৰ দ্বাৰা গঠিত হৈছে এটা পিৰামিড। যিকোনো শ্ৰেষ্ঠ শিল্পৰে ক্ষেত্ৰতে ৰূপগত ভাবে এই পিৰামিডটোৱেই এটা প্ৰাথমিক চৰ্ত হৈ আহিছে সৌ এৰিষ্টটলৰ দিনৰে পৰা।
ৰৌচন আৰা বেগমৰ সম্পূৰ্ণ কবিতাটো –
ৰূপান্তৰৰ বর্ণমালা
১
তই মোক ফুলিবলৈ শিকালি
লোতকৰ ধাৰ মচি দুচকুত অঞ্জন সানি দিলি
ইমান দিনে শিপাবলৈ
মাটি অকনকে বিচাৰি পোৱা নাছিলো
তই পাতি দিলি তোৰ বুকু
২
মোক পাহ পাহকৈ চিঙি নেপেলাবি বতাহ
সময়ৰ ডালত মোক ফুলিবলৈ দিবি
তোৰ খাজে খাজে ভৰাই লৈ যাবি মোৰ সুগন্ধি
এই সকলোবোৰ মাথো তোৰ বাবেই