কেনেকৈ কি হৈছিল একোৱেই বুজা নাছিলোঁ!
সামৰি থৈ হাবিয়াসৰ জপা
বৃষ্টিকাতৰ নৈখনত এৰি দিছিলোঁ জীয়নীয়া মাছকেইটা
আৰু শিল হৈ পৰিছিলোঁ!
সাঁচতীয়া পেৰা এনেকৈ মেলি ধৰা দুজন পাবলৈ টান!
ক্ষোভত ওন্দোলি উঠিছিল আকাশ
লোতক নিগৰি পৰিছিল বুকু ভৰি আৰু বৈ গৈছিল
নিছিগা ধাৰেৰে
অভিমানী শিলৰ ওপৰেৰে।
এই এচলু পিয়াহতে কত দিনেই যে খন্দা নাছিলো মাটি!
ক’ৰপৰানো হঠাৎ উফৰি উফৰি
ফিৰঙতি যেন তৰাবোৰ থোপা-থোপে কোঁচ ভৰি সৰি
উঠিছিল উজলি।
কেনেকৈ যে কি হৈছিল একোৱেই বুজা নাছিলোঁ,
ফেনেফোটোকাৰে নৈয়ে প্রাণ পোৱাৰ তাড়নাত
নে শিল নহৈয়ো অতদিনে মই শিল হৈ থকাৰ যাতনাত
কৰিছিলোঁ এই যাত্রা।
কোনে জানো ক’লে_
নিজৰাৰ খলকণি শুনিবলৈ ৰৈ থকা শিল পানীত বুৰিলেই
জানো কোমলে ?