গৈ আছিলো অকলশৰে অচিনাকী বাটচ’ৰা এটাৰে, যেন আকাংক্ষাৰ সোণালী সমুখ! হওক যুগমীয়া বুলিয়েই এই আৰম্ভণি দিছিলোঁ খোজ।
হঠাতে আহি পৰিল সৰি শুকুলা সুগন্ধি ফুল এপাহি, সুৱাসে কৰিবহি মতলীয়া বুলি দুহাতৰে ল’লোঁ আজলি পাতি। কেনেকৈ যে শিপাই আহিল এসোঁতা গৰল হাতলৈ! কাঁইটৰ আঁচোৰত শৰীৰ হ’লগৈ তেনেই থকাসৰকা।
অবাঞ্ছিত এই কাল ধুমুহাজাক শাম নকটালৈকে বাঢ়ি আছিল কলকলকৈ নিমাখিত হিয়াৰ সৰুকণ ধপধপনি। সেইপাহ ফুল নাছিল, আছিল মনৰ ভুল! চিনিছিলোঁ যেতিয়া, টোপাল টোপালকৈ তিতিছিলোঁ তেতিয়া।
এতিয়া বতাহজাক নাই, নাই সুগন্ধি তোৰণ; নিদানত অকলশৰীয়া কৰি থৈ ধোঁৱাৰ দৰে উৰি আঁতৰি গ’ল ক’ৰবালৈ। পিছ মুহূর্ততে উপলদ্ধি হ’ল, নাই যি নাই সঁচাকৈ নাই! নাই প্রলোভন, নাই সন্মোহন, আনকি ধুমুহাই থান-বান কৰি থৈ যোৱা বন-বিৰিখৰ ঠাৰি-পাতবোৰো ক’তো কেনিও সিচঁৰতি হৈ পৰি থকা নাই।
উৰুঙা পথাৰখনত আছোঁ নিৰলে থিয় হৈ, আকাশ-বতাহ-ৰ’দৰ দৰেই সুনিশ্চিত বসন্তৰ আগমনলৈ অপেক্ষা কৰি।