তোমাৰ পথাৰৰ কপাহ-কোমল শইচৰ চানেকি জুকিয়াই লৈ সিঁচো বুলি নিজাকৈ এডৰা সুগন্ধি, ভাবি থাকোঁতেই কেনিনো পাৰ হ’ল বেলি!
আধিলৈ লোৱা ছনপৰা দুপুৰা মাটি। শিল ভাঙি, বাট কাটি, গছ-বন নিৰাই, ঢিপবোৰ হুৰাই খেতিয়কৰ বাসনাৰে হাল-কোৰ জুৰি, দিনকাল হওকেই ফৰকাল নতুবা আকাশ ওন্দোলা ৰ’দৰেই আকাল! বিৰিয়া আৰু কাঁচিখনেৰে দেখিবও পাৰা এই নি:কিনক আলি-দোমোজাত ৰৈ থকা।
আকালেহে জানে ভৰে কেনেকৈ ভোগৰ চোতাল!
বোকাৰ পদুম আৰু বাগিছাৰ গোলাপ, ল’লোঁৱেই যেনিবা প্রৱাসত থকা সহোদৰ ভাই বুলি! দিঠকত মাৰ যাব উছাহৰ অতপালি। কিজানিবা এনেকৈয়ে বতৰ পৰে মনৰ শাঁত!
অৱশেষত লহৰে লহৰে ৰংবোৰ বুৰিল, ঢৌত পৰিলত হাবিয়াসৰ বেলি। নামি আহিল এজাক সুগন্ধি, ঘনে পতি চৰিল লাৱণী হাতৰ ধেনুভিৰীয়া কাঁচি। মুঠি মুঠিকৈ কাটি আনি লানি লানিকৈ সজালোঁ কলপাত, ন খাই সকলোটি হাঁহিমুখে গ’লগৈ। উদাত্ত চিত্তে পৰি ৰ’লোঁ দুহাত মেলি দিগন্তৰ পৰিধি চুমি!