পানী অনাৰ চলেৰে গাগৰিটোক সাৰথি কৰি
খৰতকীয়া খোজেৰে নৈ লৈ বাট পোনাওঁতে
চেঁচা পৰি আহিছিল হাত-ভৰি!
চিনাকী গছবোৰৰ ক্রমান্বয়ে দীঘল হৈ অহা ছাঁবোৰে
অচিনাকীৰ দৰে বাট-পথ আগচি ধৰিছিলহি,
জয়াল হাবিখনে নে অথাই সাগৰ যেন সিদিনাৰ নৈখনে
সপ্ত চেতনাৰ শিখৰত দবা কোবাইছিল!
শুনো কি নুশুনোকৈ ৰৈ থকা সুহুৰি এটা
ক’ৰবাৰপৰা কাষচাপি আহিছিল।
বিজয়ীৰ গৌৰৱেৰে নে কাৰুণ্যতাৰ আটাহেৰে তভক মাৰি
কিছুপৰলৈ ৰৈ গৈছিলোঁ নিজৰ মাজতে।
কি এৰি আহিছিলোঁ, ক’লৈ বাট বুলিছিলোঁ
এশ এবুৰি সাঁথৰ ভাঙি থাকোতেই
বান্ধি থোৱা ডিঙাখনত ডিঙৰা সামৰি উঠোঁতেই তুমি
কেতিয়ানো তড়িৎ গতিত
নৈৰ জোনাকত হেৰাই পৰিছিলোঁ আমি।
কঁহুৱা-কোমল আইৰ আঁচলৰ ছাঁ এৰি,
পিতাইৰ ভৰসাৰ গাঁঠি চিঙি,
পাৰ ভাঙি দুধাৰে বৰষিছিল আন এখন নৈ!
পানীৰে সৈতে ব’ঠাৰ কথোপকথনৰ
সুমিষ্ঠ আৱেশে সজীৱ কৰি তুলিলেও নীৰৱতা,
মাৰ নিয়াবপৰা নাছিলোঁ;
দহোদিশ কঁপাই তোলা বেদনাহত শংকাৰ ঢৌ!