১
সৰিপৰা পকা গছ-পাতৰ দৰেই
বতাহজাকত
নিয়ৰৰ ফুলবোৰ উৰিছে
২
কেৱল এটা শুভবার্তা
অনুনাদী ৰৌদ্রজ্জ্বল আন্তৰিকতা
আৰু একো নাই !
৩
তৰাৰ চাকিবোৰ নুমাৱাই
পুৱতিৰ শেতেলীত
কুৱঁলিৰ নিহালিখন টানি
জোনটো শুই পৰে
৪
তোমাৰ অপেক্ষাতে ফুলিছিল ফুল,
বৈ আছিল সুগন্ধি।
এতিয়া শীর্ণ নদীৰ বুকুত সোঁতৰ ফুল
শুকাই শেঁতা পৰি ৰৈছে।
৫
এনেকৈ আৰু কিমান দূৰলৈ আগবাঢ়ি যাবা !
এন্ধাৰৰ শূলে বিন্ধিছে দেহা
খোজে প্রতি একোটাহত শৱদেহৰ টিলা।
(সম্ভাৰ, অসমীয়া প্রতিদিন, ৩০/১১/২০১৪)
৬
কেনেকৈ ভাবিব পাৰিছা
পানীত ডুবি মৰাজন
তোমাৰ চুবুৰীৰ নাছিল
জুইত দগ্ধ হোৱা গাওঁখন
তোমাৰ জিলাৰ নাছিল
৭
সকলো কায়াৰে নাথাকে ছায়া
ফুল থাকিলেও সজাগ নহয় মৃত পখিলা!
৮
মোৰ মাজৰ এটি গীত
তুমি গুণগুনাইছা
মোৰ ফুলনিখনৰ পখিলাজাকত
আজি তুমি মোহিত হৈছা
৯
নির্জনতাত মই তোমাক শুনো
কোলাহলত মই তোমাক দেখো
তুমি নদী নে পোহৰ !
১০
সোণালী শৈশৱৰ নিস্পাপ ধেমালি
বুকু উজাৰ কৰা মাথো সোঁৱৰণি
(দৈনিক অসম, ১৬/১১/২০১৪)
১১
কাহিলিপুৱাতে
থোৰ মেলা পথাৰত
ৰ’দজাকৰে
কুঁৱলীৰ
অগা-ভেটা।
যেন জোঁৰ পুৰি
হাত নোপোৱালৈকৈ
লাগি থাকিব
থৈয়া-নথৈয়া ৰণ।
১২
দুপৰ নিশা জোন যেতিয়া নৈত নামে
সোঁতে ডিঙা সাজি
উটুৱাই নিবলৈ ৰৈ থাকে
১৩
এতিয়া মই আগৰ নিচিনাকৈ
অকলশৰীয়া নহয়!
ছেগ বুজি থিতাপি লোৱা শিলটোৰে
মোৰ বুকুখন গধুৰ।
১৪
নৈখন যেতিয়া উপচি উঠে, মাছে
পানীত খলকণি তোলে
মৌ-মাখিবোৰকো উৰি ফুৰা দেখা নাই!
এই শুকান বতৰত
বতাহতনো কিহৰ গুণগুণনি!
(জনসাধাৰণ, ১৩ ডিচেম্বৰ, ২০১৪)
১৫
বয়সত বৰণ সলোৱা মোৰ চুলিকোছাৰ দৰে
ঘাঁহবোৰ মুগা বৰণীয়া হৈ পৰিছে
১৬
চেঁচা হ’বলৈ ধৰা এটা শৰীৰৰ
মই ঢিমিক-ঢামাক ছাঁ
উজ্বলি থকা দুপৰীয়াটোলৈ ৰ লাগি চাই থকা
১৭
কিলখোৱা বিলৰ মাছবোৰ মৰিল
অৰণ্যৰ নাম আৰু অৰণ্য হৈ নেথাকিল
বিবর্ণ মুখৰ বেলিটোৰে সৈতে
এজাক পোহৰ
পুনী-মেটেকাৰ তলত জাহ গ’ল।
১৮
তেওঁ আহোতে মোলৈ এখন সাগৰ
কঢ়িয়াই আনিছিল
তৰংগায়িত ঢৌবোৰত হেনো
আমাৰ অতীত, বর্তমান
আৰু ভবিষ্যত অঁকা থাকে।
কথাটো কিমান দুৰলৈ সঁচা মই
কেতিয়াও ভাবি চোৱা নাই !
কিন্তু, ওফন্দি উঠা ঢৌবোৰলৈ চাই
মই আজিও হাঁহো, কান্দো আৰু শিয়ৰি উঠো!
(জনমভূমি, ৰঙালী বিহু বিশেষ, ২০১৫)
১৯
নিমাওমাও চোতালখনত এটা জেকা গধূলি
ৰ’দালি পালেগৈ দিখৌৰ বালি চাপৰি
২০
ন’ পানী পাই গছ-বন কুঁহিপাতেৰে ঠন ধৰি উঠিছে
কুলি কেতেকীয়ে তাতে পৰি বিননি জুৰিছে
কোমল ৰ’দজাকত বাৰেবৰণীয়া ফুলৰ
কবিতাৰ লতাডালে জীপ ল’বলৈ বিচাৰিছে
আটোম-টোকাৰিকৈ হেডালিখন পাতি দিছোঁ মই পুৱাতে
ডাল ভৰি ভৰি শব্দৰ কুঁহিবোৰ গজি উঠিবলৈ
২১
পূবৰপৰা পশ্চিমলৈ যেতিয়া তেওঁ আগুৱাই
হেমন্তৰ চেঁচা বতাহজাক হেৰায়
ঘাটে-পথাৰে শৰালিজাকৰ কিচিৰ-মিচিৰ শব্দত
বন-বিৰিখৰ জাকৰুৱা ছাঁ সৰে
নৈৰ পাৰে পাৰে আগুৱাই বতাহজাকে
শুকান পাতবোৰক মাতেগৈ
মর্মৰ ধ্বনিৰে সৰিপৰা পকা গছপাতে বতাহক
বিমুখ কৰিব নোৱাৰে
২২
এজাৰজোপাৰ ছাঁত নিজকে এৰি থৈ অহাৰেপৰা
গছজোপাৰ ঠাল-ঠেঙুলিবোৰ বেগুনীয়া ফুলেৰে ভৰি পৰিছে
২৩
মোৰ চকুত চকু থৈ কিতাপখনে
কবিতা আওৰাইছে।
ছন্দোবদ্ধ অলংকাৰৰে প্রাণ পাই উঠিছোঁ মই
(নিয়মীয়া বার্তা, বাঁহী, ২৭ মার্চ, ২০১৬)
২৪
কাৰ অপেক্ষাত থাকোঁ মই!
নিৰল-নিজান এই পুৱা-গধূলি কাৰ নিশাহৰ ছন্দই
দি যায় পূর্ণতা;
অবিকল সেই স্পর্শানুভূতিৰ।
২৫
কোনোবাই মোক ৰিঙিয়াই মাতিছিল
বিৰামবিহীন এক প্রাচীন ধ্বনি!
হৈছিল য’ত এক আৰম্ভণি, সেই তেতিয়াৰেপৰা
আলিবাটত ৰৈ আছোঁ মই।
২৬
ভৰি পিছলা নাই!
নামি আহিছো ইচ্ছাকৃত ভাবে।
বীজৰ আৱৰণ ফালি ওলাই অহা
গছপুলিটোৰ দৰে
মোৰো যে আকাশলৈ চোৱাৰ মন।
২৭
চকামকা পোহৰত দেখিছিলোঁ
দুখন ওঁঠৰ কঁপনি!
তেতিয়াৰেপৰা আৰু মই জোনলৈ মোহ কৰা নাই।
২৮
মলঙা সপোনবোৰ দুটি-এটিকৈ থোৰ মেলিব বিচাৰিছে
তোমাৰ দুহাতৰ জেউতিৰে আৱৰি লোৱা।
২৯
সকলো ঠিকনা হেৰুৱাই পেলোৱাৰ পিছতো
স্মৃতিৰ জোলোঙাটো
সাঁচিপতীয়া চনকা সুগন্ধিৰে ভৰি থাকে।
(দৈনিক অসম, ২৩ অক্টোবৰ, ২০১৬)
৩০
ক’ত জানো দেখিছিলোঁ পাহোৱাল দুবাহুৰ মায়ালগা ছাঁ!
যি মোক আকোৱালি দূৰলৈ দিয়ে ঠেলি।
৩১
সেই দিনবোৰত শিলতো আছিল কোমলতা!
বালিৰো আছিল সুগন্ধি সেমেকা।
৩২
খুঁটিয়াই খুঁটিয়াই তুমি উৰি যোৱা, বিৰিঙি উঠে তেজ।
নাপাওঁ বিচাৰি, সোঁৱৰণিৰ ছাঁত জিলিকে যি!
৩৩
মোৰ অহমিকা শতযুগৰ সাঁচতীয়া গাঁঠিৰ ধন!
নেভাঙো নেভাঙো মোক নকবি কিৰপন।
৩৪
তোৰ শীর্ণ ঊতিটোৰ পাৰত বহি ভাবিছোঁ
ক’লৈনো গলিগৈ বৈ, অ’ মোৰ মৰমৰ জীয়া ভৰলী নৈ।
৩৫
কোনে বজায় বাঁহী বিয়লিৰ বলুকাত বহি!
চপাই আনে কাষলৈ বিৰিখ বুলি ইকৰা-খেৰণি।
৩৬
প্রখৰ ৰ’দত ৰিমঝিম এজাক বৰষুণৰ ধেমালি,
কুঁৱলি ফালি ওলাই অহা ৰ’দৰ জিলিকণি।
৩৭
ফাগুনৰ ধূলি-বালি বছৰি গৈ উলটি আহে
নাহে মাথো পাৰ হৈ যোৱা খোজ দূৰলৈ বুলি।
৩৮
তেতিয়াৰ সুহুৰিটোৱে আজিও মন মুহি নিয়ে বাঁহীৰ দৰে
ৰ’দে বৰষুণৰ হেঁপাহতে দেই পুৰি মৰে।
৩৯
গছজোপাত এহাল কপৌ, খুদ বিচাৰি এতিয়া
সিহঁত চাৰিওটা ক’ৰবালৈ উৰি গ’ল!
৪০
উৰি যোৱা চৰাই নীড় মুখী
উৰি অহা মানেই খুদ বিচাৰি।
৪১
ঘূৰি আহক সুদিন, ঘূৰি আহক জোনাক ৰাতি;
জোন গলি গলি প্রতিভাত হওক বেলি।
৪২
মোৰ বুকুৰ পুখুৰীটোত পুঠি-দৰিকণা চৰে,
আনৰ ছাঁটোকে নিজৰ বুলি যেতিয়া সাৱতি ধৰে।
৪৩
কাইলৈ বা কোন কেনেকৈ হ’বগৈ বাতৰি!
ক’লৈ বা যাবগৈ চিৰদিনলৈ আতৰি।
৪৪
গোটেইখন মৰুভূমি হ’বগৈ বুলি
ভাবিবইপৰা নাছিলোঁ!
এনেকৈয়ে দৃষ্টিহীনৰ দৰে খেপিয়াই সকলোৱে
পিয়াহৰ এটুপি পানী।
যোৱাকেইবছৰ ৰিণি ৰিণি
ক’ৰপৰা বাজিছিল সেউজৰ স্বৰলিপি
গীতৰ ৰাগীত মজি থাকোতে
ভবাই নাছিলোঁ কেনেকৈ যাম আজিৰ
এই খৰাঙত আগবাঢ়ি!
অনাগত দিনবোৰ যে তেনেই ছুটী
মৰুময় ভাৱনাৰ হওক ইয়াতেই যতি।
৪৫
অৱশেষত ছটফটনিবোৰ মাৰ গ’ল!
বেলি পৰিলত, লহৰে লহৰে ঢৌবোৰ উৰিল।
কলহৰ কাণেৰে ঢলা বৰষুণজাকত
থাউনি নোপোৱা
পুঠি-চেলেকণাকেইটাৰ পাখি গজিল!
(মণিকূট, ই মেগাজিন)
৪৬
এতিয়া মই আগৰ নিচিনাকৈ অকলশৰীয়া নহয়!
ছেগ বুজি থিতাপি লোৱা শিলটোৰে মোৰ বুকুখন গধুৰ।
৪৭
নৈখন যেতিয়া উপচি উঠে, মাছে পানীত খলকনি তোলে।
মৌমাখিবোৰক উৰি ফুৰা দেখা নাই,
এই শুকান বতৰত বতাহতনো কিহৰ গুণগুণনি !
৪৮
চাৰিওফালে ঘিটমিটিয়া এন্ধাৰ,
সাঁজৰ তৰা এটিও দেখিবলৈ নাই।
জিলীৰ মাতকে সাৰথি কৰি
দুপৰ ৰাতিৰ খোঁজবোৰ আগবাঢ়িছিল।
৪৯
বেদনা জগোৱা আঙুলীৰে চুই গ’ল বৰষুণে,
বিয়লিৰ বলুকাত কাৰ বাঁহীৰ সুৰ !
৫০
ৰান্ধনি বেলিও হ’ব নোৱাৰিলোঁ!
আনকি, শহা আৰু কাছৰ সাধুটোৰ পৰাও
একোকেই নিশিকিলোঁ।
৫১
বয়সত বৰণ সলোৱা মোৰ চুলিকোছাৰ দৰে
ঘাঁহবোৰ মুগাবৰণীয়া হৈ পৰিছে।