দেশ-বিদেশ ফুৰিবলৈ স্বাভাৱিকতেই ভাল পাওঁ। সেয়ে, যোৱা ২০০৭ চনৰ ২০ মে’ৰ পৰা ২৩ মে’লৈকে চীনদেশৰ চাংহাই চহৰত ইউনিভাৰছিটি অৱ ছায়েন্স এণ্ড টেকন’ল’জীয়ে আয়োজন কৰা ‘ফিফটিন ইন্টাৰনেছনেল কনফাৰেন্স অন ইন্টাৰডিছিপ্লিনাৰী মেথেমেটিকেল এণ্ড ষ্টেটিচটিকেল টেকনিকছ’ত ভাগ ল’বলৈ আমন্ত্রণ পাই মই উৎফুল্লিত হৈ পৰিছিলোঁ।
‘ইউনিভাৰছিটি অৱ ছাউথ এলাবামাই আয়োজন কৰা এই সন্মিলনত যোগ দিবলৈ আৰু চীনদেশখন নিজৰ চকুৰে চাই অহাৰ উদ্দেশ্যৰে মই মোৰ বান্ধবী ড: কুঞ্জ ডেকা (হেন্দিক গার্লছ কলেজ) আৰ মোৰ স্বামীৰ সৈতে যোৱা ১৭ মে’ত গুৱাহাটীৰ লোকপ্রিয় বৰদলৈ বিমান বন্দৰৰ পৰা ছাহাৰা এয়াৰলাইনছৰে প্রথমতে দিল্লীলৈ উৰা মাৰোঁ। পাছদিনা পুৱা ৩:১৫ বজাত দিল্লীৰ আন্তর্জাতিক বিমান বন্দৰৰ পৰা ইষ্টার্ণ চাইনিজ নামৰ বিমানেৰে আমি চাংহাইলৈ যাত্রা কৰাৰ কথা। দিল্লীৰ আন্তর্জাতিক বিমান বন্দৰ পাওঁ মানে ৰাতি ১২টা বাজিছিল। ভাগৰত আমাক টোপনিয়ে হেঁচা মাৰি ধৰিলেও শুব পৰা নাছিলোঁ। কাৰণ, কিছু সময়ৰ পাছতে আমি পুনৰ চাংহাইলৈ যোৱা বিমানত উঠিব লাগিব। চাংহাইৰ স্থানীয় সময় আমাৰ ভাৰতীয় সময়তকৈ আঢ়ৈঘন্টা আগবঢ়া। গতিকে, দিল্লীৰ পৰা বিমানেৰে ছঘন্টা সময় একেৰাহে গৈ থকাৰ পাছত চাংহাইৰ সময় অনুসৰি প্রায় ১২:৩০ বজাত আৰু আমাৰ ভাৰতীয় সময় অনুসৰি দিনৰ প্রায় ১০ বজাত আমি চাংহাইৰ পুদুং বিমান বন্দৰ পাওগৈ। পৰিস্কাৰ-পৰিছন্ন পুদুং বিমান বন্দৰৰ চীনা কর্মচাৰীসকলৰ কর্তব্যবোধ দেখি আমাৰ ভাল লাগিছিল। যাৱতীয় কাগজ-পত্রবোৰ কাষ্টমছ বিভাগত সম্পূর্ণ কৰি আমি এখন টেক্সিৰে কনফাৰেন্সৰ পৰা ঠিক কৰি থোৱা এখন তিনি তাৰকা যুক্ত হোটেলত (হ’প হোটেল) উঠোঁগৈ।
‘চাইনীজ একাডেমী অৱ ছায়েন্স’-এ প্রতিষ্টা কৰা ইউনিভাৰছিটি অৱ ছায়েন্স এণ্ড টেকন’ল’জী এখন আটক ধুনীয়াকৈ সজোৱা অত্যাধুনিক বিশ্ববিদ্যালয়। ১৯৫৮ চনৰ ছেপ্টেম্বৰ মাহত বেইজিঙত এই বিশ্ববিদ্যালয় স্থাপ কৰা হছিল যদিও ১৯৭০ চনৰ আৰম্ভনিতে আনহুই চহৰৰ ৰাজধানী হাইফীলৈ স্থনান্তৰ কৰা হয়। এই বিশ্ববিদ্যালয়খনৰ অধীনত চাংহাইৰ পুদুঙৰ ৯৯ ঝিংপু ৰোডত অৱস্থিত ‘চাংহাই ইনষ্টিটিউট ফৰ এডভান্স ষ্টাডিজ’ত আমাৰ সন্মিলন পতা হৈছিল। পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা অহা পৰিসংখ্যাবিদসকলক লগ পাই আৰু সেইকেইদিন তেওঁলোকৰে সৈতে ভাব বিনিময় কৰি বৰ ভাল লাগিছিল। বহু ভাৰতীয় মানুহকো তাত আমি লগ পাইছিলোঁ। গুৱাহাটী, ডিব্রুগড়, শ্বিলং, দিল্লী, লক্ষ্ণৌ, কলকাতা আদি ভাৰতৰ বিভিন্ন ঠাইৰ কেইবাজনো লোকে সন্মিলনত ভাগ লৈছিল।
চীনৰ পূব উপকূলৰ মাজত য়াংজি বা চাংজিয়াং নদীৰ মুখত আৱস্থিত এই চাংহাই চহৰ। চাংহাইক পুদং আৰু পুক্সি এই দুটা ভাগত বিভক্ত কৰিব পাৰি। হোৱাংহো নদীৰ পূবত পুদুং আৰু পশ্চিমত পুক্সি। হুই, মানচুৰিয়ান, তির্বেতিয়ান, কোৰিয়ান, হান, চাইনিজ আদি জনগোষ্টীৰ প্রায় ৮০ লাখ মানুহৰে ভৰি থকা চাংহাই এখন আটকধুনীয়া চহৰ। ইয়াৰ বাসিন্দাসকলৰ ঐতিহাসিক আৰু সাংস্কৃতিক জীৱনৰ বিষয়ে জানিবলৈ হ’লে বিভিন্ন বুৰঞ্জীমূলক ঘটনাৰাজিৰ স্মৃতিৰে সমৃদ্ধ ঠাইবোৰলৈ গ’লেই হ’ল। সন্মিলনৰ তিনিওটা দিন ব্যস্ত থাকিবলগীয়া হোৱাৰ বাবে সেই ঠাইবোৰ চাবলৈ আমাৰ বিশেষ সুবিধা নহ’ল। সন্মিলনৰ পাছত সন্ধিয়া ছয় বজাত ৰাতিৰ আহাৰ খাই আমি ওলাই গৈছিলোঁ আৰু ওচৰ-পাঁজৰৰ কিছু ঠাই ফুৰি উভতি আহিছিলোঁ। কনফাৰেন্স শেষ হোৱাৰ পাছদিনা অর্থাৎ ২৪ মে’ৰ দিনা আমাৰ হোটেলৰ পৰাই গাই প্রতি ভাৰতীয় ১৩৫০ টকাৰে বুক কৰা এখন ডাঙৰ বাছেৰে চাংহাই ভ্রমণ কৰিছিলোঁ। আমাৰ বাছখনত থকা গাইডজনে ইংৰাজী নজনাৰ বাবে আৰু আমি চীনা ভাষা নুবুজাৰ বাবে গাইডে কি কি বুজাই কৈ ঘৈছিল, আমি গম নাপালেও ফুৰি-চাকি ভাল লাগিছিল।
প্রথমতে আমাক পুদুং পার্কত থকা অৰিয়েন্ট পার্ল টি ভি টাৱাৰ চাবলৈ লৈ যায়। এই টাৱাৰৰ উচ্চতা ৪৬৮ মিটাৰ আৰু ই বিশ্বত তৃতীয় স্থান অধিকাৰ কৰি আছে। ইয়াৰ উত্তৰ-পূবত য়াংপু ব্রীজ আৰু দক্ষিণ-পশ্চিমত নানপু ব্রীজ। টি ভি টাৱাৰৰ সৌন্দর্যি আমাক মুগ্ধ কৰিছিল। ইয়াৰ পাছত আমাক হোৱাংহো নদীৰ পাৰৰ বান্ধ চাবলৈ নিয়ে। এই বান্ধ জিনলিং ৰোডৰপৰা আৰম্ভ হৈছে। ই প্রায় দেৰ কিলোমিটাৰ দীঘল। আগদিনা ৰাতি আমি নিজাববীয়াকৈ আহি এই নান্ধৰ মনোমোহা ৰূপ চাই মোহিত হৈছিলোঁ। সেইদিনা এখন ফেৰীৰে আমাক হোৱাংহো নদীত প্রায় এক-দেৰ ঘন্টা ফুৰিবলৈ দিছিল। এই বান্ধৰ পৰাও আমি অৰিয়েন্ট পার্ল টি ভি টাৱাৰৰ লগতে ওচৰ-পাঁজৰে থকা সুউচ্চ আট্টালিকাবোৰৰ সৌন্দর্য উপভোগ কৰিব পাৰিছিলোঁ। এনে লাগিছিল যেন গোটেই চাংহাই চহৰখনেই হৌৱাহো নদীৰ পাৰে পাৰে আমাৰ চকুত ভাহি ভাহি আগলৈ গৈ আছে।
২৫ মে’ৰ দিনা আমি ইষ্টার্ণ চাইনিজ বিমানেৰে পুদুং বিমান বন্দৰৰ পৰা বেইজিঙলৈ যাত্রা আৰম্ভ কৰোঁ। চাংহাই এৰি আহিবৰ সময়ত খুউব বেয়া লাগিছিল। এসময়ত আমি বেইজিং বিমান বন্দৰত অৱতৰণ কৰোঁ। বাহিৰত এখন ধুনীয়া গাড়ীৰে সৈতে এগৰাকী ২৬/২৮ বছৰীয়া ইংৰাজী ক’বপৰা গাইড আমাৰ বাবে ৰৈ আছিল। তেওঁ নিজৰ নাম ‘এমী’ বুলি কৈ হাঁহি মুখেৰে আমাৰ লগত চিনাকি হৈছিল। তেওঁ তিনিদিনীয়া বেইজিং ভ্রমণৰ কাগজ-পত্রবোৰ আমাৰ হাতত দি সকলো কথা সুন্দৰকৈ বুজাই দিছিল। বেইজিঙত আমাৰ বাবে ঠিক কৰি থোৱা ডং ফাং নামৰ হোটেলখনত আমাক নমাই দি পাছদিনা পুনৰ পুৱা ৮:৩০ বজাত লগ কৰাৰ কথা কৈ সেইদিনালৈ এমীয়ে আমাৰ পৰা বিদায় লৈছিল। পাছদিনা পুৱাৰ আহাৰ হোটেলত খাই উঠাৰ পাছতে এমীৰ সৈতে বেইজিং চহৰৰ মধ্যত থকা টিয়ানানমেন স্কোৱাৰ চাবলৈ যাওঁ। টিয়ানানমেন স্কোৱাৰ পৃথিৱীৰ ভিতৰতে দ্বিতীয় ডাঙৰ স্কোৱাৰ। ই উত্তৰপৰা দক্ষিণলৈ প্রায় ৮৮০ মিটাৰ আৰু পূবৰপৰা পশ্চিমলৈ ৫০০ মিটাৰলৈ বিস্তৃত। দৈনিক প্রায় দহ হেজাৰ মানুহে ইয়াক চাবলৈ আহে। মিং ডাইনেষ্টিৰ (১৩৬৮-১৬৪৪) ৰাজত্ব কালত ইয়াক নির্মান কৰা হৈছিল। ইয়াৰ পাছতে আমি চাবলৈ যাওঁ ইতিহাস প্রসিদ্ধ ফৰবিডেন ছিচিটি, যাক পেলেচ মিউজিয়াম বুলিও মানুহে জানে। বেইজঙৰ সোঁমাজতে থকা এই ৰজাদিনীয়া মহলটোক চাইনিজ ভাষাত গুগং মিউজিয়াম বুলিও কয়। মিং ডাইনেষ্টিৰ ৰাজত্ব কালত (১৪০৬ ৰপৰা ১৪২০ খৃষ্টাব্দলৈ) ইয়াক সজা হৈছিল। এই মহলটোক এতিয়াও ৰজাদিনীয়া বহু মূল্যবান সামগ্রী আছে। এমীয়ে আমাক ১৪২০ ত স্থাপন কৰা আৰু বেইজিংঙৰ দক্ষিণত থকা অৱস্থিত ‘টেম্পল অৱ হেভেন’ চাবলৈ লৈ যায়। মে’ মাহৰ সেইদিনকেইটাত চাংহাইৰ বতৰ আমাৰ অক্টোবৰ মাহৰ দৰে বাবে আমি তাত বিশেষ গৰম অনুভৱ কৰা নাছিলোঁ। কিন্তু, বেইজিঙত সেই সময়ত আমাৰ মে’-জুন মাহৰ দৰে গৰম আৰু চোকা ৰ’দ। ছাতি আৱু পানীৰ বটল নহ’লেই নহয়। দুপৰীয়া আহাৰৰ বাবে ভাৰতীয় খাদ্য পোৱা এখন ৰেষ্টুৰেন্টলৈ এমীয়ে আমাক লৈ যায়। চাইনীজসকলৰ খাদ্য তালিকাত সাধাৰণতে আমাৰ মানুহৰ বাবে অখাদ্য যেন লগা কিছুমান খাদ্য বস্তু আছিল। যিবোৰ খোৱাৰ কথা আমি ভাবিবও নোৱাৰোঁ। যেনে, কেৱল হাঁহৰ ঠোঁট আৰু ঠেঙৰ আঞ্জা, বীফ আৰু প’র্কৰ বিভিন্ন ব্যঞ্জন, চুপ, সাপ আৰু কেঁকোৰাৰ আঞ্জা, সাগৰীয় অচিনাকী বিবিধ মাছ ইত্যাদি। চাংহাইত থকা তিনিটা দিনত আমি কনফাৰেন্সতে খোৱা-বোৱা কৰিছিলোঁ। হোটেলত খবৰ কৰি ওলাই গ’লে খাবলৈ আমি এখন পাঞ্জাবী ধাবা বিচাৰি উলিয়াও। হ’প হোটেলৰপৰা প্রায় এক কিলোমিটাৰ খোজকাঢ়ি গ’লেই ধাবাখন পোৱা যায়। তাত কাউন্টাৰত থকা মেনেজাৰকে আদি কৰি সকলোবোৰ পৰিচাৰিকাই চুৰিদাৰ পাঞ্জাবী পিন্ধিছিল আৰু পাঞ্জাবী গীত পৰিবেশন কৰিছিল। তাত আমি এটা যেন ঘৰুৱা পৰিবেশ বিচাৰি পাইছিলোঁ।
আহাৰ খাই চিল্ক ছপ চাবলৈ যাওঁ। তাত চিল্ক, ছাটিন আৰু কাশ্মীৰী সূতাৰে বোৱা কাপোৰ আৰু ৱাল হেঙিঙৰ সৌন্দর্য দেখি অভিভূত হওঁ। উভতি আহোতে বেইজিঙত থকা ৰজাদিনৰ একমাত্র বৌদ্ধ মন্দিৰ লামা টেম্পল চাওঁ। বেইজিং ভ্রমণৰ সেই প্রথম দিনটোত মনত দকৈ সাঁচ বহুৱাব পৰা উপভোগ্য সময়খিনি আছিল ‘বেইজিং ৰেড থিয়েটাৰ’ত চোৱা ‘দ্য লিজেণ্ড অৱ কুংফু’ নামৰ শ্বটো।
২৭ মে’ৰ পুৱা ব্রেকফাষ্ট কৰি আমি চীনৰ সুবৃহৎ প্রাচীৰ চাবলৈ যাওঁ। আজিৰ পৰা প্রায় ২০০০ বছৰৰো পূর্বে এই প্রাচীৰ সজা হৈছিল। খ্রীষ্টপূর্ব তৃতীয় শতিকাৰ পৰা সোতৰ শতিকাৰ প্রথম ভাগলৈকে নির্মিত প্রাচীৰ সমূহৰ ভিতৰত ‘গ্রেট ৱাল অৱ চাইনা’ মিং ডাইনেষ্টিৰ প্রথম সম্রাট কিং ছাই হুৱানজিয়ে নির্মান কৰিছিল। এই প্রাচীৰখন ৫০০০ কিলোমিটাৰ দীঘল আৰু ইয়াক পৃথিৱীৰ বহু ওপৰৰ পৰা দেখা যায়। চীনৰ প্রাচীৰ চাই আহি দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত পুনৰ ‘গ্রীষ্ম স্থান’ চাবলৈ গ’লোঁ। বেইজিঙৰ পৰা ১৫ কিলোমিটাৰ নিলগত থকা এই গ্রীষ্ম স্থানত ৩০০০ হাজাৰৰো অধিক স্মাৰকচিহ্ন দেখিবলৈ পোৱা যায়। এই গ্রীষ্ম স্থানক প্রধানত চাৰিটা ভাগত ভগাব পাৰি। যেনে, ক’র্ট এৰিয়া, ফ্রন্ট হিল এৰিয়া, ফ্রন্ট লেক এৰিয়া আৰু ৰেয়াৰ হিল এণ্ড ব্লেক লেক হিল এৰিয়া।
চাংহাই আৰু বেইজিং ভ্রমণৰ পাছত এটা কথা উপলদ্ধি হৈছিল যে চীনাসকলে নিজৰ দেশক, নিজৰ ভাষাক আৰু নিজৰ সংস্কৃতিক খুউব ভাল পায়। তেখেতসকলে নিজৰ ভাষাটোক কেৱল সাহিত্য চর্চা কৰোঁতেই নহয়, বুৰঞ্জী, বিজ্ঞান, প্রযুক্তিবিদ্যা, চিকিৎসা সম্পর্কীয় তথ্যপাতিটো প্রধান্য দিয়ে। কোনো কাৰণতে তেওঁলোক ইংৰাজী ভাষাৰ ওপৰত নির্ভৰশীল নহয়। অৱশ্যে ইংৰাজী নজনাৰ বাবে চীনত বিদেশী মানুহে ভাব বিনিময় কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। তেওঁলোকৰ অতি কম সংখ্যকেহে ইংৰাজী ভাষা ভালদৰে জানে। হ’বলগীয়া অলিম্পিকৰ বাবে সেইকেইদিনত সাধাৰণ চীনা মানুহক ইংৰাজী ভাষাৰ প্রশিক্ষণ দি থকা দেখিবলৈ পাইছিলোঁ।
চীনাসকল কঠোৰ পৰিশ্রমী আৰু অমায়িক। দোকান-বজাৰ সকলোতে মহিলাৰ প্রাধান্য দেখা পাইছিলোঁ। চীনত থকাকেইদিন ঠগ-প্রবঞ্চকৰ বাবে ভয় কৰিবলগীয়া পৰিবেশ নাছিল। আমাৰ দেশৰ দৰে বাটে-ঘাটে ভিক্ষাৰী মানুহো দেখা নাপালোঁ। চীনৰ গাঁও অঞ্চললৈ যোৱাৰ ইচ্ছা থাকিলেও পূৰণ নহ’ল। ২৯ মে’ত পুনৰ ইষ্টার্ণ চাইনিজ বিমানেৰে চাংহাই হৈ উভতি আমি দিল্লী পাওঁহি আৰু দিল্লীৰপৰা গুৱাহাটী হৈ তেজপুৰলৈ আহোঁ।