এই পৃথিৱীৰ আহত আৰু নিহতসকলে মর্মাহত হৈ
মেল এখনৰ আয়োজন কৰিছিল,
আলাই-আথানি দূৰ কৰিবলৈ বুলি
দান পাত্রসমূহ, ইষ্ট দেৱতাৰ
কৰকমলত তুলি দিবলৈ ঠিক কৰিছিল
আৰু কৰণি উপচিপৰা বৰঙনিৰে
বোজা পাতলাব ভাবি শান্তি লভিছিল।
যাৰ উঞ্চ পৰশত ব্যাপ্তি-পৰিসমাপ্তি,
যি সময়ৰ নির্নিমেষ নির্নায়ক,
সেই দিন আৰু ৰাতিক কৰুণা প্রাপ্তিৰ উদ্দেশ্যে
যুগ নিদ্রাৰপৰা জগাই
তুলিবলৈকো সুৰুঙা বিচাৰি ফুৰিছিল।
এদিন নির্বিকাৰ দিন-ৰাতিক আক্ষেপ নিৱেদন কৰি কৈছিল__
হে’ দিন, হে’ ৰাতি!
বহুমাত্রিক ক্ষেত্রত অৱস্থান কৰাসকলক
ত্রিমাত্রিক ক্ষেত্রৰপৰা আমি নেদেখো, নেজানো, নুবুজো!
মাথো সন্মোহিত হৈ থাকো!
নিৰীহৰ ওপৰৰে তেনেকৈয়ে পাৰ হৈ যায়,
হত্যা-হিংসা, ধুমুহা আৰু ভূমিকম্পৰ বিধ্বংসী কাণ্ডবোৰ!
হে’ দিন, হে’ ৰাতি!
অদাহ্য ঘটনাবোৰে বাৰু সমূলঞ্চে
নির্মূল নকৰিবনে জীৱকূল!
এবাৰলৈ অন্তত নিৰাময়ৰ কাৰক হোৱা,
বর্তি থাকক এই পৃথিৱী।
প্রবাহমান কালৰেপৰা দিন-ৰাতিৰ ক্ষীপ্র দৃষ্টিত
অবিশ্বাস কৰিবলগীয়া একো নাছিল।
পিছে, কোনো এক অজানিত কাৰণত উভতি বৈ গৈছিল সমুদ্র!
নিপীড়িতজনৰ আশা-আকাঙ্খাৰ
অলিখিত আর্জিবোৰ স্তুপীকৃত জাবৰৰ দৰে ৰৈ গৈছিল।
পুনৰ সাৰপাই উঠা নাছিল দিন!
পুনৰ সাৰপাই উঠা নাছিল ৰাতি!
পৰিশষ্ট:
জুইয়ে যাক নোপোৰে, উটুৱাই নিনিয়ে পানীয়ে,
বলাব নোৱাৰে বতাহে,
সেই অজেয় বলবীৰ সকলৰ কাৰুকার্যত
অতীষ্ট হৈ থমকি ৰৈ গৈছিল
সময় আৰু টোপনিৰ ভাও জুৰিছিল।
পিছে, ভাও গৈ অভ্যাসত পৰিণত হোৱাত
টোপনিয়ে কাল হৈছিলগৈ।