১
দোপালপিটাকৈ অহা জাকে হানি-খুচি থৈ যোৱা দোকমোকালিটো দাউদাউকৈ জ্বলি আছিল! ধাৰাসাৰ বর্ষণত থকা-সৰকা হৈ ঢলিপৰা নিৰীহ মানুহখিনিলৈ চাই হায়ৈ-বিয়ৈকৈ গগনফলা কেইজনো ফৰিং ছিটিকা দি নৈখনত জঁপিয়াই পৰিছিল! ধোঁৱা-ছাইৰ মাজত তিনিমুৰীয়া এটাই মূৰ আফালি ফুৰিছিল।
শিয়াল-কুকুৰৰ দৰে মঙহ চুহি খোৱাৰ উদ্দেশ্যৰে বৰটোপৰ ভয় দেখুৱাই, পাটগাভৰু এজনীক ডাংকোলাকৈ হাবিৰ ফাললৈ নিওতে চোপ লৈ থকা আন চাৰিটা ৰাংকুকুৰেও সিহঁতৰ পাছ লৈছিল। খোঁজৰ তলৰ মাটিকণ হেৰুৱাৰ আতংকই খেদি ফুৰা মানুহখিনিৰ বিননিয়ে গগন কঁপাই তুলিছিল।
২
যুগান্তৰতো পুৰণি নোহোৱা সাধুটো, সিদিনা হঠাতে আখৰাবিহীন ভাবে মঞ্চস্থ হোৱা দেখি স্তম্ভিত হৈ ৰৈ গৈছিলোঁ মই! মৃতকৰ সাজত থকা কেইজনক দূৰৈৰপৰাই চিনিছিলোঁ যদিও ছিন্ন-ভিন্ন সাজ-পোছাক আৰু আৰক্ত মুখকেইখনৰ এখনক আনখনৰ পৰা পৃথক কৰিবপৰা নাছিলোঁ। নাটকৰ শেষতো পৰি থকা ঠাইৰপৰা উঠি নহা দেখি, লুটিয়াই বগৰাই চাও বুলি লওঁতেই চাইৰেণ বজাই ফোঁ-ফোৱাই অহা এম্বুলেঞ্চ এখন কাষ পাইছিলহি আৰু খৰখেদাকৈ শৱকেইটা তুলি ভোঁ-ভোঁৱাই উভতি গৈছিল।
৩
সাৰপানী পাই ঠন ধৰি উঠা গছপুলিটোৰ দৰেই সাজ লাগি ভগাৰ পাছত সাঁজপানীটোপাৰ জহতে কাৰনো আগত পাগুলি পাগুলি কৈ আছিলোঁ কথাবোৰ এতিয়া পাহৰিয়ে পেলালোঁ!
অঙঠাৰে বিৰিংগুটি খেলিবলৈ বুলি জুইৰ টিকণি নচুৱাই দম্ভালি মাৰি ফুৰা কেইটাৰ ভুৰুকাত হাতি সোমোৱাৰ দৰে কথাবোৰ বিশ্বাস কৰি নল’বি দেই ৰাইজসকল, টিপতে কৈ থলোঁ হ’লে সজ কথাষাৰ।
বান্দীয়ে-বেটীয়ে একাকাৰ হৈ গুৰিপৰুৱাৰ লানিৰে গৈ থকা মানুহজাক, লাম-লাকটু সোপাৰে সৈতে কেনেকৈ ক’ত গৈ ধূলিৰে পোত যাব, টুলুঙা নাওকেইখনৰে কোন খন নৈৰ সিপাৰত কেনেকৈ ওলাবগৈ কোনেও নাজানে!
সেই যে মৰ আঁউসীৰ ৰাতিটো থৰ লাগিছিল, বন-বিৰিখৰ ফাঁকেৰে উজ্বলি উঠা পিতনিডৰাৰ কাষৰ পুৰঠ উদং বুকুহাল আৰু তপিনাৰ তলেৰে বৈ অহা ৰঙা নৈখনলৈ চাই, গাৰ নোম ঠিয় হোৱা সেই জয়াল নিশাটোৰ কথাবোৰ এতিয়া কেনেকৈ পাহৰোঁ বাৰু তঁহতেই ক!
ভালৰেই হ’ৱ বা কালৰেই হ’ৱ, উশাহেৰে সোমাই নিশাহেৰে ওলাই দেশে-বিদেশে কত যে গঢ়ি তুলিছোঁ তহঁতৰে আত্মীয়তা অনন্ত কালৰেপৰা!