জুই, ছাই, গলিত লাভাৰে অহা ভুইঁকপ দেখি নিমিষতে হাবি-বননি ভাঙি পলাইছিল মানুহজাক! গাজনি, ঢেৰেকণিবোৰ চৌকাষে আহি পৰা দেখি উপচি, তৎ হেৰুৱাই যিয়ে যেনেকৈ পাৰে নৈত জঁপিয়াইছিল। প্রতিটো জোকাৰণিত অস্থিৰ হৈ উঠা নৈখনৰ বুকুৰে ঠেৰুছিগা জীৱনৰ পমখেদি গৈ আছিল কোন অজানলৈ বা পলাই আতৰি। ক’তেই বা আছিল কাৰ কোন সহোদৰ, আহিব লৱৰি, নিবহি হাঁহি মুখে আদৰি!
নাই, নাই! দেশান্তৰিত মানুহজাকক আশ্রয় নিদিও বুলি অৰণ্যই ঠেহ ধৰি থকা নাই, গুহাত লুকুৱাই নথও বুলি পর্বত-পাহাৰেও ঢাক-ঢোল কোবোৱাহি নাই। বতাহে ঢালি দিছে নির্ভয়ে সঞ্চিত মুঠি মুঠি ৰাশি, পানীও সাহসী! বগা-কলা সমূহকে লৈছে বুকুত সাৱতি।
আৱতৰীয়া ফাকুৱাৰে ৰঙীণ ভেটফুল যেন নিস্পাপ কণমানিকেইটা, পদুম ফুলৰ দৰে সপ্রতিভ গাভৰুকেইজনী, আনকি কামিহাড়ৰ জঁকাটোৰ মাজত জীউটো লৈ ফুৰা বয়সীয়াল কেইজনো পাহোৱাল ডেকাকেইটাৰ ভৰষাতেই হ’বলা অচিন ৰোগত মৃত্যু হোৱা মাছৰ দৰে ফুৰিছে উপঙি !
অথিৰ এই সংসাৰত হওতে কোনো কাৰো পৰ নাছিল! চৰাইজাকৰ দৰে, বন-বিৰিখৰ দৰে, পোহৰ-বতাহৰ দৰে আমিয়ো মুকলি। নৈখনেই হওক বা নাওখনেই, সুযোগেই হওক বা দুর্যোগেই, সিহঁতো আমাৰেই লগৰী!
অথিৰ এই দেহা, যাক লৈ কৰো টনা-টনি! তোৰ সীমা মোৰ সীমাকৈ কাটি-মাৰি হওঁ আজৰি। একোৰে স্থিৰতা নাই! নাই কলুষতাৰো, নাই নির্মলতাৰো। ধুই নিয়ে, সকলো ধুই নিয়ে, একো চিন নেৰাখে। পাৰ উপচি বয় মাথো সময় নদী নিৰবধি।
সময় নদীত উটোতে-ভাঁহোতে আত্মতুষ্টি লভিবলৈকে পাৰ পালোঁ, পালোঁকৈ সিৰ ফুলাই আমি উঠো চিঞৰি। টুলুং ভূটুং এই জীউ নাও বাই একেখন নাটৰে আখৰা কৰিও নপৰোঁ ভাগৰি!
{এই দু:সাহসিক যাত্রা কাৰো পাথেয় নহওক।}