পানী অনাৰ চলেৰে গাগৰিটোক সাৰথি কৰিখৰতকীয়া খোজেৰে নৈ লৈ বাট পোনাওঁতেচেঁচা পৰি আহিছিল হাত-ভৰি! চিনাকী গছবোৰৰ ক্রমান্বয়ে দীঘল হৈ অহা ছাঁবোৰেঅচিনাকীৰ দৰে বাট-পথ আগচি ধৰিছিলহি,জয়াল হাবিখনে নে অথাই সাগৰ যেন সিদিনাৰ নৈখনেসপ্ত চেতনাৰ শিখৰত দবা কোবাইছিল! শুনো কি নুশুনোকৈ ৰৈ থকা সুহুৰি এটাক’ৰবাৰপৰা কাষচাপি আহিছিল।বিজয়ীৰ গৌৰৱেৰে নে কাৰুণ্যতাৰ আটাহেৰে তভক মাৰিকিছুপৰলৈ ৰৈ গৈছিলোঁ নিজৰ মাজতে।…
Month: August 2023
কথাৰ আঁৰৰ বেথা: সমুদ্ৰ কাজল শইকীয়া
আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা:পুনৰীক্ষণ (৪৮) : মে’, ২০১৭ ৰৌচন আৰা বেগমৰ কবিতাৰ কথন ভংগী সম্পৰ্কে প্ৰথম অনুভৱটোৱেই হ’ল – আটোম টোকাৰী নিটোল কথন। এই কাব্যভাষা এদিনৰ সৃষ্টি নহয়। ইয়াৰ এটা ইতিহাস আছে। এই ইতিহাস কবিৰ ব্যক্তিজীৱনৰ ইতিহাসেই নহয়, অসমীয়া আধুনিক কবিতাৰ কাব্যভাষা নিৰ্মাণৰো ইতিহাস। “ৰূপান্তৰৰ বৰ্ণমালা”ৰ স্তৱক দুটা পঢ়াৰ আগেয়েই পাঠকৰ মনত যেন…
ৰূপান্তৰৰ বর্ণমালা সম্পর্কে একাষাৰ, আনিছ উজ্ জামান
কবিতাৰ লগত মানৱ মনৰ সাধাৰণ ভাবে ব্যৱহাৰ কৰা ভাষা নিহিত হৈ নাথাকে। ই অসাধাৰণ ধ্বনিব্যঞ্জক ভাষাও নহয়। ই এক বিশেষ আদর্শ ৰূপত গঢ় লৈ উঠা এটা সংগীতময়, ব্যঞ্জনাময় ভাষা। মানুহৰ আত্মাত জী থকা আনন্দ-বিষাদৰ সুৰ কবিতাৰ ভাষাই বান্ধি থ’বলৈ বিচাৰে। প্রতিগৰাকী কবিৰ মানসিকতাৰ গুঞ্জন কেনেদৰে উচ্ছাৰিত হয়, তেওঁলোকৰ কবিতাৰ ভাষাই আমাক জনায়। সেয়েহে কবিতাৰ মাজত…
কবিতা সম্পর্কে মোৰ অনুভৱ
১/ কবিতা কি কবিতা কি তাক স্পষ্টকৈ একেষাৰে কৈ দিব পৰা নাযায়। কবিতা সম্পর্কে থুলমূল ধাৰণা একোটা সকলোৰে থাকে কিন্তু সহজে ভাষাৰে তাক প্রকাশ কৰি ক’ব নোৱাৰি। চেন্ট আগষ্টনে কৈছিল যাৰ বিষয়ে নুসুধিলে বহুত কিবা-কিবি ক’ব পাৰি, অথচ সুধিলে একোকে ক’ব নোৱাৰি সেয়ে কবিতা। কবিতা বুলিলেই আমাৰ সমুখত ছাঁ-পোহৰৰ এখন মায়াভৰা ৰূপছবি ভাঁহি উঠে। কবিজনৰ…