উৰি ফুৰিছিল অকলশৰে, লাহী পাখিৰ পখিলাটোৱে নির্ভয়ে; ফুল দেখিলেই থমকি ৰৈছিল এপলক। পাখি দুখন কঁটালি যেতিয়া ঢৌ তুলিছিল বতাহত ৰেণুবোৰ সিচঁৰতি হৈ পৰিছিল পলকত আৰু এই ৰোৱাতলীৰ প্রতিটোপাল জলকণাৰে জীপ লৈছিলোঁ মই নিৰৱে। মাৰি-মৰকৰ এই উতপ্ত ভূখণ্ডত নেদেখিলে মৰিচীকা আহে জানো কাষ চাপি পলৰীয়া জীৱন! সেই যে কুঁৱলীয়ে ঢাকি পেলাইছিল চৌকাষ, এপদ-দুপদকৈ হেৰুৱাই হেৰুৱাই দেখা…
Month: August 2023
নি:সঙ্গ দুপৰীয়াটো উজলি (সাতসৰী, নবেম্বৰ,২০১৬)
নি:সঙ্গ দুপৰীয়াটো উজলি উঠিছিল চকুৰ দাপোনত সুদীর্ঘ দুপৰৰ নিজম ছাঁ চাই চাই কিমান দিনলৈ কঢ়িয়াই ফুৰিবা মেঘমেদুৰ আকাশৰ সোঁৱৰণ ? আবেলিৰ অস্তিত্বক জানো নুই কৰিব পাৰি! ইও জানো বিলাই দিয়া নাই নির্মেঘ হেঙুল-হালধীয়া আবিৰ। আকৌ ভাবো, সূৰুযৰ হেঁপাহক জানো বাধা দিব পাৰি ? যি লুকা-ভাকু খেলিবলৈকে নিতৌ পানীত বুৰি চৌদিশ উজলায়! কুঁৱলী যিমানেই ঘন নহওঁক,…
ফাগুনৰ তিনিটা স্নেপ (প্রান্তিক, ১-১৫ ফেব্রুৱাৰি, ২০২০)
১ লেৰেলা-চেপেটা শুকান পথাৰখনত, টিকা-টিঙনাৰ দপদপনি! ৰহাৰ ৰহদৈ, টিপামৰ ভাদৈ মিতিৰ খাবলৈ যায়, আহে; মেখেলাৰ পাতলি চিঙি আনে। ২ ফুৰফুৰীয়াকৈ উৰি অহা গোন্ধ এটা গছে-বনে, ঘাটে-হাটে বাহৰ পাতি নিগাজিকৈ বহিবলৈ লৈছে; পুলি-পোখাৰে এপাল গিজগিজাই ৰৌজাল-বৌজালকৈ গোটেইখন ঘূর্মুটিয়াই ফুৰিছে! বুকুৰ কুটুম বুলি চকুৱে-নাকে-মুখে সোমাই কৌটিকলীয়া ধূলি ধূলি সোৱাদ দিছেহি ঢালি। ৩ এই মৰতৰ সৌন্দর্য বিলাসৰ একমাত্র…