বেলি বুৰ যোৱা পৰৰ এখন হেঙুল-হাইতাল বৰণীয়া আকাশ
ধ্রুপদী আৱেশৰে নাচি থকা ধাননিডৰাৰ মাজেৰে
গাওঁলৈ সোমাই যোৱা বোকা-মাটিৰ একা-বেকাঁ ঠেক পথটো!
সেউজৰ সাগৰখনৰ সিটোপাৰে জিলিকি থকা
আম-কঠালৰ বাৰীখনৰ সৈতে খেৰৰ সৰু সৰু ঘৰবোৰৰ চুবুৰী
কঁপি থকা চাকিৰ পোহৰ
আৰু বেৰৰ জলঙাৰে ওলাই অহা কেঁচাখৰিৰ ধোঁৱা
বাঁহৰ নঙলাকেইডাল পাৰ হৈ দীঘল পদূলিটোৰে সোমাই গ’লেই
মলমলাই থকা পিৰালিচুকৰ শেৱালিজোপা
কাঁথিত, পিতাইৰ চাকিৰ তলৰ ৰামায়ণী শ্লোক
পানীকেঁচুৱাটোৰ কান্দোন, আইৰ নিচুকণি গীতৰ জুৰণি
আখলঘৰত তোমাৰ সোণসেৰীয়া মুখৰ জিলিকণি
যান্ত্রিক জীৱনৰ দৰিয়ালিত নিস্তেজ কুঁৱলি ফালি
ওলাই অহা মাথো এটা সোঁৱৰণি !
সুন্দৰ এখন ছবি চকুৰ আগত ভাঁহি উঠিল
ধন্যবাদ থাকিল জোনা তোমালৈ।
Although I could not understand the meaning of many words but when I was going through the words it was euphonious Mam. When I was going through your words I could actually feel the images in front of my eyes. It was indeed a great pleasure to read the article Mam.