নিদানত যেতিয়া বাঢ়ি আহে চিনাকী ঋতুৰ
আকাংক্ষিত আঙুলীবোৰ
তোমাৰ সঁহাৰি বুলি উচপখাই উঠো মই।
কাৰোবাক বিচাৰি কোনোবা
আহে নে নাহে,নেদেখো।
কোনোবাই কাৰোবাক চিঞৰি মাতে
নে নামাতে,নাজানো !
হু-হুৱাই বতাহ কোবাই কোনোবা এজন
খৰখেদাকৈ আতৰি যায়!
এতিয়া যে ধূসৰ বৰণীয়া চকুৰ মণি।
এতিয়া যে নুশুনিও শুনি সেই মাতষাৰি!