এখন গাঁৱত এহাল মানুহৰ বিনু নামৰ এজনী ছোৱালী আছিল। মাক-দেউতাকৰ একমাত্র সন্তান বিনু মাকৰ চকুৰ মণি আৰু দেউতাকৰ বাবে কণাৰ লাখুটি আছিল। এইবাৰ বিনুৱে প্রাইমাৰী স্কুলৰ বৃত্তি পৰীক্ষা দিব। পিছে, পুৱা-গধূলি নিজৰ ফলি-পুথি হাতত নলৈ তাই সিহঁতৰ ঘৰৰ গৰু-ছাগলী, হাঁহ-পাৰকেইটাৰ পাছত দৌৰি ঢপলিয়াই থাকিয়েই সময় কটাইছিল। এই কথালৈ মাক-দেউতাকে আপত্তি কৰিলেও বিনুৱে নিজৰ স্বভাৱৰ পৰিবর্তন কৰিব পৰা নাছিল। দেউতাকৰ ইচ্ছা, এইবাৰ পৰীক্ষাত ভাল ফল দেখুৱাব পাৰিলে তাইক চহৰৰ স্কুলত পঢ়াব। যাতে, আগলৈ পঢ়ি-শুনি সুনাম অর্জন কৰিবলৈ সক্ষম হয় আৰু মাক-দেউতাকৰ লগতে গাওঁখনৰো নাম উজ্বলাব পাৰে।
সিদিনা দেওবাৰ আছিল। পুৱা শোৱাপাটিৰ পৰা মাকে বিনুক সোনকালে জগাই দিলে। তায়ো ততাতৈয়াকৈ উঠি পানীলোটালৈ পিছফালৰ চোতাল পালেগৈ। মুখ ধুই থাকোতেই বিনুৰে সিহঁতৰ চোতালৰ এচুকত কণমানি বগা মেকুৰীপোৱালি এটাই মেওঁ মেওঁকৈ কান্দি থকা দেখা পালে। মেকুৰী পোৱালিটো দেখি তাইৰ মৰম লাগিল। পোৱালিটোৰ মাকজনীক ক’ৰবাত দেখে নেকি বুলি তাই বিচাৰি চালে; কিন্তু ক’তো দেখা নাপালে !
: ‘আয়ৈ দেহি ! এই কানমানি পোৱালিটোৰ এতিয়া কি হ’ব ? মাকজনী বাৰু ক’ত হেৰাল ।’
মাক নোহোৱা মেকুৰী পোৱালিটোৰ কথা ভাবি বিনুৱে মনতে বৰ দুখ পালে আৰু কান্দি থকা পোৱালিটো আথে-বেথে কোলাতলৈ পাকঘৰলৈ সোমাই আহি মাকক সুধিলে, ” মা চোৱা চোন, কেনে মৰম লগা এই মেকুৰী পোৱালিটো ! মাকজনী বাৰু ক’ত গ’ল ?” প্রশ্নবোধক দৃষ্টিৰে বিনুৱে মাকৰ ফালে চাই ৰ’ল।
: ‘ক’ত পালা পোৱালিটো ?’ কাম কৰি থকাৰ পৰাই মাকে সুধিলে।
: পিৰালিৰ চুকতে কান্দি আছিল।। মই মুখ ধুবলৈ লওঁতেই দেখিলোঁ।’ তাই ক’লে।
:’যোৱা আগৰ ঠাইতে থৈ আহাগৈ; তেতিয়াহে মাকে পুৱালিটো লৈ যাব পাৰিব।’ আদেশৰ সুৰত মাকে ক’লে। বিনুৱে আমন-জিমনকৈ মেকুৰী পোৱালিটো লৈ আকৌ পিছফালৰ চোতাল পালেগৈ। বিনুৰ মাকে এটা বাতিত গাখীৰ অলপমান আনি মেকুৰী পোৱালিটোৰ কাষতে থৈ মৰমেৰে বিনুক ক’লে, ‘এনেদৰে মেকুৰি পোৱালিৰ পাছত লাগি থাকিলে পঢ়া-শুনা নহ’ব নহয়। এতিয়া ব’লা আমি ভিতৰলৈ যাওঁ।’ মাকৰ কথা শুনি বিনুৱে মন দি পঢ়াত লাগিল। একেলেথাৰিয়ে মন দি পঢ়ি থাকোতে তাই মেকুৰী পোৱালিটোৰকথা সমূলি পাহৰি গ’ল। কিছুসময়ৰ পাছত মাকে বাতি এটাত দৈ-চিৰা আনি বিনুক খাবলৈ দিলে আৰু পাটিগনিতৰ অংককেইটামান কৰি সিদিনালৈ পঢ়া-শুনা সিমানতে সামৰি থবলৈ ক’লে। এনেতে ষিহতৰ ঘৰৰ পিছফালে কাউৰীকেইটামানে কোরহাল কৰি থকা তাই শুনা পালে।
: ‘এই আপদীয়া কাউৰীকেইটাৰপৰা আৰু নোৱাৰি, ক’ৰ পৰা কি খবৰ কঢ়িয়াই আনি জানো চিঞৰি আছে।’ মাকৰ কথা ষাৰ শুনি বিনুৰ চাতকৈ মেকুৰী পোৱালিটৰ কথা মনত পৰিল।তাই একে জাঁপে পিছফালৰ চোতাল পালেগৈ। সিহঁতৰ চোতালৰ এমূৰে কেইজোপামান কলগছ আছিল। সেই কলগছ কেইজোপাতে কাউৰীকেইটামানে কাঁ কাঁ শব্দৰে চিঞৰ-বাখৰ কৰি একোবাৰ বহিছে আৰু একোবাৰ উৰিছে। এইবাৰ বিনুৱে লক্ষ্য কৰিলে যে মাকে থৈ যোৱা বাতিত গাখীৰ নাই। তাৰ মানে মেকুৰী পোৱালিটোৱে গাখীৰখিনি খালে। কিন্তু সি ক’লৈ গ’ল ? তাই নিজকে প্রশ্ন কৰিলে। ইফালে সিফালে বিচাৰি তাই কলগছকেইজোপাৰ ওচৰতে ঊকা চুৱাপাতনিৰ দাঁতিত মেকুৰী পোৱালিটো শুই থকা দেখা পালে। কিন্তু কি আচৰিত ! মেকুৰী পোৱালিটোৰ ওচৰতে কাউৰী পোৱালি এটাও পৰি আছে। বেচেৰাই উৰিবলৈ চেষ্টা কৰিছে কিন্তু পৰা নাই। উৰিব নোৱাৰি কাউৰী পোৱালোটোৱে চিঁ চিঁকৈ চিঞৰি আছে। সম্ভৱ পাখিত দুখ পাইছে। বিনুৰ মাকে হাতত দীঘল বাৰি এডাল লৈ কাউৰীবোৰ হুৰাই দিলে। কিন্তু, পাছ মুহূর্ততে কাউৰীবোৰ উৰি আহি পুনৰ কলগছকেইজোপাত পৰিল। এইবাৰ বিনুৱে মাকক মেকুৰী পোৱালিটোৰ ওচৰতে মাটিত পৰি থকা কাউৰী পোৱালিটো দেখুৱালে।
: ‘প্রথম উৰিবলৈ শিকা পোৱালি, উৰিব নোৱাৰি মাটিত পৰি দুখ পাইছে। পোৱালিটোৰ বাবেই কাউৰীজাকে তেনেকৈ চিঞৰিছে; হয়তো মেকুৰী পোৱালিটো দেখা পাইও ভয় খাইছে।’ মাকে বিনুক ক’লে। কাউৰীকেইটাই চিঞৰ-বাখৰ কৰি থকাৰ প্রকৃত কাৰণটো তেতিয়াহে বিনুৱে বুজি পালে। ইমান পৰে মেকুৰী মাকজনীয়ে নিজৰ পোৱালিটো বিচাৰি নহাত তাই বৰ দুখ প্রকাশ কৰিলে আৰু মাকক সুধিলে, ” মা, আমি মেকুৰী পোৱালিটোক আশ্রয় দিব পাৰোনে ?’ মাকে উত্তৰ দিলে, ‘নিশ্চয় পাৰো। জীৱ-জন্তুক সদায়ে মৰমৰ চকুৰে চাব লাগে; তাতে মেকুৰী-কুকুৰ মানুহৰ পোহনীয়া। কিন্তু এটা কথা, এইবাৰ পৰীক্ষাত তুমি প্রথম হৈ দেখুৱাব লাগিব।’ মাকৰ কথা শুনি বিনুৱে ৰঙতে জঁপিয়াই উঠিল। সেইটোনো কি ডাঙৰ কথা, তাই ভালদৰে পঢ়িলেই হ’ল। ধক-ধকীয়া বগা মেকুৰী পোৱালিটো পাই তাইৰ মহা আনন্দ লাগিল। তাই মাকক কথা দিলে, এইবাৰ তাই প্রথম হ’বই হ’ব।
কিছু সময়ৰ পাছত কাউৰীবোৰৰ কোরহাল নোহোৱা হ’ল। বিনুৱে পিছফাললৈ গৈ দেখিলে মাটিত পৰি থকা কাউৰী পোৱালিটো আগৰ ঠাইত পৰি থকা নাই। সম্ভৱ মাকে লৈ গ’ল। এই ঘটনাৰ পাছৰেপৰা বিনুৰ মন সলনি হ’ল আৰু তাই মনপুতি পঢ়াত লাগিল। পঢ়া-শুনাৰ প্রতি তাইৰ ধৈর্য আৰু একাগ্রতা দেখিমাক-দেউতাকৰো আনন্দ লাগিল। সময়ত বিনুৰ পৰীক্ষাৰ খবৰ ওলাল। সেইবাৰ বিনুৱে স্কুলৰ পৰীক্ষাতে প্রথম হোৱাই নহয়, জিলাৰ ভিতৰতে প্রথম হৈ প্রিমাৰী স্কুলৰ বৃত্তি পালে।