বহুত দিনৰ আগৰ কথা। এখন গাঁৱত এজন খেতিয়ক আছিল। নাম আছিল ৰংমন। ৰংমন এজন সৎ, সাহসী আৰু কর্মঠ খেতিয়ক আছিল। দিনৰ দিনটো পথাৰত হাল-কোৰ বাই, না না বিধৰ খেতি কৰি তেওঁ কষ্ট কৰিছিল আৰু তাৰ পৰা হোৱা উপার্জনৰে অকনো অসুবিধা নোহোৱাকৈ নিজৰ পৰিয়ালৰ ভৰণ-পোষণ দিব পাৰিছিল। লগতে গাঁৱৰ দুখীয়া-নিছলা মানুহকো বৰ মৰম কৰিছিল। ঠিক সেইদৰে, তেওঁৰ ঘৈণীয়েকজনীও আছিল বৰ নির্জু স্বভাৱৰ। নাম আছিল জ্যোৎস্না। সঁচাকৈয়ে তেওঁৰ মুখখন আছিল উজ্জ্বল, জোনাক ৰাতিৰ দৰে নির্মল।
ৰংমন আৰু জ্যোৎস্নাই হাই-কাজিয়া নকৰি ওচৰ-চুবুৰীয়াৰে সৈতে মিলেৰে থাকি ভালপাইছিল। ভগৱানে সিহঁতক যি দিছিল তাতেই সন্তুষ্ট হৈছিল আৰু পুৱা-গধূলি ভগৱানৰ গুণ-গান গাইছিল। ৰংমন আৰু ঘৈণীয়েকৰ সৰলতাত মুগ্ধ হৈ সৰগৰ দেৱদূতবোৰেও মিচিকিয়াই হাঁহিছিল। ভগৱানে সিহঁতৰ ওপৰত সন্তুষ্ট হৈ তিনিটা ধুনীয়া ধুনীয়া ল’ৰা-ছোৱালী উপহাৰ হিচাপে দিছিল। তাৰে ছোৱালী দুজনীৰ নাম ক্রমে বিনু, মিনু আৰু ল’ৰাজনৰ নাম ৰাণু। তোমালোকে নামটো শুনি হাঁহিছা নহয় ! কাৰণ, সাধাৰণতে ৰাণু ছোৱালীৰহে নাম থাকে। এই নামটোৰ পাছফালেও এটা ঘটনা আছে বুজিছা। ৰংমনে ছোৱালী খুউব ভাল পাইছিল। কাৰণ, ছোৱালীয়ে দেউতাকক বৰ মৰম আৰু যত্ন কৰে। সেইবুলি ল’ৰাবোৰে যে নকৰে সেই কথা নহয় দেই, ল’ৰাবোৰেও কৰে। ছোৱালীবোৰে দেউতাকৰ চোলা-কামিজ ধুই দিয়ে, ভাত-পানী ৰান্ধি দিয়ে, ৰ’দে-বৰষুণে বাহিৰলৈ ওলালে ছাতিটো ধৰাই দিয়ে ইত্যাদি। সেয়ে তৃতীয় সন্তানটোৰ জন্মৰ আগতে পুনৰ ছোৱালী হ’ব বুলি ভাবিয়ে ৰংমনে আগৰ দুজনীৰ সৈতে মিলাই নাম থৈছিল ৰাণু। কিন্তু, সেইবাৰলৈ ভগৱানে দেৱদূতৰ হতুৱাই ছোৱালীৰ সলনি উপহাৰ দিলে ল’ৰা এটা। ল’ৰা হোৱা সত্বেও ভাবি থোৱা নামটোকে তেওঁলোকে ৰাখি থ’লে। লাহে লাহে বিনু, মিনু আৰু ৰাণু ডাঙৰ হৈ আহিবলৈ ধৰিলে। বিনুৰ বয়স যেতিয়া সাত বছৰ, মিনুৰ বয়স ছয় আৰু ৰাণুৰ বয়স তিনি বছৰ, ঠিক তেতিয়াই এদিন এটা ঘটনা ঘটিল। সময়টো আছিল বসন্ত কালৰ। প্রকৃতিৰ যি ফালেই চোৱা যায় সেই ফালেই গছ-বন, তৰু-তৃণ সকলোবোৰ সজীৱ পাত-ফুলেৰে ভৰি দেখিবলৈ বৰ ধুনীয়া হৈ পৰিছিল। শিমলু, পলাশ, মদাৰ আদি গছবোৰত ৰঙীণ ফুলবোৰ ফুলিবলৈ আৰম্ভ কৰিছিল। দিন দীঘল আৰু ৰাতি চুটি হ’বলৈ আৰম্ভ কৰিছিল। এই বসন্ত ঋতুৰ প্রতি আকৃষ্ট হৈ কিছুমান পৰিভ্রমী পক্ষী দূৰ-দূৰণিৰ পৰা উৰি আহিছিল আৰু বসন্ত কাল শেষ হোৱাৰ আগে আগে চৰাইবোৰ আন দেশলৈ উৰি গুচি গৈছিল। আমাৰ অসমৰ হাবিত সেইসময়ত কপৌফুল ফুলে। কপৌ ফুল এবিধ আর্কিড। ব’হাগ বিহুৰ সময়ত আমাৰ বিহুৱতী নাচনীবোৰে খোপাত কপৌ ফুল পিন্ধে।
সেইদিনা আছিল দেওবাৰ। সেইবাবেই বিনু-মিনুৰ স্কুল নাছিল। ৰাণুৰ বয়স তিনিবছৰ বাবে সি স্কুললৈ যোৱাই নাছিল, সেয়ে সি ঘৰতে থাকিছিল। সিদিনা, সিহঁতৰ দেউতাক পথাৰৰ পৰা ঘৰলৈ ঘূৰি আহি জিৰাই আছিল আৰু মাকে ঘৰৰ পাছফালে থকা গোহালি ঘৰৰ ফালে কিবা কাম কৰি আছিল। সময় তেতিয়া আবেলি তিনিটা মান বাজিছিল। আগফালৰ চোতালখনতে বিনু-মিনু-ৰাণুৱে ল’ৰা-ঢপৰা কৰি হাঁহি-ধেমালিৰে খেলি আছিল। সিহঁতক তেনেদৰে খেলা-ধূলা কৰি থকা দেখা পাই কিছু সময় শুৱলৈ বুলি ৰংমন বিছনালৈ গ’ল আৰু অলপ সময়ৰ পাছতে টোপনিত নাক ঘোট-ঘোটাবলৈ ধৰিলে। কিছু সময় সেইদৰে খেলা-ধূলা কৰি থকাৰ পাছত, হঠাৎ আকাশখন এন্ধাৰ-মুন্ধাৰ হৈ আহিবলৈ ধৰিলে। পোহৰ ক্রমে নাইকিয়া হৈ ডাৱৰীয়া বতৰৰ দৰে হৈ পৰিল। ‘কি হ’ল, কি হ’ল’ বুলি সিহঁত তিনিওটাই আকাশলৈ মূৰ তুলি চালে। দেখিলে, দূৰত বহু দূৰত আকাশৰ ওপৰৰে কিবা এটা ডাঙৰ ক’লা বৰণৰ চৰাইৰ আকৃতিৰ বস্তু, উৰি উৰি ঠিক সিহঁতৰ ফালেই আহি আছে। লাহে লাহে ওচৰ চাপি অহাত সিহঁতে মন কৰিলে যে সেই বস্তুটো সঁচাকৈয়ে এটা ডাঙৰ চৰাই। ইমান ডাঙৰ চৰাই সিহঁতে কেতিয়াও দেখাই নাছিল। চৰাইটো ফাওঁ-ফাওঁকৈ উৰি আহি সিহঁতৰ আগ-চোতালতে ধুপুচকৈ পৰিল আৰু আকাশখন আকৌ আগৰ দৰে পোহৰ হৈ পৰিল। ভিতৰত থকা মাক-দেউতাকে এইবোৰ কথাৰ একোকেই গম পোৱা নাছিল। ইমান ডাঙৰ চৰাইটো সিহঁতৰ চোতালত পৰা দেখি সিহঁত তিনিওটাই প্রথমতে বৰ ভয় খাইছিল যদিও লৰচৰ নকৰাকৈ বহুসময় ধৰি মাটিতে চৰাইটো পৰি থকা দেখি সিহঁতৰ মনত সন্দেহ হ’বলৈ ধৰিলে আৰু কিয় জানো চৰাইটোলৈ মৰম লাগি আহিবলৈ ধৰিলে। ‘চৰাইটো চাগৈ বিপদত পৰিছে, নহ’লেনো উৰি ফুৰা চৰাই এইদৰে মাটিত সৰি পৰি যায়নে বাৰু !’ বিনুৱে গভীৰকৈ ভাবি-চিন্তি কথাটো ক’লে। তাকে দেখি মিনুৱে ক’লে, ‘ব’লচোন বাইদেউ, চৰাইটোৰ ওচৰলৈ গৈ কথাবোৰ সোধো।’ তাইৰ সাহসটো সদায় বিনুতকৈ বেছি, গতিকে তাইৰ সাহসতে সিহঁত দুয়োজনী চৰাইটোৰ ওচৰলৈ আগবাঢ়ি যাব খোজা দেখি, বাৰাণ্ডাত থিয় হৈ চাই থকা ৰাণুৱে ভয়তে ফেকুৰি ফেকুৰি কান্দি উঠিল। বিনুৱে আকৌ উভতি আহি তাক নিচুকাই থৈ কান্দিবলৈ মানা কৰি দুয়ো বাই-ভনী চৰাইটোৰ কিনো হৈছে জানিবলৈ ওচৰ পালেগৈ।
সেই সময়ত মাটিত পৰি থকা চৰাইটোৰ গাত, চকু মেলিবলৈকো অকণো শক্তি নাছিল। কোনোমতে চকুদুটা মেলি সিহঁত দুজনীক দেখি সেহাই সেহাই চৰাইটোৱে ক’লে, ‘তোমালোকে মোক অকণমান পানী খুৱাব পাৰিবানে বাৰু?’ চৰাইটোৰ মাত শুনি দুয়োজনী বৰ আচৰিত হ’ল। সিহঁতৰ ভাষাতে চৰাইটোৱে কোৱা শুনি, ঘৰৰ বাৰান্দাত উৎসুকতাৰে ৰৈ থকা ৰাণুৱে দৌৰি ভিতৰলৈ গৈ তাৰ কণমানি দুহাতেৰে কোনো মতে পানী এগিলাচ আনি বিনুৰ হাতত দিলে। পানী খাই চৰাইটোৱে অলপ সকাহ পাই লাহেকৈ উঠ বহিল আৰু তিনিওটাকে আশীর্বাদ দি ক’বলৈ ধৰিলে, ‘পিয়াহত তোমালোকে মোক পানী খুৱাইছা সোণমইনাহঁত, ভগৱানে তোমালোকৰ মঙ্গল কৰক।’
চৰাইটোৰ মুখত মিঠা মাত শুনি সিহঁতৰ মনত ভয় বোলা বস্তুটো নোহোৱা হ’ল। মিনুৱে দৌৰি গৈ পাকঘৰৰপৰা পীৰা এখন আনি চোতালতে পাৰি চৰাইটোক বহিবলৈ দিলে। সিহঁত তিনিওটাই ওচৰতে শাৰী পাতি বহি লৈ চৰাইটোৰ লগত কথা পাতিবলৈ ধৰিলে। চৰাইটোৱে ক’লে, ‘মই প্রত্যেক বছৰেই তোমালোকৰ দেশলৈ আহো আৰু বসন্ত কাল শেষ হোৱাৰ আগে আগে ইয়াৰ পৰা মোৰ নিজৰ দেশলৈ গুচি যাওঁ। বুঢ়া হৈ অহাৰ বাবেই আগৰ বল-শক্তি মোৰ গাত নোহোৱা হ’ল আৰু সেয়ে একেৰাহে উৰিবলৈ কষ্ট পাই ভাগৰি পৰিলোঁ। ওপৰৰ পৰা তোমালোকক খেলি থকা দেখি কোনোমতেহে তোমালোকৰ ওচৰতে পৰিলোহি। মোক বাৰু তোমালোকে গৰম চাহ একাপ খুৱাব পাৰিবানে ?’
চৰাইটোৰ কথাবোৰ শুনি সিহঁতৰ অবাক লাগিল। ‘ইমান ধুনীয়াকৈ আমাৰ ভাষাতে কথা ক’ব পাৰে চৰাইটোৱে, সি বাৰু কোন দেশৰপৰা আহিছে?’ মিনুৱে বিনুৰ ফালে চাই প্রশ্নবোধক চাৱনিৰে সুধিলে। তাইৰ অনুসন্ধিৎসু মনটোৰ কোনো উত্তৰ বিনুৰ ওচৰত নাছিল। তাই ক’লে,’ সুধিম ৰ’বা লাহে ধীৰে, কিন্তু চাহৰ কথা যে ক’লে সেয়া নো কেনেকৈ দিম ! আমিতো কোনো দিনে চাহ বানাই পোৱা নাই।’ মিনুৱে তেতিয়া বৰ জনা-বুজা এজনীৰ দৰে ক’লে, ‘কিয় মাক জানো চাহ বনোৱা দেখা নাই ? তেনেকৈয়ে বনাম আকৌ।’ চৌকাৰ জুইত গৰম হোৱা পানীত, চেনী আৰু চাহপাত দি চাহ বনোৱাটো হওঁতে বিনুৱে দেখিছে, কিন্তু তাই বনোৱাটোহে ডাঙৰ কথা। তথাপি সাহস কৰি তাই ক’লে, ‘হ’ব বাৰু ডাঙৰ চৰাই অলপ ৰ’বা দেই। মই চাহ বনাই আনোগৈ।’ তাই মাক-দেউতাকে ক’ব নোৱৰাকৈ পাকঘৰত সোমাই চাহৰ বাবে জুই ধৰিবলৈ চেষ্টা কৰোতেই, মিনুৱে চাহপাতৰ যোগাৰ দিলে। ৰাণুৱে তৎক্ষণাত চেনিৰ টেমাটো দেখুৱাই দিলে। তাকে দেখি মিনুৱে জোকাই কৈ উঠিল, ‘মাৰ হাতৰপৰা তই সদায় চেনি খাৱ নহয়, চেনিৰ টেমাটো ঠিকেই চিনি পাৱ নহয়?’ ‘ মনে মনে থাকাচোন, মা-দেউতাই গম পালে আমাক খং কৰিব জানানে ?’ বিনুৱে চাহৰ পিয়লাটো, পিৰিচখনৰ ওপৰত লৈ চৰাইটোৰ ওচৰলৈ আহিল।
‘এয়া লোৱা ডাঙৰ চৰাই, চাহ খোৱা।’ চৰাইটোৱে চাহকাপ দেখি বৰ ৰং পালে আৰু আনন্দমনেৰে চাহ-বিস্কুট খাবলৈ ধৰিলে। চাহখোৱা শেষ কৰি চৰাইটোৱে ক’লে, ‘তোমালোক বৰ ভাল, বৰ মৰম লগা ল’ৰা-ছোৱালী, মোক পিয়াহত পানী খোৱাইছা, ভোকত চাহ-বিস্কুট খাবলৈ দিছা। দুষ্ট ল’ৰা-ছোৱালীৰ দৰে মোক লাঠিৰে কোবোৱাৰ সলনি ইমান যে মৰম কৰিছা, মই বাৰু তোমালোকৰ বাবে এতিয়া কি কৰিব পাৰো কোৱাচোন?’ চৰাইটোৰ মিঠা মিঠা কথাবোৰ শুনি ৰাণু আৰু কাষ চাপি আহিলত, চৰাইটোৱে মৰম লগা ৰাণুক নিজৰ কোলাত বহুৱাই ল’লে। তাৰ পাছত ক’লে, ‘বাৰু সোণহঁত, তোমালোকে এটা কাম কৰা। এতিয়া তোমালোক তিনিওটা মোৰ পিঠিৰ ওপৰত উঠি বহা । মোক কিন্তু ভালকৈ ধৰি থাকিবা দেই, মই তোমালোকক এখন ধুনীয়া ঠাইলৈ লৈ যাম। তাত তোমালোকে যিহকে বিচাৰিবা তাকে পাবা, যি মন যায় তাকে খাব পাৰিবা, ল’ব পাৰিবা। আকৌ তোমালোকক পিঠিত উঠাই মই ওভতাই আনি ইয়াতে নমাই থৈ যাম। পলম নকৰি এতিয়া মোৰ পিঠিত উঠা। মই পুনৰ মোৰ গন্তব্যস্থান পাবগৈ লাগিব নহয়, বুজিছানে ?’ ভদ্র অমায়িক চৰাইটোৰ কথা শুনি অলপো নভবা নিচিন্তাকৈ মিনু আৰু ৰাণু চৰাইটোৰ পিঠিত উঠি বহিল। বিনুৱেহে মাক-দেউতাকক নোসোধাকৈ তেনেদৰে যাবলৈ মান্তি হ’বপৰা নাছিল। কিন্তু শেষত তাইও সিহঁতৰ স’তে পিঠিত উঠি বহিল। চৰাইটোৰ মৰমিয়াল কথা-বতৰাত মোহিত হৈ তাই তেনেদৰে যাব নিবিচৰাৰ কথাটো খুলি ক’ব নোৱৰা হৈ পৰিছিল। চৰাইটোৱে তাৰ পাখি দুখন মেলি ধৰি উৰিবলৈ ধৰিলে। সি ফাওঁ ফাওঁকৈ ডাৱৰৰ মাজে মাজে উৰি যাবলৈ ধৰিলে। চৰাইটোৰ পিঠিৰপৰা সিহঁতৰ গাঁৱৰ ঘৰবোৰ সৰু সৰু দেখিবলৈ পাই সিহঁতে আচৰিত মানিলে। চৰাইটোৰ সৈতে এনেদৰে উৰিবলৈ পাই সিহঁতৰ ইমান ভাল লাগিছিল যে ভয়ৰ কথা বা মাক-দেউতাকৰ কথা, সিহঁতে একেবাৰে পাহৰি গ’ল। উৰি উৰি সিহঁত আহি এখন ঠাই পালে। ঠাইখন ইমান ধুনীয়া যে নেদেখাকৈ সেইকথা বর্ণনা কৰিব নোৱাৰি। সেইটো আছিল এটা সৰু দ্বীপ। বিভিন্ন ৰঙৰ চৰাই-চিৰিকটি, জীৱ-জন্তু আৰু গছ-গছনিৰে ভৰা। গছবোৰৰ কিছুমানত বিভিন্ন ধৰণৰ টফি, লজেন্স, কেডবেৰীজ চকলেট, বিভিন্ন ধৰণৰ চিপচৰ পেকেট, মেগী-চাও আৰু সৰু ল’ৰা-ছোৱালীয়ে ভালপোৱা খেলনাৰে ভৰা। আকৌ তাৰে কিছুমান গছ, ফুলৰ আৰু কিছুমান ফলৰ। ৰং বিৰঙৰ ফুলবোৰ মন মতলীয়া সুগন্ধিৰে ভৰা। সেইদৰে আম-কঠাল, আপেল-আঠুৰ, কমলা-নাচপতি, কল-কুহিয়াৰ, জামুক-লেতেকু-পনিয়লৰ বাহিৰেও নাম নজনা ফলৰে ভৰা। কিছুমান গছত কিতাপ-বহী, পেঞ্চিল-ৰাবাৰ-স্কেল-কাগজ আদিও লাগি থকা দেখা পালে। এইবোৰ নেদেখিলে কোনেও বিশ্বাসকে কৰিব নোৱাৰিব। সিহঁত তিনিওটাই চৰাইটোৰ পিঠিৰপৰাই এইবোৰ দেখি অবাক হ’ল আৰু আনন্দতে কি কৰো কি নকৰো লাগিল।
এইবাৰ চৰাইটোৱে ক’লে, যোৱা যি মন যায় খোৱা, কিন্তু সোনকালে ঘূৰি আহিবা। কাৰণ, আমি উভতি তোমালোকৰ ঘৰলৈ যাব লাগিব নহয়।’ চৰাইটোৰ কথা শুনি সিহঁত গছবোৰ তল পালেগৈ। চৰাইটোৱে গছবোৰ জোকাৰি দিলে আৰু সিহঁতে বুটলিবলৈ ধৰিলে। যিমান পাৰে সিমান পেটভৰাই খালে আৰু কোঁচ ভৰাই লৈও আহিল। সিহঁত ইমান ব্যস্ত হৈ পৰিছিল যে উভতি অহাৰ কথা পাহৰিয়ে পেলাইছিল। চৰাইটোৱে মনত পেলাই দিওঁতেহে সিহঁতৰ চেতনা আহিল। ‘আহা সোনমইনাহঁত, মোৰ পিঠিত উঠা, আমি উৰি উৰি তোমালোকৰ ঘৰলৈ যাম নহয়।’ এই বুলি চৰাইটোৱে লাহেকৈ বহি দিলে আৰু তিনিওটাই চৰাইটোৰ পিঠিত বস্তুবোৰৰ সৈতে উঠি বহিল। আকাশৰ ডাৱৰৰ আঁৰে আঁৰে ফাওঁ ফাওঁকৈ চৰাইটো আকৌ উৰিবলৈ ধৰিলে।
ইফালে সিহঁতৰ মাক-দেউতাকে সিহঁতক ঘৰৰ আগফালে খেলি থকা নেদেখি বৰ ভয় খালে। সন্ধিয়া হোৱালৈকে সিহঁতক ঘৰৰ বাহিৰে ভিতৰে ক’তো বিচাৰি নেপাই মাক-দেউতাক মহা চিন্তাত পৰিল। কি কৰো কি নকৰো ভাবি থাকোতেই দেখিলে আকাশৰ ওপৰৰে ডাঙৰ চৰাই এটা উৰি উৰি সিহঁতৰ ঘৰৰ ফালেই আহি আছে। বিনু-মিনু-ৰাণু তিনিওটাৰ সৈতে চৰাইটো সিহঁতৰ চোতালতে লাহেকৈ নামিল। মাক-দেউতাকক আচৰিত কৰি সিহঁত চৰাইটোৰ পিঠিৰপৰা নামি আহি মাক-দেউতাকক সাৱটি ধৰি সকলোবোৰ কথা বিৱৰি ক’লে। সিহঁতৰপৰা আতি-গুৰি মাৰি জানি লৈ তেওঁলোক আচৰিত হ’ল আৰু সুকলমে ল’ৰা-ছোৱালীকেইটাক ঘৰলৈ ওভতাই আনি দিয়াৰ বাবে চৰাইটোক ধন্যবাদ জনালে। এইবাৰ চৰাইটোৱে মাক-দেউতাকৰ হাতত বিনু-মিনু-ৰাণুক গতাই দি নিজৰ গন্তব্য স্থানলৈ যাবলৈ ওলাল। চৰাইটো যাবলৈ লোৱা দেখি সিহঁত তিনিওটাৰ বৰ বেয়া লাগিল। কিন্তু কি হ’ব, বনৰ মুকলিমূৰীয়া পক্ষী এটাক চিৰদিনলৈতো আৰু ধৰি ৰাখিব নোৱাৰি। সেইবাবেই সিহঁতে চৰাইটোক সিদিনা সিমানতে বিদায় দিলে। পুনৰ কেতিয়াবা সিহঁতক দেখা কৰাৰ প্রতিশ্রুতি দি এইবাৰ চৰাইটো আকাশলৈ উৰি উৰি গুচি গ’ল।
Very interesting logical story
Thank you