দিন-দুপৰ, পুৱা-গধূলি
আনকি ৰাতি-বিয়লিকো আওকাণ কৰি
ফিৰিঙতিবোৰ উৰে, উৰুৱায়!
ক’ত যে কি কেনেকৈ জ্বলে!
মহটিয়াই লৈ এফালৰেপৰা ঢাহি মুহি পোৰে।
এই জুইকুৰাইতো আমাক পোহে,
তাপ দি উজ্বলায় সময়ত ন’কৈ গজায়!
স্বস্তিৰে এৰিবলৈকে নি:শ্বাস
গা কৰি উঠে তেনে এটি বিশ্বাস।
নিমাতে-নিতালে মনে-মগজুৱে কিলবিলাই ফুৰে।
আমি বুৰ যাওঁ শংকাত,
চেলেকণাটোৰ দৰে জপিয়াও আপোন অহমিকাত
আৰু ফিৰিঙতি হওঁ, ফিৰিঙতি!
খাণ্ডৱদাহ হয় যদি হওকেই বুলি
চিলা উৰুওৱাদি উৰুৱাও কতনো ধোঁৱা-ছাই
ইজনে সিজনৰ অজ্ঞাতে!
সিবেলি জিলিকি থকা নাছিলনে পিতনিত
লোদোৰ-পোদোৰ নাঙঠ কণমানিজনীৰ
তেজে-ঘামে তিতা দেহা!
ৰংমনৰ চোতালত দিন-দুপৰতে মাৰ যোৱা নাছিলনে
বলি কটা দাখনৰ ঘাপত
ৰাঙলীৰ কপালৰ নিমাখিত বেলি!
মাটি মাটিকৈ সুগন্ধি বিচাৰি
মূৰ আফালি ফুৰা কলিমন কাইটিৰ
একমাত্র ল’ৰাটো
হোৱা নাছিলনে দেশান্তৰী!
টায়াৰ পুৰিলে ধোঁৱা উৰে, মন পুৰিলে আনে নেদেখে।
দিন-কাল তেনেই সলনি হ’ল অ’ মনাই!
খাপ পিটি ৰৈ থকা অপায়-অমংগলসোপাই
জুই কুৰা জ্বলায়, ফিৰিঙতি উৰুৱায়।
ৰৌটোকে ঢৌ কৰি কোনে যে কাৰ কি ভঁৰালঘৰ ভৰাই,
ভাবিলেও ওৰকে নাপায়!