বন্ধুসকল, আলোচনাৰ অন্তত
তোমালোকৰ কোনো প্রশ্ন আছে নেকি ?
তেওঁলোক সৌভাগ্যবান,
সঁচাৰ-কাঠি যিসকলে বিচাৰি পাইছে!
যিসকলে এতিয়াও বৰপেৰাটো
খুলিবলৈ সক্ষম হোৱা নাই,
তেওঁলোক প্রকৃততে মকৰাৰ জালৰপৰা
আজৰি হ’ব পৰা নাই।
নিশ্চয়কৈ চলন কৌশল কেইবা প্রকাৰৰো!
প্রত্যেকৰে বাবে যিটো নির্দিষ্ট হৈ থাকে
তাকেহে আঁকোৱালি ল’ব লাগে।
ময়ূৰৰ পেখম ধৰাসকল, অতি সোনকালেই
কাউৰীত পৰিণত হ’বগৈ পাৰে ।
প্রকৃতপক্ষত তেওঁলোকহে একোজন দাবীদাৰ
যিসকল পুৱাৰ সূর্য আৰু গধূলিৰ জোনৰ দৰে স্বচ্ছ।