ক’ত হেৰুৱাই থৈ আহিলোঁ মোৰ গাঁঠিৰ ধন! আকালে-ভঁৰালে লুকুৱাই মুঠিতে ৰাখিছিলোঁ কত যতনে।
হঠাতে ওলাই অহা কান্দোনটোৱে দায়ী! যাৰ বাবে জন্ম লগ্নতে পৰিচিত হৈছিলোঁ শব্দৰে, ঢিমিক-ঢামাককৈ উজলি থকা তেতিয়াৰ শব্দবোৰেই গঢ়-পিত লৈ নিজা পৰিচয়ৰে আহিছিল কাষ চাপি আৰু মোৰ সৈতে গঢ়ি তুলিছিল এক আত্মিক সম্পর্ক। ময়ো লালন কৰিছিলোঁ সিহঁতক, সন্তানৰ দৰে। সোণ-ৰূপ-মুকুতাৰে জুখিব নোৱাৰি সিহঁতৰ মোহনীয়তা, হিয়া শাঁত পেলোৱা দুচকুৰ কমনীয়তা। মোৰ সেই আকাংশাৰ ধনহঁতক সাত-শতৰুৰপৰা আঁতৰাই ৰাখিবলৈ তলা মাৰি চন্দুকত ভৰাই থৈছিলোঁ মই।
হাতত থৈ হাত, চকুত থৈ চকু, কত দিন কত ৰাতি লৈ গৈছিল মোক গোপনে গোপনে সীমনাৰ সিপাৰৰ কোনোবা অলকাপুৰীলৈ আৰু মই, মোক বুটলি বুটলি বিলাই দিছিলোঁ কণ কণকৈ। আকাশে-বতাহে যেন জোনাকী পৰুৱাহে উৰি ফুৰিছিল! আনন্দৰ অতিশয্যাত জোৱাৰৰ ঢৌত মই ভাহি ফুৰিছিলোঁ।
কালিকা লগা চকুৰে কোনে কাঢ়ি নিলে হঠাতে! ভাষাহীন মই, এশাৰী বাক্যৰে বুজাবলৈ মোৰ সমস্ত উত্থান-পতন, চয়ন-বয়ন। বাকৰূদ্ধতাৰ যাতনা কেনেকৈ কৰোঁ আজি লিপিবদ্ধ! আঙুলিৰ পাকে যদি নুবুজে, বিনীত-নিবেদিত মোৰ অকথিত ভাব-ভাষা শব্দৰ মহিমাৰে তুলি ধৰিবলৈ!
উৱলি যোৱা ইকৰাৰ বেৰৰ, মলঙি যোৱা খেৰৰ চালিৰ সৌ পঁজাঘৰটোৰ দুৱাৰ ডলিত কোন সেইগৰাকী! কোটৰগত চকুৰে, সেলেঙি বোৱা ওঁঠৰে সোলোঙা মুখৰ জিলিকি থকা জোঙা নাকটোৰে অয়নান্তত বুৰ গ’ল কোন!