টিপতে পিন্ধিলৈ নকল এখন মুখা, ঠিক আচলখন যেন ল’গা; ম’ৰা চৰাইৰ দৰে ভূবন ভোলোৱাকৈ এপাক নাচিবলৈ মন কৰি ওলাই আহিছিল এটা ঢোঁৰাকাউৰী! মৃগয়াৰ মতলীয়া বতাহজাকে যাক ভাকুটকুটাই আছিল, যাৰ জ্ঞান-বুদ্ধিৰ গভীৰতা দ-লৈ শিপাই পৰা নাছিল! ঠোঁট দুটা গজিছিল বুলিহে বিনিময় কৰিছিল কুশল বার্তা, হাঁহিৰে সম্ভাষণ জনাইছিল; চেৰেলা-চেপেতা হাতখনকে আগবঢ়াই কৰমর্দন কৰিছিল। উথপথপাই থকা সমাগমৰ মাজৰ…