টিপতে পিন্ধিলৈ নকল এখন মুখা, ঠিক আচলখন যেন ল’গা; ম’ৰা চৰাইৰ দৰে ভূবন ভোলোৱাকৈ এপাক নাচিবলৈ মন কৰি ওলাই আহিছিল এটা ঢোঁৰাকাউৰী! মৃগয়াৰ মতলীয়া বতাহজাকে যাক ভাকুটকুটাই আছিল, যাৰ জ্ঞান-বুদ্ধিৰ গভীৰতা দ-লৈ শিপাই পৰা নাছিল! ঠোঁট দুটা গজিছিল বুলিহে বিনিময় কৰিছিল কুশল বার্তা, হাঁহিৰে সম্ভাষণ জনাইছিল; চেৰেলা-চেপেতা হাতখনকে আগবঢ়াই কৰমর্দন কৰিছিল।
উথপথপাই থকা সমাগমৰ মাজৰ টিপচী এজনীয়ে নিতান্তই স্বাভাৱিক গতিৰে কাঢ়ি নিছিল কাউৰীৰ দৃষ্টি। পিছে, জোলোঙাৰ মেকুৰী ওলাই আহি বৰপীৰা পাৰি ল’বলৈ বহি, ৰৈ আছিল এন্ধাৰজাকলৈ খাপ পিটি!
এনেতে এজাক ভূমিকম্পই থিতাদহে চাৰখাৰ কৰিছিল কাউৰীৰ সপোন। মেকুৰীৰ সমুখৰ মাছ পানীলৈ দৌৰি যে অন্তর্ধান হৈছিল তেনে কথা নাছিল! কাঁড়পাতৰ দৰে গৈ থকা আলিটোৱে লক্ষ্য পাহৰি শালি পেলাইছিলহি মঙহাল মাছৰ বুকু। খুঁটিয়াই খোৱাৰ আশাৰে ৰৈ থকা কাউৰীয়ে ঠোঁট চেলেকি আগৰাতিৰ শটোলৈকে মনত পেলাই শান্ত্বনা লভিছিল।
মাহেৰে খালেও খোৱা হাঁহেৰে খালেও খোৱা! তাতে কাৰ কি আহে যায় ? দেহৰ উত্তাপে বহুতকে তপতাব পৰা নাই! নহ’লেনো অতবোৰ জীৱ-জড়ৰ উত্তাপক আকোঁৱালি নির্দ্বিধাই নির্জনে-গর্জনে আগবাঢ়ি গৈ থকা নিৰীহ আলিবাটৰ গজিছিল কেনেকৈ চকু, সুৰুঙা বুজি বিন্ধিছিল কেনেকৈ ষোড়শীৰ সুঠাম বুকু।
‘মৰা খালেও আকৌ শগুণকহে বুঢ়া গৰু পাছত পৰ দি বহি থকা দেখি’
উপসংহাৰ:
টিপচীৰ যন্ত্রণাৰ সৰুকণ ছটফটনিত, গগনচুম্বী আট্টালিকাবোৰ খহি, চৰণীয়া পথাৰবোৰ বিল আৰু বিলবোৰ টিলা হৈ পৰিলেও বুঢ়ী আইৰ সাধুৰ দৰে ক’তো কেনিও ঢোঁৰাকাউৰীক পাখিত বান্ধি জুই আনিবলৈ কৈ এই মৰতৰ এজনী টিপচীকো সাৰি যোৱা নেদেখি।