কবিতাৰ লগত মানৱ মনৰ সাধাৰণ ভাবে ব্যৱহাৰ কৰা ভাষা নিহিত হৈ নাথাকে। ই অসাধাৰণ ধ্বনিব্যঞ্জক ভাষাও নহয়। ই এক বিশেষ আদর্শ ৰূপত গঢ় লৈ উঠা এটা সংগীতময়, ব্যঞ্জনাময় ভাষা। মানুহৰ আত্মাত জী থকা আনন্দ-বিষাদৰ সুৰ কবিতাৰ ভাষাই বান্ধি থ’বলৈ বিচাৰে। প্রতিগৰাকী কবিৰ মানসিকতাৰ গুঞ্জন কেনেদৰে উচ্ছাৰিত হয়, তেওঁলোকৰ কবিতাৰ ভাষাই আমাক জনায়। সেয়েহে কবিতাৰ মাজত ইংগিতধর্মী ভাষা, ব্যঞ্জনা, ৰূপ আৰু চেতনাৰ প্রকাশ থকা বাঞ্ছনীয়। ভাৱনাৰ গতিময়তা কবিতাৰ বাবে এক গৌৰৱময় অৱস্থিতি। আমি যাক আৱেগিক বুলি কোঁ সি সদায় সৃষ্টিধর্মী, গতিময় আৰু সক্রিয়। এগৰাকী সমালোচকৰ মতে—
Poetry helps us not feel so lonely. The patterning of words and structure of thought, somehow echoes (and if does out heal, it validates and sets in a world context) your own feelings. (52 years of looking at a poem by Ruth padal, page No 49)
আজি কেইদিনমানৰ পূবে এখন কাব্যগ্রন্থ মোৰ আতত পৰিল। গ্রন্থখনৰ নামটো অর্থব্যঞ্জক আৰু আকর্ষণীয়—‘ৰূপান্তৰৰ বর্ণমালা’। তেওঁৰ পূর্বৰ কবিতাপুথিবোৰ পঢ়িছোঁ। তদুপৰি প্রকাশ, গৰীয়সী, প্রান্তিক, সাতসৰী আদিত প্রকাশিত কবিতাবোৰ আমাৰ চকুত নপৰা নহয়। ৰূপান্তৰৰ বর্ণমালাত থকা কবিতাখিনি ইতিপূবে প্রকাশিত গ্রন্থসমূহত থকা তেওঁৰ কবিতাসমূহৰ দৰে নহয়। এটা সুকীয়া তৰংগ আৰু সুকীয়া বচনভংগী। চুটি চুটি কবিতাৰ মাজতো যে প্রাণ থাকিব পাৰে তাৰো এটা ইংগিত বহন কৰিছে তেওঁৰ কবিতাসমূহে। যেনেকৈ__
- সেই দিনবোৰত শিলতো আছিল কোমলতা!
বালিৰো আছিল সুগন্ধি সেমেকা।
- তোৰ শীর্ণ ঊতিটোৰ পাৰত বহি ভাবিছোঁ
ক’লৈনো গলিগৈ বৈ, অ’ মোৰ মৰমৰ জীয়া ভৰলী নৈ।
- তই ৰৈ ৰৈ বাজি থকা এটি বাঁহী
চুই চুই নপলোৱা এটি হেঁপাহ
- প্রেম এটি অনুভৱ, যাৰ স্থয়িত্ব আছে শৰীৰ নাই;
ওজন আছে আয়তন নাই।
কোনোবা কবিতাত তেওঁ স্মৃতি জগাই তুলিবলৈকো চেষ্টা কৰিছে। যেনেকৈ__
‘ৰ’দালি পালেগৈ দিখৌৰ বালিচাপৰি’ এনেদৰেই শংখল মন এটা লে তেওঁ কবিতাবোৱ এতা এটাকৈ সংযোগ কৰিছে। তেওঁৰ অনুভৱ সবল, ভাষা সমৃদ্ধ আৰু ব্যঞ্জনাসূচক। কবিতাখিনি নিশ্চিত ৰূপত পাঙকৰ অন্তৰ স্পর্শ কৰিব বুলি বিশ্বাস কৰিবপৰা যায়। গ্রন্থখনিয়ে তেওঁৰ কবিতাৰ ৰপান্তৰৰ গতি ল’ব বুলি আমাৰ আস্থা আৰু বিশ্বাস। তেওঁলৈ শুভকামনা জনালোঁ।
__আনিছ উজ্ জামান
গুৱাহাটী