১/ কবিতা কি
কবিতা কি তাক স্পষ্টকৈ একেষাৰে কৈ দিব পৰা নাযায়। কবিতা সম্পর্কে থুলমূল ধাৰণা একোটা সকলোৰে থাকে কিন্তু সহজে ভাষাৰে তাক প্রকাশ কৰি ক’ব নোৱাৰি। চেন্ট আগষ্টনে কৈছিল যাৰ বিষয়ে নুসুধিলে বহুত কিবা-কিবি ক’ব পাৰি, অথচ সুধিলে একোকে ক’ব নোৱাৰি সেয়ে কবিতা। কবিতা বুলিলেই আমাৰ সমুখত ছাঁ-পোহৰৰ এখন মায়াভৰা ৰূপছবি ভাঁহি উঠে। কবিজনৰ কল্পনা আৰু অভিজ্ঞতা, সপোন আৰু দিঠকৰ পৰশত প্রাণপাই উঠা এই ৰূপছবিৰ দেহাৱয়ব শব্দৰ কাৰুকলাৰে নির্মিত। কবিৰ হিয়াৰ অভিব্যক্তি য’ত ছন্দৰে সজ্জিত হৈ প্রতীক আৰু চিত্রকল্পৰ সহযোগত মূর্ত হৈ উঠে। এইদৰে কবিতাই যে কেৱল শব্দৰ বীজহে ৰোপন কৰে, তেনে নহয়! সেই বীজৰপৰা গছ গজাই, ফুল ফুলাই সুৱাস বিয়পাই দিয়ে।
অতীতৰেপৰা মানুহে নিজৰ সুখ-দুখ, আনন্দ-যন্ত্রণা, হতাশা-অভিজ্ঞতা আদিৰপৰা হোৱা অনুভূতিৰ বর্হিপ্রকাশৰ উদ্দেশ্যে গীত আৰু কবিতাৰ আশ্রয় লৈ আহিছে। প্রতিটো জাতি-জনজাতি, গোষ্ঠী-জনগোষ্ঠীৰ লোকগীতসমূহৰ সৃষ্টি তেনেকৈয়ে হৈছিল আৰু মুখে মুখে প্রচলিত হৈ আজিও সংস্কৃতিৰ বার্তাবাহক হিচাপে আমাক মোহিত আৰু স্তম্ভিত কৰি ৰাখিছে। আমাৰ অসমীয়া সংস্কৃতিৰ ভঁৰাল বনগীত,বিহুগীত,টোকাৰীগীত,আইনাম,বিয়ানাম,হুচৰি,জিকিৰ-জাৰী আদিয়ে ইতিমধ্যে চহকী কৰি থৈছে।
২/ কবিতাই কি ক’ব
কবিতাই কি ক’ব বা কেনে ধৰণৰ বিষয়বস্তুক কবিতাই আধাৰ হিচাপে আদৰি ল’ব আৰু বিষয়বস্তুৰ গুৰুত্বই বা কিমান হ’ব সেইটো এটা গুৰুত্বপূর্ণ প্রশ্ন। এইখনিতে এটা কথা বিশেষ ভাবে মন কৰিবলগীব যে গল্পত এটা নির্দিষ্ট কাহিনী থকাৰ দৰে বা প্রবন্ধত ধৰাবন্ধা এটা বিষয় থকাৰ দৰে কবিতাত কোনো বিশেষ বিষয়বস্তুৰ সীমাৰেখা টানি থোৱা নহয়। এইক্ষেত্রত কবিসকল স্বাধীন। আনকি নতুনকৈ জন্ম হোৱা কবিতাটো দীঘল নে ছুটী হ’ব সেইটো সঠিককৈ কবিয়েও নাজানে। কবিতাৰ প্রধান আৰু উল্লেখযোগ্য উপাদান হ’ল কল্পনা আৰু অনুভূতি, যাৰ অবিহনে কবিতা সৃষ্টি হ’ব নোৱাৰে। এই দুই মুখ্য উপাদানৰ ছন্দ বা লয়যুক্ত ভাষাৰ সান্নিধ্যত যি কাব্যিক ক্রিয়া, সিয়ে কবিতা।
আধুনিক তথা পাশ্চাত্যৰ সমালোচকসকলে বিষয়বস্তুলৈ লক্ষ্যৰাখি কবিতাক দুটা শ্রেণীত বিভাগ কৰিছে, যেনে ব্যক্তিনিষ্ট কবিতা (subjective poetry) আৰু বস্তুনিষ্ট কবিতা (objective poetry)। ব্যক্তিনিষ্ট বা গীতি কবিতাত কবিয়ে নিজৰ মনৰ আবেগ-অনুভূতি, চিন্তা-ভাৱনা, বক্তিগত অভিজ্ঞতা আদিক মূলধন হিচাপে লৈ কবিতা ৰচনা কৰে আৰু বস্তুনিষ্ট বা বর্ণনামূলক কবিতাত ব্যক্তিগত জীৱনৰ কথা নকৈ বস্তুজগতৰ অর্থাত বহির্জগতৰ ঘটনাৰ পৰাই কবিতালেখাৰ প্রেৰণা লাভ কৰে। অৱশ্যে এই ভাগ দুটাৰ মাজত স্পষ্ট কোনো সীমাৰেখা টানিবপৰাও নাযায়। আধুনিক কবিতাত দুইটাৰ উপাদানসমূহ নিৰৱচ্ছিন্ন ভাৱে সানমিহলি হৈ থকা দেখিবলৈ পোৱা যায়।
৩/ কবিতাৰ ভাব আৰু ভাষা কেনে হ’ব
কবিতা বুলিলেই এক সুমিষ্ট অনুভূতিৰে অপূর্ব কোনো সুখানুভূতিৰ কথাহে মনলৈ আহে, যাৰ মাজত জটিলতা নতুবা মেৰপেচ নাই। এই কবিতা সৃষ্টিৰ প্রাণসম্পদ হ’ল, নিৰলস ভাবে কবিমনত জীৱন আৰু জগত সমন্ধে নিৰন্তৰে বৈ থকা ভাব আৰু অনুভূতি। এক ৰহস্যময় শক্তিয়ে কবিৰ মন আৰু হৃদয়লৈ সময়ে সময়ে যাক প্রেৰণ কৰে। ৱর্ডছৱর্থৰ মতে ‘মধ্যবিত্ত অথবা নিম্নশ্রেণীৰ মানুহৰ কঠিত ভাষাক’হে কবিতাত ব্যৱহাৰ কৰিব লাগে, যাতে গদ্য আৰু কবিতাৰ মাজৰ পার্থক্য প্রকট হৈ ধৰা পৰে। অর্থাত সাধাৰণ মানুহৰ সহজ-সৰল জীৱন যাত্রাত ব্যৱহৃত ভাষাৰ যোগেদিহে মানুহৰ মাজলৈ কবিতাক লৈ যাব পাৰি। কিন্তু, কবিতাত সুকুমাৰ ভাষাৰ সন্ধান কৰাসকলে মনকৰা উচিত যে ‘কবিতাৰ ভাষা’ বুলি এটা ভাষাৰ অস্তিত্ব আধুনিক আলংকাৰিকসকলে স্বীকাৰ কৰি ল’ব নিবিচাৰে। কবিৰ দখলত থকা ভাষাৰেই সুন্দৰ হৈ উঠিব পাৰে কবিতা। যি শিশুৰ কন্ঠৰ দৰে কোমল, জুৰিৰ গতিৰ দৰে স্বচ্ছন্দ আৰু সংগীতৰ দৰে মধুৰ। পিছে, নিতৌ নতুন পৰীক্ষা-নিৰীক্ষা চলি থকাৰ ফলতেই কবিতাৰ আংগিক সদায়ে অস্থিৰ। যিমানেই সূক্ষ্ম আৰু মন্থৰ নহওক কবিতাত ব্যৱহৃত ভাষাও পৰিৱর্তনশীল। সেইবাবেই কবিতাৰ ভাষা সাধাৰণ হৈও অসাধাৰণ। ইয়াক সকলোৱে বুজে, কিন্তু উপলদ্ধি কৰে কেইজমানেহে। ভাৱ গধুৰ কবিতাই মানুহৰ অন্তৰক যে কেৱল দোলা দি যায় তেনে নহয়, তেনে কবিতাই মগজুতো ক্রিয়া কৰি ভাবৰ বুৰবুৰণি তোলে।
৪/ কবিতাত দুর্বোধ্যতা কিয়
আজিকালি প্রায়ে এচাম মানুহৰ মাজত কবিতাৰ দুর্বোধ্যতাৰ কথা শুনা যায়। প্রকৃতার্থত, ৰুচিশীল ব্যক্তি স্বাভাৱিকতেই অধ্যয়নশীল হয় আৰু এই অধ্যয়ন স্পৃহাই কবিতাৰ দুর্বোধ্যতা অতিক্রম কৰিব পাৰে। কবিতাৰ পর্যালোচনাৰ প্রয়োজন ঠিক এইখিনিতেই, কাৰণ পর্যালোচনাই সাধাৰণতে কবিতা এটাক ফঁহিয়াই চাই বিস্তাৰিত ৰূপত পাঠকৰ সমুখত ডাঙি ধৰি কবিতাটোক উপলদ্ধি কৰিবলৈ সমল যোগায়। আমি অনুভৱ কৰোঁ যে পর্যালোচনাই শিকাৰুসকলক কবিতাত থকা ভাৱৰ বিৱৰণৰে উচিত মূল্য নিদ্ধাৰণ কৰি দিব পাৰে যি এক প্রত্যাহবানৰো সৃষ্টি কৰিব আৰু শিকাৰুসকলক কাব্যিক গতিবিধিৰ প্রতি আগ্রহান্বিত কৰি তুলিব। এই ক্ষেত্রত মন কৰিবলগীয়া কথাটো হৈছে, অনুভূতি প্রকাশৰ সময়ত যাতে বহুলভাবে ব্যৱহৃত শব্দই, অর্থৰ গুৰুত্ব অর্থাৎ ওজন হ্রাস কৰিব নোৱাৰে তাৰ প্রতি যত্নপৰ হ’ব লাগে। কবিতা সম্পর্কীয় লেখনিসমূহ নতুনকৈ চর্চা কৰাসকলে চকু দিব লাগে। হৃদয়ৰ তাগিদাতে কবিতা লিখা হয় যদিও কেৱল হৃদয়কে নিৰ্ভৰ কৰি নাথাকি কবিতাক মগজুৰ এক বিশেষ ধৰণৰ কচৰৎ হিচাপে ভাবিবলৈ নল’লে এনেবোৰ বিফলতা তেওঁলোকৰ চকুত নপৰিব।
আজিৰ কবিতা দুই ধৰণৰ। এবিধে হৃদয় চুই গুণগুনাই যোৱা আৰু আনবিধ হ’ল মগজুৰ দুৱাৰত টুকুৰিয়াই সোমাই অহা। এই পিছৰ বিধৰ কবিতাই জনমানসত দুর্বোধ্য হিচাপে পৰিগণিত হৈ আহিছে। ভাল কবিতাই ইচ্ছা কৰি দুর্বোধ্যতাৰ আশ্রয় নলয়, সময় সাপেক্ষে ই নিজে আহি পৰে। অর্থাৎ কবিতাত দুর্বোধ্যতা অপৰিহার্য অংগ। যেতিয়াই এজন পাঠকৰ চিন্তাৰ পৰিধি আৰু হৃদয়ৰ অনুভূতি প্রৱনতা কবিতাটোৰ বাবে উপযুক্ত ক্ষেত্র হৈ নুঠে তেওঁৱেই দুর্বোধ্যতাৰ উমান পায়। কাৰণ কবিয়ে লিখে বুদ্ধিমত্তাৰে আৰু পাঠকে অনুভৱ কৰিবলৈ বিচাৰে হৃদয়ৰে। কবিতাৰ দুর্বোধ্যতাৰ প্রশ্নটো সমগ্র বিশ্বৰে সাহিত্যপ্রেমীৰ প্রশ্ন।
৫/ কবিতাৰ সমালোচনা/পর্যালোচনা
সমালোচনা শব্দটোৰ অর্থ হ’ল লেখনি এটাৰ গুণাগুণ বিচাৰ কৰা বা লেখনি সম্পর্কে সিদ্ধান্ত গ্রহন কৰা। মূলতে সমালোচনাৰ উদ্দেশ্য হ’ল গ্রন্থ একোখন অধিক স্পষ্ট, অধিক উজ্জ্বল, অধিক আকর্ষণীয় কৰি তোলা। সূক্ষ্ম অন্তর্দৃষ্টি আৰু প্রখৰ পর্যৱেক্ষণ শক্তিৰে সমালোচনাই কেতিয়াবা সাধাৰণলোকৰ চকুত নপৰা একোটা সৌন্দর্যৰ উদঘাটন কৰি তুলিব পাৰে। সেইফালৰপৰা সমালোচকক আৱিস্কাৰক বুলিও ক’ব পাৰি। একোখন গ্রন্থ হৃদয়ঙ্গম কৰিবলৈ হ’লে লেখক আৰু পাঠকৰ মাজত এটা নিবিড় সম্পর্ক গঢ়ি উঠিব লাগে। কেতিয়াবা আকৌ এইক্ষেত্রত সমালোচনাই প্রাচীৰ হিচাপে ঠিয় হ’বগৈওপাৰে।
আকৌ সমালোচনা এটাকো কেতিয়াবা সমালোচনাৰে এনে জটিল কৰি পেলোৱা হয় যে পাঠক বিমোৰত পৰে। সেয়ে বর্তমান এই কথা ভবা হৈছে যে সমালোচনাই বিচাৰ হে কৰিব, মন্তব্য বা সিদ্ধান্ত দিয়া নহ’ব। কাৰণ, পৰিবর্তনশীল জগতত কোনো সিদ্ধান্তই স্থায়ী নহয় বা হ’ব নোৱাৰে। মানুহভেদে চিন্তাশক্তি, দৃষ্টিভংগী আৰু লগতে মতামতো বেলেগ হোৱাৰ বাবে একেটা বস্তুকে ভিন্নজনে ভিন্ন ধৰণে চাব পাৰে। সেইকাৰণেই সমালোচনাত মন্তব্য বা সিদ্ধান্ত দিয়াটো যুগুত নহয়।
পর্যালোচনা আৰু সমালোচনাৰ মাজত খুউব বেছি এটা পার্থক্য নাই। সমালোচনাৰ এটা বুজন অংশ হৈছে পর্যালোচনা। সেয়ে ক’ব পাৰি সমালোচনা হৈছে পর্যালোচনাৰ পাছৰ স্তৰ। এইখিনিতে এটা কথা স্পষ্ট কৈ মনত ৰাখিব পাৰিলে ভাল যে সমালোচনা নিজেই যিহেতু এটা স্বয়ং সম্পূর্ণ শিল্প, ই কবিতা এটাৰ পৰিপূৰক হিচাপে পৰিচিত নোহোৱাটোৱেই ভাল। কবিতাৰ অন্তর্নিহিত বক্তব্যৰ ওপৰিও বহু অকথিত আনুষাঙ্গিক অধ্যায় সমালোচকে আগবঢ়াব পাৰে। সমালোচক এজনে দুই ধৰণে নিজৰ কাম আগবঢ়াই নিব পাৰে। প্রথমতে, কবিতাটোৰ সম্পর্কত তেওঁ আগতীয়াকৈ এটা ধাৰণা বা বক্তব্য ৰাখি সন্মুখত কবিতাটো লৈ তাক আলোচনা কৰি যাব পাৰে। এইটোক ‘কেছ ষ্টাডি’ বুলিব পাৰি। নতুবা নিজৰ বক্তব্যৰ বিষয়ে আলোচকে প্রথমতেই নকৈ কবিতাৰ বিষয় বস্তু, তাৰ আংগিক, ব্যৱহৃত চিত্রকল্প, কবিতাৰ ইংগিতময়তা আদি গুণাগুণবোৰ বাখ্যা ডাঙি ধৰিব আৰু তাৰ মাজৰপৰাই কবিতাটো সম্পর্কে সমালোচকৰ মূল কথাখিনি উলিয়াই আনিব।এইখিনিতেই মনত ৰাখিব লাগিব যে মূল লেখকৰ লেখাটোক সফল সমালোচক এজনে পাছৰ প্রজন্মলৈ আগবঢ়াই দিবপৰা বিধৰ হ’ব লাগিব। যাতে কবিতাটোক পঢ়োতে প্রতিবাৰতেই নতুন নতুন উপলদ্ধি পাঠকৰ মনলৈ আহিব পাৰে।
![](https://i0.wp.com/rousanarabegum.in/wp-content/uploads/2023/08/image-4.png?resize=315%2C105&ssl=1)