টিপতে পিন্ধিলৈ নকল এখন মুখা, ঠিক আচলখন যেন ল’গা; ম’ৰা চৰাইৰ দৰে ভূবন ভোলোৱাকৈ এপাক নাচিবলৈ মন কৰি ওলাই আহিছিল এটা ঢোঁৰাকাউৰী! মৃগয়াৰ মতলীয়া বতাহজাকে যাক ভাকুটকুটাই আছিল, যাৰ জ্ঞান-বুদ্ধিৰ গভীৰতা দ-লৈ শিপাই পৰা নাছিল! ঠোঁট দুটা গজিছিল বুলিহে বিনিময় কৰিছিল কুশল বার্তা, হাঁহিৰে সম্ভাষণ জনাইছিল; চেৰেলা-চেপেতা হাতখনকে আগবঢ়াই কৰমর্দন কৰিছিল। উথপথপাই থকা সমাগমৰ মাজৰ…
Author: Rousanara Begum
ক’ত হেৰুৱাই থৈ আহিলোঁ (ডিচেম্বৰ, প্রকাশ, ২০১৯)
ক’ত হেৰুৱাই থৈ আহিলোঁ মোৰ গাঁঠিৰ ধন! আকালে-ভঁৰালে লুকুৱাই মুঠিতে ৰাখিছিলোঁ কত যতনে। হঠাতে ওলাই অহা কান্দোনটোৱে দায়ী! যাৰ বাবে জন্ম লগ্নতে পৰিচিত হৈছিলোঁ শব্দৰে, ঢিমিক-ঢামাককৈ উজলি থকা তেতিয়াৰ শব্দবোৰেই গঢ়-পিত লৈ নিজা পৰিচয়ৰে আহিছিল কাষ চাপি আৰু মোৰ সৈতে গঢ়ি তুলিছিল এক আত্মিক সম্পর্ক। ময়ো লালন কৰিছিলোঁ সিহঁতক, সন্তানৰ দৰে। সোণ-ৰূপ-মুকুতাৰে জুখিব নোৱাৰি সিহঁতৰ…
सहमर्मिता (अनुबादकः दिनकर कुमार)
चौराहे की नुक्कड़ पर एक चाय की दुकानकर्फ्यू की वज़ह से जो बंद थी। लंगड़ाकर चलने वाला एक बेसहारा बूढ़ादुकान का मालिक था। मुड़ी के साथ भूना हुआ सूखा चिउराऔर फीकी चाय की प्यालीभूखी रात के लिये जिसने चुपचाप बेचा था। चलना भी जो नहीं सीख पाईऐसी एक बेटी के साथसद्यः विधवा एक बहू, जलकर…
সঁচাৰ-কাঠি (প্রকাশ, মে’ সংখ্যা, ২০১৫)
বন্ধুসকল, আলোচনাৰ অন্তততোমালোকৰ কোনো প্রশ্ন আছে নেকি ?তেওঁলোক সৌভাগ্যবান,সঁচাৰ-কাঠি যিসকলে বিচাৰি পাইছে! যিসকলে এতিয়াও বৰপেৰাটোখুলিবলৈ সক্ষম হোৱা নাই,তেওঁলোক প্রকৃততে মকৰাৰ জালৰপৰাআজৰি হ’ব পৰা নাই। নিশ্চয়কৈ চলন কৌশল কেইবা প্রকাৰৰো! প্রত্যেকৰে বাবে যিটো নির্দিষ্ট হৈ থাকেতাকেহে আঁকোৱালি ল’ব লাগে।ময়ূৰৰ পেখম ধৰাসকল, অতি সোনকালেইকাউৰীত পৰিণত হ’বগৈ পাৰে । প্রকৃতপক্ষত তেওঁলোকহে একোজন দাবীদাৰযিসকল পুৱাৰ সূর্য আৰু গধূলিৰ জোনৰ…