পানী অনাৰ চলেৰে গাগৰিটোক সাৰথি কৰিখৰতকীয়া খোজেৰে নৈ লৈ বাট পোনাওঁতেচেঁচা পৰি আহিছিল হাত-ভৰি! চিনাকী গছবোৰৰ ক্রমান্বয়ে দীঘল হৈ অহা ছাঁবোৰেঅচিনাকীৰ দৰে বাট-পথ আগচি ধৰিছিলহি,জয়াল হাবিখনে নে অথাই সাগৰ যেন সিদিনাৰ নৈখনেসপ্ত চেতনাৰ শিখৰত দবা কোবাইছিল! শুনো কি নুশুনোকৈ ৰৈ থকা সুহুৰি এটাক’ৰবাৰপৰা কাষচাপি আহিছিল।বিজয়ীৰ গৌৰৱেৰে নে কাৰুণ্যতাৰ আটাহেৰে তভক মাৰিকিছুপৰলৈ ৰৈ গৈছিলোঁ নিজৰ মাজতে।…
Category: Poems
এটা পলিথিনৰ পেকেট আৰু আত্মহনন (প্রান্তিক, ১৬-৩১ মার্চ, ২০২২)
Flying or Falling is a painting by Hannah Bailey which was uploaded on November 1st, 2012. সেই দিনবোৰত নিজাকৈ মন এটা থকাৰ কথা,দেখিলে ধৰিব নোৱৰা পলিথিনৰ পেকেট এটা, হঠাতে গ’ল উৰি;দৌৰি আছিল কাষতে পখিলা খেদি ফুৰা অকণমানি এজনী। চিলাৰ দৰে আকাশত উৰি ফুৰিবলৈ বিচৰাটো,পেকেটটোৰ বাবে হ’ব পাৰে এটা নফলিওৱা সপোন।পিছে, ওপজোঁতে পাখি গজাৰ দিহা লগতলৈ নহা…
গভীৰ হৈ আহিলেই প্রহৰ (সাতসৰী, মে’, ২০১৮)
গভীৰ হৈ আহিলেই প্রহৰ, নিচুক সপোন এটিয়ে হেচুকি ধৰেহি ভাৱনাৰ হেন্দোলনি! ছাঁ-পোহৰৰ ফাঁকে ফাঁকে, তুষাৰ ৰাগীৰে কাষ চাপি আহে নৈখন, চকুৱে-মুখে পানী ছটিয়াই হাঁহে। মায়াৰে আৱৰা এই ছায়াছবি চাই চাই আপোন পাহৰা হৈ ৰওঁ, তাল-ফাল লগোৱা সমস্ত সিন্ধুৰ কালসন্ধ্যাৰ নৃত্য পাহৰি মত্ত হৈ উঠো অলীক জোনাকত! মোহৰ জাল ফালি দিঠকলৈ উভতি আঁজৰি হওঁ বুলিলেও জানো…
উৰি ফুৰিছিল অকলশৰে (সাতসৰী, আগষ্ট, ২০২০)
উৰি ফুৰিছিল অকলশৰে, লাহী পাখিৰ পখিলাটোৱে নির্ভয়ে; ফুল দেখিলেই থমকি ৰৈছিল এপলক। পাখি দুখন কঁটালি যেতিয়া ঢৌ তুলিছিল বতাহত ৰেণুবোৰ সিচঁৰতি হৈ পৰিছিল পলকত আৰু এই ৰোৱাতলীৰ প্রতিটোপাল জলকণাৰে জীপ লৈছিলোঁ মই নিৰৱে। মাৰি-মৰকৰ এই উতপ্ত ভূখণ্ডত নেদেখিলে মৰিচীকা আহে জানো কাষ চাপি পলৰীয়া জীৱন! সেই যে কুঁৱলীয়ে ঢাকি পেলাইছিল চৌকাষ, এপদ-দুপদকৈ হেৰুৱাই হেৰুৱাই দেখা…