নি:সঙ্গ দুপৰীয়াটো উজলি উঠিছিল চকুৰ দাপোনত সুদীর্ঘ দুপৰৰ নিজম ছাঁ চাই চাই কিমান দিনলৈ কঢ়িয়াই ফুৰিবা মেঘমেদুৰ আকাশৰ সোঁৱৰণ ? আবেলিৰ অস্তিত্বক জানো নুই কৰিব পাৰি! ইও জানো বিলাই দিয়া নাই নির্মেঘ হেঙুল-হালধীয়া আবিৰ। আকৌ ভাবো, সূৰুযৰ হেঁপাহক জানো বাধা দিব পাৰি ? যি লুকা-ভাকু খেলিবলৈকে নিতৌ পানীত বুৰি চৌদিশ উজলায়! কুঁৱলী যিমানেই ঘন নহওঁক,…
Category: Poems
ফাগুনৰ তিনিটা স্নেপ (প্রান্তিক, ১-১৫ ফেব্রুৱাৰি, ২০২০)
১ লেৰেলা-চেপেটা শুকান পথাৰখনত, টিকা-টিঙনাৰ দপদপনি! ৰহাৰ ৰহদৈ, টিপামৰ ভাদৈ মিতিৰ খাবলৈ যায়, আহে; মেখেলাৰ পাতলি চিঙি আনে। ২ ফুৰফুৰীয়াকৈ উৰি অহা গোন্ধ এটা গছে-বনে, ঘাটে-হাটে বাহৰ পাতি নিগাজিকৈ বহিবলৈ লৈছে; পুলি-পোখাৰে এপাল গিজগিজাই ৰৌজাল-বৌজালকৈ গোটেইখন ঘূর্মুটিয়াই ফুৰিছে! বুকুৰ কুটুম বুলি চকুৱে-নাকে-মুখে সোমাই কৌটিকলীয়া ধূলি ধূলি সোৱাদ দিছেহি ঢালি। ৩ এই মৰতৰ সৌন্দর্য বিলাসৰ একমাত্র…
তুমি আহিলা অৱশেষত(প্রান্তিক, ১৬-৩১ আগষ্ট, ২০১৪)
তুমি আহিবা! তেনে কোনো গভীৰ বিশ্বাস নাছিল মোৰ কোনো দিনে, কিন্তু, তুমি আহিলা অৱশেষত। হেৰাই যাবই লাগিব সকলোৱে এদিন! সৌৰভ যেনেকৈ হেৰাই যায় বতাহৰ কোনো এক অজান মুলুকত যিমানেই চেষ্টা নকৰক, নোৱাৰে ভালপোৱাই আৱৰি ৰাখিব কাকো চিৰদিন চিৰকাল। আমি প্রত্যেকেই যেন ক্রমাৎ নিশ্ছিন্ন হৈ যোৱাৰ বাবে অপেক্ষাৰত একো একোটি বিন্দু মাত্র! জাগতিক মধ্যাকর্ষণৰ সীমা পাৰ…
জুই (প্রান্তিক, ১৬-২৮ ফেব্রুৱাৰি,২০১৪)
জুই, এটা প্রাচীন শব্দ এটা প্রয়োজন, শিলত শিল ঘঁহোঁতে হোৱা এটা পুৰাতন বিশ্বাস। জুই, এটা অহৈতুকী ভয় এটা সাৱধানতা, নৈষ্ঠিকতাৰে আঁকোৱালি লোৱা এটা পৰম্পৰা। মনত নপৰে, ঠিক কেতিয়াৰেপৰা চিনিবলৈ লৈছিলোঁ জুইক ! আইতাৰ চোতালত জমি উঠা শীতৰ জাৰ পোৰা মেলত নে চাকিৰ শিখাত আকৃষ্ট হৈ অবুজ বয়সত পুৰোঁতে মোৰ হাত আজিও পাহৰিব পৰা নাই আখলৰ…