বহুত দিনৰ আগৰ কথা। এখন গাঁৱত এজন খেতিয়ক আছিল। নাম আছিল ৰংমন। ৰংমন এজন সৎ, সাহসী আৰু কর্মঠ খেতিয়ক আছিল। দিনৰ দিনটো পথাৰত হাল-কোৰ বাই, না না বিধৰ খেতি কৰি তেওঁ কষ্ট কৰিছিল আৰু তাৰ পৰা হোৱা উপার্জনৰে অকনো অসুবিধা নোহোৱাকৈ নিজৰ পৰিয়ালৰ ভৰণ-পোষণ দিব পাৰিছিল। লগতে গাঁৱৰ দুখীয়া-নিছলা মানুহকো বৰ মৰম কৰিছিল। ঠিক সেইদৰে,…
Category: Short Stories
বিনু আৰু মেকুৰী পোৱালি (অকণিৰ অগ্রদূত, নৱেম্বৰ, ২০০৯)
এখন গাঁৱত এহাল মানুহৰ বিনু নামৰ এজনী ছোৱালী আছিল। মাক-দেউতাকৰ একমাত্র সন্তান বিনু মাকৰ চকুৰ মণি আৰু দেউতাকৰ বাবে কণাৰ লাখুটি আছিল। এইবাৰ বিনুৱে প্রাইমাৰী স্কুলৰ বৃত্তি পৰীক্ষা দিব। পিছে, পুৱা-গধূলি নিজৰ ফলি-পুথি হাতত নলৈ তাই সিহঁতৰ ঘৰৰ গৰু-ছাগলী, হাঁহ-পাৰকেইটাৰ পাছত দৌৰি ঢপলিয়াই থাকিয়েই সময় কটাইছিল। এই কথালৈ মাক-দেউতাকে আপত্তি কৰিলেও বিনুৱে নিজৰ স্বভাৱৰ পৰিবর্তন…