এজন কবিয়ে কৈছিল, ‘অন্তৰৰ সৌম্যভাবহে কবিতা’। এই সত্যক স্বীকাৰ কৰিও এষাৰ কথা ক’ব লাগিব যে পৃথিৱীৰ বিভিন্ন ঘটনাৱলীৰ লগে লগে কবিতায়ো তাৰ চৰিত্র সলাইছে। এনে এক পৰিৱর্তিত পৰিস্থিতিত কবিতাই সকলো সময়তে কোনো সংজ্ঞা মানি নচলে। চলিব নোৱাৰে। পৰিস্থিতি, পৰিবেশ অনুযায়ী ঘটনাই কবিৰ সামাজিক স্থিতিত যথেষ্ট প্রভাৱ পেলায়। কবিতা একোটায়ো ৰূপ লয় তেনেদৰেই। আজিৰ দিনত বিশেষকৈ…
Category: Testimonials
“ৰামধেনু বৰণীয়া সুধা” সম্পর্কে ইছমাইল হোছেইনৰ দুআষাৰ
ৰৌচন আৰা বেগমৰ কবিতাৰ মূল নিহিত হৈ আছে অনুভূতিৰ গাঢ়তাৰ মাজত। এই অনুভূতি জাগিছে কবিৰ ব্যক্তিগত আৰু সমাজ-জীৱনৰ অভিজ্ঞতাৰপৰা। সেয়ে কবিয়ে কেইবাটাও কবিতাত এই অনুভূতিৰ কথা প্রকাশ কৰিবলৈ যাওঁতে নষ্টালজিক হৈ পৰিছে। উদাহৰণ স্বৰূপে ‘শৈশৱ’ কবিতাটিৰ কথাকে ক’ব পাৰি। কবিতাটিত কবিয়ে এৰি অহা শৈশৱ বিচাৰি যাওঁতে অনুভূতিৰ যি অনুৰণন তুলিছে সি শলাগীবলগীয়া। প্রতীকী অর্থত লিখা…