১ সৰিপৰা পকা গছ-পাতৰ দৰেইবতাহজাকতনিয়ৰৰ ফুলবোৰ উৰিছে ২ কেৱল এটা শুভবার্তাঅনুনাদী ৰৌদ্রজ্জ্বল আন্তৰিকতাআৰু একো নাই ! ৩ তৰাৰ চাকিবোৰ নুমাৱাইপুৱতিৰ শেতেলীতকুৱঁলিৰ নিহালিখন টানিজোনটো শুই পৰে ৪তোমাৰ অপেক্ষাতে ফুলিছিল ফুল,বৈ আছিল সুগন্ধি।এতিয়া শীর্ণ নদীৰ বুকুত সোঁতৰ ফুলশুকাই শেঁতা পৰি ৰৈছে। ৫ এনেকৈ আৰু কিমান দূৰলৈ আগবাঢ়ি যাবা !এন্ধাৰৰ শূলে বিন্ধিছে দেহাখোজে প্রতি একোটাহত শৱদেহৰ টিলা। (সম্ভাৰ,…
গৈ আছিলো অকলশৰে (গৰীয়সী, জানুৱাৰী, ২০২০)
গৈ আছিলো অকলশৰে অচিনাকী বাটচ’ৰা এটাৰে, যেন আকাংক্ষাৰ সোণালী সমুখ! হওক যুগমীয়া বুলিয়েই এই আৰম্ভণি দিছিলোঁ খোজ। হঠাতে আহি পৰিল সৰি শুকুলা সুগন্ধি ফুল এপাহি, সুৱাসে কৰিবহি মতলীয়া বুলি দুহাতৰে ল’লোঁ আজলি পাতি। কেনেকৈ যে শিপাই আহিল এসোঁতা গৰল হাতলৈ! কাঁইটৰ আঁচোৰত শৰীৰ হ’লগৈ তেনেই থকাসৰকা। অবাঞ্ছিত এই কাল ধুমুহাজাক শাম নকটালৈকে বাঢ়ি আছিল কলকলকৈ…
কেনেকৈ কি হৈছিল (গৰীয়সী, জানুৱাৰি, ২০১৮)
কেনেকৈ কি হৈছিল একোৱেই বুজা নাছিলোঁ! সামৰি থৈ হাবিয়াসৰ জপা বৃষ্টিকাতৰ নৈখনত এৰি দিছিলোঁ জীয়নীয়া মাছকেইটা আৰু শিল হৈ পৰিছিলোঁ! সাঁচতীয়া পেৰা এনেকৈ মেলি ধৰা দুজন পাবলৈ টান! ক্ষোভত ওন্দোলি উঠিছিল আকাশ লোতক নিগৰি পৰিছিল বুকু ভৰি আৰু বৈ গৈছিল নিছিগা ধাৰেৰে অভিমানী শিলৰ ওপৰেৰে। এই এচলু পিয়াহতে কত দিনেই যে খন্দা নাছিলো মাটি! ক’ৰপৰানো…
তোমাৰ পথাৰৰ কপাহ-কোমল (গৰীয়সী, নৱেম্বৰ, ২০১৮)
তোমাৰ পথাৰৰ কপাহ-কোমল শইচৰ চানেকি জুকিয়াই লৈ সিঁচো বুলি নিজাকৈ এডৰা সুগন্ধি, ভাবি থাকোঁতেই কেনিনো পাৰ হ’ল বেলি! আধিলৈ লোৱা ছনপৰা দুপুৰা মাটি। শিল ভাঙি, বাট কাটি, গছ-বন নিৰাই, ঢিপবোৰ হুৰাই খেতিয়কৰ বাসনাৰে হাল-কোৰ জুৰি, দিনকাল হওকেই ফৰকাল নতুবা আকাশ ওন্দোলা ৰ’দৰেই আকাল! বিৰিয়া আৰু কাঁচিখনেৰে দেখিবও পাৰা এই নি:কিনক আলি-দোমোজাত ৰৈ থকা। আকালেহে জানে…