–১–
গছজোপাত এহাল কপৌ, খুদ বিচাৰি এতিয়া
সিহঁত চাৰিওটা ক’ৰবালৈ উৰি গ’ল!
–২–
উৰি যোৱা চৰাই নীড় মুখী
উৰি অহা মানেই খুদ বিচাৰি।
–৩–
ঘূৰি আহক সুদিন, ঘূৰি আহক জোনাক ৰাতি;
জোন গলি গলি প্রতিভাত হওক বেলি।
–৪–
মোৰ বুকুৰ পুখুৰীটোত পুঠি-দৰিকণা চৰে,
আনৰ ছাঁটোকে নিজৰ বুলি যেতিয়া সাৱতি ধৰে।
–৫–
কাইলৈ বা কোন কেনেকৈ হ’বগৈ বাতৰি!
ক’লৈ বা যাবগৈ চিৰদিনলৈ আতৰি।
–৬–
গোটেইখন মৰুভূমি হ’বগৈ বুলি
ভাবিবইপৰা নাছিলোঁ!
এনেকৈয়ে দৃষ্টিহীনৰ দৰে খেপিয়াই সকলোৱে
পিয়াহৰ এটুপি পানী।
যোৱাকেইবছৰ ৰিণি ৰিণি
ক’ৰপৰা বাজিছিল সেউজৰ স্বৰলিপি
গীতৰ ৰাগীত মজি থাকোতে
ভবাই নাছিলোঁ কেনেকৈ যাম আজিৰ
এই খৰাঙত আগবাঢ়ি!
অনাগত দিনবোৰ যে তেনেই ছুটী
মৰুময় ভাৱনাৰ হওক ইয়াতেই যতি।
–৭–
অৱশেষত ছটফটনিবোৰ মাৰ গ’ল!
বেলি পৰিলত, লহৰে লহৰে ঢৌবোৰ উৰিল।
কলহৰ কাণেৰে ঢলা বৰষুণজাকত
থাউনি নোপোৱা
পুঠি-চেলেকণাকেইটাৰ পাখি গজিল!
![](https://i0.wp.com/rousanarabegum.in/wp-content/uploads/2023/07/Rousanara-300x300-1.png?resize=300%2C300&ssl=1)
ড: ৰৌচন আৰা বেগম