ব্যস্ত ৰাজপথৰ নির্জনত নিদ্রামগ্ন
এটি অসূর্যস্পর্শা ছায়া
যাৰ নিৰাভৰণ উৰু আৰু পিঙ্গল উন্মুক্ততা ভেদি প্লাবিত
ক্ষুৰধাৰ নিষ্ঠুৰ লোলুপতা !
কি নিকৰুণ ভাবে সত্য, মানৱ সৃষ্ট ছিন্ন-ভিন্ন
আৰক্ত মাংস মজ্জাৰে বর্ণিল এই নৱৰূপ !
পাৰ হৈ যোৱাজনে ৰৈ ৰৈ চালে
কুঞ্চিত মানৱতা সাৱটি উচুপি উঠিলে
কি নির্লজ ভাবে সত্য ঢাকিব বিচাৰে পৃথিৱীবাসীয়ে
নাকত ৰুমাল লৈ দুগন্ধ নাশে
নাভিমূলৰপৰা জন্ম হোৱা পুলিটোৱেও আনকি সময়ত
শিপাক ছাঁ দিবলৈ নেজানে!
উচ্ছল জলচুমাৰে ঢৌৱাই নিয়া
হে দেৱী কপালকুণ্ডলা
অজীর্ণ অশুভ যত অজড় আৱর্জনা
মুৰ ডাঙি উঠক
শতজনা দশভূজাৰ চেতনা
নির্মূল হওঁক ! নির্মূল হওঁক !
উশৃংখল ভ্রষ্ট পথিকৰ কুন্ধচ কল্পনা পুষ্ট
লজ্জানত ভয়ার্ত প্রতিগৰাকী দীর্ঘকেশীৰ পদদলিত
ছায়া-প্রছায়া স্পষ্ট
![](https://i0.wp.com/rousanarabegum.in/wp-content/uploads/2023/08/image-3.png?resize=315%2C105&ssl=1)
মৰমৰ বিনুবাই , কবিতা এটা প্ৰাণ পাই উঠা শব্দবোৰে গতি কৰি থাকক। শব্দৰ বৰ্ণময় যাত্ৰাৰ প্ৰত্যক্ষদৰ্শী হওঁ। আৰু লিখি যা। লিখিয়েই যা।
অলেখ ধন্যবাদ থাকিল। আগলৈ পুনৰ তোৰপৰা কমেন্ট পাই থাকিম দেই মিনু।