–১–গছজোপাত এহাল কপৌ, খুদ বিচাৰি এতিয়াসিহঁত চাৰিওটা ক’ৰবালৈ উৰি গ’ল!–২–উৰি যোৱা চৰাই নীড় মুখীউৰি অহা মানেই খুদ বিচাৰি।–৩–ঘূৰি আহক সুদিন, ঘূৰি আহক জোনাক ৰাতি;জোন গলি গলি প্রতিভাত হওক বেলি।–৪–মোৰ বুকুৰ পুখুৰীটোত পুঠি-দৰিকণা চৰে,আনৰ ছাঁটোকে নিজৰ বুলি যেতিয়া সাৱতি ধৰে।–৫–কাইলৈ বা কোন কেনেকৈ হ’বগৈ বাতৰি!ক’লৈ বা যাবগৈ চিৰদিনলৈ আতৰি।–৬–গোটেইখন মৰুভূমি হ’বগৈ বুলিভাবিবইপৰা নাছিলোঁ! এনেকৈয়ে দৃষ্টিহীনৰ দৰে…