নিদানত যেতিয়া বাঢ়ি আহে চিনাকী ঋতুৰআকাংক্ষিত আঙুলীবোৰ তোমাৰ সঁহাৰি বুলি উচপখাই উঠো মই। কাৰোবাক বিচাৰি কোনোবাআহে নে নাহে,নেদেখো।কোনোবাই কাৰোবাক চিঞৰি মাতেনে নামাতে,নাজানো ! হু-হুৱাই বতাহ কোবাই কোনোবা এজনখৰখেদাকৈ আতৰি যায়! এতিয়া যে ধূসৰ বৰণীয়া চকুৰ মণি।এতিয়া যে নুশুনিও শুনি সেই মাতষাৰি!
Category: Poems
অসাংগিতীক (প্রিয় সখী, ২০১৫)
ব্যস্ত ৰাজপথৰ নির্জনত নিদ্রামগ্নএটি অসূর্যস্পর্শা ছায়াযাৰ নিৰাভৰণ উৰু আৰু পিঙ্গল উন্মুক্ততা ভেদি প্লাবিতক্ষুৰধাৰ নিষ্ঠুৰ লোলুপতা ! কি নিকৰুণ ভাবে সত্য, মানৱ সৃষ্ট ছিন্ন-ভিন্নআৰক্ত মাংস মজ্জাৰে বর্ণিল এই নৱৰূপ ! পাৰ হৈ যোৱাজনে ৰৈ ৰৈ চালেকুঞ্চিত মানৱতা সাৱটি উচুপি উঠিলে কি নির্লজ ভাবে সত্য ঢাকিব বিচাৰে পৃথিৱীবাসীয়েনাকত ৰুমাল লৈ দুগন্ধ নাশেনাভিমূলৰপৰা জন্ম হোৱা পুলিটোৱেও আনকি সময়তশিপাক…
দেশান্তৰিত মানুহ এজাকৰ সাধু (নতুন পদাতিক, জুন, ২০১৯)
জুই, ছাই, গলিত লাভাৰে অহা ভুইঁকপ দেখি নিমিষতে হাবি-বননি ভাঙি পলাইছিল মানুহজাক! গাজনি, ঢেৰেকণিবোৰ চৌকাষে আহি পৰা দেখি উপচি, তৎ হেৰুৱাই যিয়ে যেনেকৈ পাৰে নৈত জঁপিয়াইছিল। প্রতিটো জোকাৰণিত অস্থিৰ হৈ উঠা নৈখনৰ বুকুৰে ঠেৰুছিগা জীৱনৰ পমখেদি গৈ আছিল কোন অজানলৈ বা পলাই আতৰি। ক’তেই বা আছিল কাৰ কোন সহোদৰ, আহিব লৱৰি, নিবহি হাঁহি মুখে আদৰি!…
বতাহে কৈ যোৱা এটি সাধু
১দোপালপিটাকৈ অহা জাকে হানি-খুচি থৈ যোৱা দোকমোকালিটো দাউদাউকৈ জ্বলি আছিল! ধাৰাসাৰ বর্ষণত থকা-সৰকা হৈ ঢলিপৰা নিৰীহ মানুহখিনিলৈ চাই হায়ৈ-বিয়ৈকৈ গগনফলা কেইজনো ফৰিং ছিটিকা দি নৈখনত জঁপিয়াই পৰিছিল! ধোঁৱা-ছাইৰ মাজত তিনিমুৰীয়া এটাই মূৰ আফালি ফুৰিছিল। শিয়াল-কুকুৰৰ দৰে মঙহ চুহি খোৱাৰ উদ্দেশ্যৰে বৰটোপৰ ভয় দেখুৱাই, পাটগাভৰু এজনীক ডাংকোলাকৈ হাবিৰ ফাললৈ নিওতে চোপ লৈ থকা আন চাৰিটা ৰাংকুকুৰেও…