ৰৌচন আৰা বেগমৰ কবিতাৰ মূল নিহিত হৈ আছে অনুভূতিৰ গাঢ়তাৰ মাজত। এই অনুভূতি জাগিছে কবিৰ ব্যক্তিগত আৰু সমাজ-জীৱনৰ অভিজ্ঞতাৰপৰা। সেয়ে কবিয়ে কেইবাটাও কবিতাত এই অনুভূতিৰ কথা প্রকাশ কৰিবলৈ যাওঁতে নষ্টালজিক হৈ পৰিছে। উদাহৰণ স্বৰূপে ‘শৈশৱ’ কবিতাটিৰ কথাকে ক’ব পাৰি। কবিতাটিত কবিয়ে এৰি অহা শৈশৱ বিচাৰি যাওঁতে অনুভূতিৰ যি অনুৰণন তুলিছে সি শলাগীবলগীয়া। প্রতীকী অর্থত লিখা…
ৰূপান্তৰৰ বর্ণমালা
–১–গছজোপাত এহাল কপৌ, খুদ বিচাৰি এতিয়াসিহঁত চাৰিওটা ক’ৰবালৈ উৰি গ’ল!–২–উৰি যোৱা চৰাই নীড় মুখীউৰি অহা মানেই খুদ বিচাৰি।–৩–ঘূৰি আহক সুদিন, ঘূৰি আহক জোনাক ৰাতি;জোন গলি গলি প্রতিভাত হওক বেলি।–৪–মোৰ বুকুৰ পুখুৰীটোত পুঠি-দৰিকণা চৰে,আনৰ ছাঁটোকে নিজৰ বুলি যেতিয়া সাৱতি ধৰে।–৫–কাইলৈ বা কোন কেনেকৈ হ’বগৈ বাতৰি!ক’লৈ বা যাবগৈ চিৰদিনলৈ আতৰি।–৬–গোটেইখন মৰুভূমি হ’বগৈ বুলিভাবিবইপৰা নাছিলোঁ! এনেকৈয়ে দৃষ্টিহীনৰ দৰে…